ETV Bharat / city

কীর্তিচক্ৰৰে সন্মানিত শ্বহীদ লােহিত সােণােৱালৰ স্মৃতিত বিদ্যালয়ৰ নামাকৰণ

কাহিলিপাৰা লক্ষ্মী প্রাথমিক বিদ্যালয়ক “শ্বহীদ লােহিত সােণােৱাল সােঁৱৰণী প্রাথমিক বিদ্যালয়” নামেৰে নতুনকৈ নামাকৰণ । আলফাৰ বিৰুদ্ধে এক দুঃসাহসিক অভিযানত অংশ লৈ শ্বহীদ হৈছিল লোহিত সোণোৱাল ।

author img

By

Published : Oct 21, 2021, 10:30 PM IST

Kirti Chakra
কীর্তিচক্ৰৰে সন্মানিত শ্বহীদ লােহিত সােণােৱালৰ স্মৃতিত বিদ্যালয়ৰ নামাকৰণ

গুৱাহাটী, ২১ অক্টোবৰ : কীর্তিচক্ৰৰে সন্মানিত বীৰ শ্বহীদ লােহিত সােণােৱালৰ পৱিত্ৰ স্মৃতিত গুৱাহাটীৰ কাহিলিপাৰা লক্ষ্মী প্রাথমিক বিদ্যালয়খন “শ্বহীদ লােহিত সােণােৱাল সােঁৱৰণী প্রাথমিক বিদ্যালয়” নামেৰে নতুনকৈ নামাকৰণ কৰা হয় । শ্বহীদ স্মৃতি দিৱসৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে অসমৰ মুখ্য সচিব জিষ্ণু বৰুৱা আৰু আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই অনুষ্ঠানিকভাৱে বিদ্যালয়খনৰ এই নতুন নামাকৰণ কৰে ।

এই উপলক্ষে আয়ােজিত এক অনুষ্ঠানত ভাষণ দি মুখ্য সচিব জিষ্ণু বৰুৱাই বীৰ শ্বহীদ লােহিত সােণােৱালৰ কর্তব্য নিষ্ঠা আৰু দেশপ্রেমক শ্ৰদ্ধাৰে স্মৰণ কৰি শ্বহীদগৰাকীৰ নাম যুগমীয়া কৰাৰ উদ্দেশ্য অসম আৰক্ষীয়ে গ্রহণ কৰা এই পদক্ষেপৰ শলাগ লয় । ভাষণ প্রসংগত মুখ্য সচিবগৰাকীয়ে কয় যে, সামৰিক বাহিনী আৰু কেন্দ্রীয় সশস্ত্র আৰক্ষী বাহিনীত কৰ্মৰত অসমৰ বিষয়া-জোৱানে দেশৰ যিকোনাে প্ৰান্তত সন্ত্রাসবাদবিৰােধী অভিযান, নক্সাল বিৰােধী অভিযান নাইবা দুর্যোগকালীন পৰিস্থিতিৰ মােকাবিলা কৰি তথা ৰাষ্ট্রৰ শত্ৰুৰ বিৰুদ্ধে অভিযান চলাই শ্বহীদ হ'লে তেওঁলােকৰ নিকটাত্মীয়ক ৰাজ্য চৰকাৰৰ তৰফৰ এককালীন সাহায্য আগবঢ়োৱাৰ সিদ্ধান্ত লােৱা হৈছে ।

Kirti Chakra
আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত

এই সাহায্যৰ পৰিমাণ হ’ল ৫০ লাখ টকা । সেইদৰে একে পৰিমাণৰ সাহায্য অসম আৰক্ষীৰ লগতে গৃহৰক্ষী আৰু গাঁওৰক্ষী বাহিনীৰ শ্বহীদ স্বেচ্ছাসেৱকৰ নিকটাত্মীয়লৈও আগবঢ়োৱা হ'ব বুলি মুখ্য সচিবগৰাকীয়ে ব্যক্ত কৰে । অনুষ্ঠানত ভাষণ প্রদান কৰি আৰক্ষী সঞ্চালক প্রধান ভাস্কৰ জ্যোতি মহন্তই শ্বহীদ লােহিত সােণােৱালৰ কর্মদক্ষতা, সাহস আৰু তেওঁৰ চৰম ত্যাগক শ্ৰদ্ধাৰে সুঁৱৰি কয় যে, শ্বহীদ গৰাকীৰ এই ত্যাগে অসম আৰক্ষীৰ প্ৰতিগৰাকী লােকক অনুপ্রাণিত কৰি আহিছে ।

Kirti Chakra
অসমৰ মুখ্য সচিব জিষ্ণু বৰুৱা

সঞ্চালক প্ৰধান মহন্তই বিগত দিনবােৰত সন্ত্রাসবাদীৰ আক্ৰমণত ঘূণীয়া হােৱা অসম আৰক্ষীত কৰ্মৰত লােকসকলৰ স্বাৰ্থত শীঘ্ৰেই কেতবােৰ পদক্ষেপ লােৱা হ'ব বুলি সদৰি কৰে । গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্ৰধান সচিব নীৰজ বামা উপস্থিত থকা অনুষ্ঠানটোত প্রশিক্ষণ আৰু সশস্ত্র শাখাৰ বিশেষ আৰক্ষী সঞ্চালক প্রধান ড° এল আৰ বিষ্ণৈয়ে বক্তব্য আগবঢ়ায় । অনুষ্ঠানটোত উপস্থিত থাকি শ্বহীদগৰাকীৰ পত্নী প্রতিভা সােণােৱালে তেওঁৰ মনৰ অনুভৱ ব্যক্ত কৰে ।

অনুষ্ঠানৰ অন্তত বিদ্যালয়খনৰ চৌহদত এক বৃক্ষৰােপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । মুখ্য সচিব জিষ্ণু বৰুৱা, আৰক্ষী সঞ্চালক প্রধান ভাস্কৰ জ্যোতি মহন্ত, গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্ৰধান সচিব নীৰজ বার্মা, বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান ড°এল আৰ বিষ্ণৈ আৰু চতুর্থ অসম আৰক্ষী বাহিনীৰ অধিনায়ক ইন্দ্রানী বৰুৱাই একোটিকৈ গছপুলি ৰােপণ কৰে ।
উল্লেখ্য যে ২০১৩ চনৰ ১৯ এপ্রিলত তিনিচুকীয়া জিলাৰ বাঘজান আৰক্ষী থানাৰ অন্তর্গত ১ নং কর্দৈগুৰি থানাত সােণােৱালে আলফাৰ বিৰুদ্ধে এক দুঃসাহসিক অভিযানত অংশ লৈছিল আৰু এই অভিযানত আলফাৰ গুলীত গুলীবিদ্ধ হৈ তেওঁ মৃত্যুক সাৱটি লৈছিল ।

লগতে পঢ়ক : নিৰ্বাচনী সভাত পুনৰ মাইক্ৰফাইনেন্সৰ ঋণ ৰেহাইৰ প্ৰসংগ মুখ্যমন্ত্ৰীৰ মুখত !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.