ETV Bharat / city

শাসক দলৰ বিৰুদ্ধে সোমবাৰে ৰাজ্যজুৰি উত্তাল প্ৰতিবাদ

author img

By

Published : Nov 25, 2019, 11:26 PM IST

কি কেন্দ্ৰীয় চৰকাৰ,কি ৰাজ্য চৰকাৰ-শাসক দলৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদকাৰীৰ বিক্ষোভ প্ৰদৰ্শন ৷ গুৱাহাটী আৰু টীয়কত উদ্যোগ বচাওক,শ্ৰমিক বচাওক যৌথ সংগ্ৰাম সমিতিৰ কৰ্মকৰ্তাৰ প্ৰতিবাদ ৷ বাক্মা জিলাৰ গোৰেশ্বৰ আৰু তামুলপুৰত সদৌ অসম ছাত্ৰ সন্থাৰ দুঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ লগতে অংগনবাদী কৰ্মী সহায়িকাৰো উত্তাল প্ৰতিবাদ ৷ হাইলাকান্দিত বিদ্যালয় পৰিদৰ্শকৰ বিৰুদ্ধে আন্দোলনত বহিল শিক্ষক ৷ গোলাঘাটত আসাম ষ্টেট পাৱাৰ ৱ'ৰ্কাৰ্চ ইউনিয়নৰ গোলাঘাট সংমণ্ডলৰ চৌহদত ২ ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৷ তামলপুৰ,বঙাইগাৱতো প্ৰতিবাদৰ জোৱাৰ ৷ ডিমা হাছাও জিলাতো নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বাতিল ইত্যাদি বিষয়ক লৈ বিক্ষোভ প্ৰদর্শন ডিমাছা অ'মেন চছাইটিৰ ৷

শাসক দলৰ বিৰুদ্ধে আজি ৰাজ্যজুৰি উত্তাল প্ৰতিবাদ

নিউজ ডেস্ক, 25 নৱেম্বৰ: সোমবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কেইবাটাও বিষয়কলৈ উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৷ কি কেন্দ্ৰীয় চৰকাৰ, কি ৰাজ্য চৰকাৰ- শাসক দলৰ বিৰুদ্ধে প্ৰতিবাদকাৰীৰ বিক্ষোভ প্ৰদৰ্শন ৷ ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী, বাক্সা, ৰঙিয়া, হাইলাকান্দি, গোলাঘাট, তামুলপুৰ, বঙাইগাঁও, টীয়ক, ডিমা হাছাওত ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৷

গুৱাহাটী: কেন্দ্ৰৰ বিজেপি চৰকাৰে ৰাজহুৱা খণ্ডৰ উদ্যোগ সমূহ এটা এটাকৈ ব্যক্তিগতকৰণ কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰোধিতাৰে আজি গুৱাহাটীত বিক্ষোভ প্ৰদৰ্শন কৰে উদ্যোগ বচাওক, শ্ৰমিক বচাও যৌথ সংগ্ৰাম সমিতিৰ কৰ্মকৰ্তাই ৷ গুৱাহাটী ক্লাৱত চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল কৰি তোলে পৰিৱেশ ৷ জাতি,মাটি,ভেটি ৰক্ষা কৰাৰ আশ্বাস প্ৰদান কৰি শাসনলৈ অহা ৰাজ্যৰ সোণোৱাল চৰকাৰকো প্ৰতিবাদকাৰী সকলে তীব্ৰ সমালোচনা কৰে। এডভান্টেজ অসম পাতি লক্ষাধিক কোটি টকা বিনিয়োগেৰে ৰাজ্যখন চহকী ঔদ্যোগিক ৰাজ্য হিচাপে গঢ় দিয়াৰ কথা কোৱা সোণোৱাল চৰকাৰখনৰ পৰা ৰাইজে আশা কৰিছিল যে অসমৰ উদ্যোগ-প্ৰতিষ্ঠান, শ্ৰমিক-কৰ্মচাৰী, নিবনুৱা যুৱক-যুৱতীৰ স্বাৰ্থ সুৰক্ষিত হ'ব। কিন্তু কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ভুল নীতি আৰু সিদ্ধান্তৰ ফলত অসম ঔদ্যোগিক মৰিশালীত পৰিণতি হৈছে বুলি মন্তব্য কৰে প্ৰতিবাদকাৰী সকলে।চৰকাৰে বন্ধ হৈ থকা কাগজ কল দুটা অতি শীঘ্ৰে কাৰ্যক্ষম কৰি তোলাৰ লগতে শ্ৰমিক-কৰ্মচাৰী সকলে ৩৫ মাহৰ দৰমহা আদায় দিয়াৰ দাবী জনায়।

ৰাজ্যজুৰি উত্তাল প্ৰতিবাদ
ৰাজ্যজুৰি উত্তাল প্ৰতিবাদ

টীয়ক: টীয়কতো উদ্যোগ বচাওক, শ্ৰমিক বচাওক যৌথ সংগ্ৰাম সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ৷ ৰাজ্য চৰকাৰখনে অসমৰ ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহ ব্যক্তিগতক খণ্ডক বিক্ৰী কৰাৰ যি ষড়যন্ত্ৰ চলাইছে তাক মষিমূৰ কৰিবৰ উদ্দেশ্যে টীয়ক ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ সমীপত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷

বাক্সা: বাক্মা জিলাৰ অন্তৰ্গত তামুলপুৰ আৰু গোৰেশ্বৰত সদৌ অসম ছাত্ৰ সন্থাৰ কেবাটাও আঞ্চলিক সমিতিয়ে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে । বড়োলেণ্ড বিশ্ববিদ্যালয়ে প্ৰতিষ্ঠা কালৰে পৰা অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীক লৈ হেতালি খেলা বুলি অভিযোগ কৰে সংগঠন টোৱে । বিশ্ববিদ্যালয় খনে সময় মতে অসমীয়া মাধ্যমৰ স্নাতক মহলাৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে পাঠ্যপুথি প্ৰকাশ নকৰাৰ ফলত ছাত্ৰ-ছাত্ৰী সকল তীব্ৰ মানসিক হেঁচাত ভুগিছে ৷

ইপিনে ছমাহ ধৰি বন্ধ হৈ থকা মাননী মোকোলাই দিয়া আৰু সহায়ীকাৰ পৰা ১০০ টকাকৈ ধন দাবী অভিযোগত প্ৰকল্প বিষয়াৰ বিৰুদ্ধে প্ৰতিবাদ অংগনাবাড়ী কৰ্মী আৰু সহায়িকা সকলৰ ৷

পথ অৱৰোধ
পথ অৱৰোধ

ৰঙিয়া: ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ এপ'লৰ শ্ৰমিকৰ ৷ পুনৰ ৰাজপথলৈ ওলাই আহিল এপ'লৰ শ্ৰমিক। তিনিবছৰ ধৰি দৰমহা নোহোৱা শ্ৰমিক সকলে অতি কষ্টেৰে দিন অতিবাহিত কৰি আছে। উপযুক্ত চিকিৎসাৰ অভাৱত বহুজনে মৃত্যুবৰণ কৰাৰ উপৰিও শ্ৰমিকে আত্মহত্যাৰ পথ বাচি ল’ব লগা হৈছে ৷ পৰিয়ালৰ দুৰ্দশাৰ কথা উল্লেখ কৰি শ্ৰমিক সকলৰ লগতে সকলোৱে মিলটো পুনৰ কাৰ্যক্ষম কৰি তোলাৰ দাবী কৰাৰ লগতে যদিহে মিল চলোৱা সম্ভৱ নহয় তেতিয়াহলে শ্ৰমিক সকলক স্বেচ্ছামূলক অৱসৰ গ্ৰহণৰ সুবিধা কৰি দিয়াৰ দাবীত প্ৰতিবাদ কাৰ্যসূচী পালন কৰে ৷

আজি ৰাজ্যজুৰি উত্তাল প্ৰতিবাদ

হাইলাকান্দি: হাইলাকান্দিত বিদ্যালয় পৰিদৰ্শকৰ বিৰুদ্ধে আন্দোলনত বহিল শিক্ষক ৷ বিতৰ্কিত শিক্ষা বিষয়া ৰাজীৱ কুমাৰ ঝা'ৰ বিৰুদ্ধে উঠিছে মহিলা শিক্ষয়ত্ৰীক অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ ৷ ২২ অক্টোবৰত বিদ্যালয় পৰিদৰ্শনৰ সময়ত অনন্ত বিদ্য‍া নিকেতনৰ সহকাৰী শিক্ষয়ত্ৰী ৰীত‍া দাসৰ লগত অশালীন ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি সোমবাৰে জিলা প্ৰাথমিক শিক্ষক সম্মিলনীয়ে সাব্যস্ত কৰে প্ৰতিবাদ ৷

গোলাঘাট: গোলাঘাটতো কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ অধীনত থকা ৰাজহুৱা উদ্যোগ প্ৰতিষ্ঠান সমূহ ব্যক্তিগতকৰণ আৰু ইউনিয়নৰ ১৮ দফীয়া দাবী চনদ সম্পূৰ্ণ আদায় নিদিয়াৰ প্ৰতিবাদত আসাম ষ্টেট পাৱাৰ ৱ'ৰ্কাৰ্চ ইউনিয়নে গোলাঘাট সংমণ্ডলৰ চৌহদত ৰূপায়ণ কৰে ২ ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী। ব্যক্তিগতকৰণ বন্ধ কৰক,কেন্দ্ৰীয় চৰকাৰ হুচিয়াৰ উৰ্দ্ধতম কৰ্তৃপক্ষ হুচিয়াৰ আদি চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী ।

তামুলপুৰ: নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বাতিলৰ দাবীত জেষ্ঠ নাগৰিক সন্থাৰ অৱস্থান কাৰ্যসূচী। হাতে হাতে প্লে কাৰ্ড লৈ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰাৰ দাবী। অসম বাংলাদেশীৰ আশ্ৰয়স্থল নহয়। কেন্দ্ৰীয় চৰকাৰ হায় হায় আদি শ্ল’গানেৰে উত্তাল কৰি তোলে তামুলপুৰ প্ৰতিবাদকাৰীয়ে ।

বঙাইগাঁও: ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে অসম শক্তি বিভাগক বিভক্ত কৰি ব্যাক্তিগতকৰণৰ বাবে যি কুচকাৱাজ আৰম্ভ কৰিছে তাৰ বিৰোধিতা কৰি আজি সমগ্ৰ ৰাজ্যতে বিদ্যুত বিভাগৰ কৰ্মচাৰী সকলে পালন কৰে দুঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৷ বঙাইগাঁও মণ্ডল বিদ্যুৎ বিভাগৰ প্ৰৱন্ধকৰ কাৰ্যালয়ত ইয়াৰ প্ৰতিফল ঘটে ৷

ডিমা হাছাও: ষষ্ঠ অনুসূচীৰ অন্তৰ্গত ডিমা হাছাও জিলাত নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 আৰু জনজাতি সংশোধনী বিধেয়ক 2019 ৰ লগতে পাহাৰীয়া জিলাখনত পঞ্চায়তী ৰাজ ব্যৱস্থা প্ৰৱৰ্তনৰ বিৰোধিতা কৰি ডিমাছা অ'মেন চছাইটি বিক্ষোভ প্রদর্শন ৷

লগতে চাওক-ডিগবৈত শোকাবহ পথ দুৰ্ঘটনা : নিহত চাৰি

Intro:কেন্দ্ৰৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে উদ্যোগ বচাওক, শ্ৰমিক বচাওক যৌথ সংগ্ৰাম সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী। গুৱাহাটী ক্লাৱত চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল প্ৰতিবাদ শ্ৰমিক বচাওক যৌথ সংগ্ৰাম সমিতিৰ কৰ্মকর্তাৰ।

Body:কেন্দ্ৰৰ বিজেপি চৰকাৰে ৰাজহুৱা খণ্ডৰ উদ্যোগ সমূহ এটা এটাকৈ ব্যক্তিগত কাৰণ কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰোধিতা জনাই আজি মহানগৰীৰ গুৱাহাটী ক্লাৱত উদ্যোগ বচাওক, শ্ৰমিক বচাওক যৌথ সংগ্ৰাম সমিতিয়ে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। ৰাজহুৱা খণ্ডৰ উদ্যোগ সমূহ এটা এটাকৈ চৰকাৰে ব্যক্তিগত কাৰণ কৰাৰ বিৰোধিতা কৰি প্ৰতিবাদকাৰী সকলে চৰকাৰ বিৰোধী শ্ল'গানেৰে ৰাজপথ উত্তাল কৰি তোলে। জাতি, মাটি, ভেটি ৰক্ষা কৰাৰ আশ্বাস প্ৰদান কৰি শাসনলৈ অহা ৰাজ্যৰ সোণোৱাল চৰকাৰকো প্ৰতিবাদকাৰী সকলে তীব্ৰ সমালোচনা কৰে। এডভান্টেজ অসম পাতি লক্ষাধিক কোটি টকা বিনিয়োগেৰে ৰাজ্যখন চহকী ঔদ্যোগিক ৰাজ্য হিচাপে গঢ় দিয়াৰ কথা কোৱা সোণোৱাল চৰকাৰখনৰ পৰা ৰাইজে আশা কৰিছিল যে অসমৰ উদ্যোগ-প্ৰতিষ্ঠান, শ্ৰমিক-কৰ্মচাৰী, নিবনুৱা যুৱক-যুৱতীৰ স্বাৰ্থ সুৰক্ষিত হ'ব। কিন্তু কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ভুল নীতি আৰু সিদ্ধান্তৰ ফলত অসম ঔদ্যোগিক মৰিশালীত পৰিণতি হৈছে বুলি মন্তব্য কৰে প্ৰতিবাদকাৰী সকলে। ৰাজ্য চৰকাৰৰ ভুল নীতিৰ ফলত দুটাকৈ কাগজ কল বন্ধ হোৱাটো অতিকৈ পৰিতাপৰ বিষয় বুলিও মন্তব্য কৰে প্ৰতিবাদকাৰী সকলে।
চৰকাৰে বন্ধ হৈ থকা কাগজ কল দুটা অতি শীঘ্ৰে কাৰ্যক্ষম কৰি তোলাৰ লগতে শ্ৰমিক-কৰ্মচাৰী সকলে ৩৫ মাহৰ দৰমহা আদায় দিয়াৰ দাবী জনায়।

বাইট : প্ৰতিবাদকাৰী

Conclusion:প্ৰতিবাদকাৰী সকলে প্ৰতিবাদস্থলীৰ পৰা তেওঁলোকৰ বিভিন্ন দাবী সমূহ সমাধানৰ বাবে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে। চৰকাৰে তেওঁলোকৰ দাবী সমূহ পূৰণ নকৰিলে ধাৰাবাহিক আন্দোলনৰ হুংকাৰ প্ৰদান কৰে উদ্যোগ বচাওক, শ্ৰমিক বচাওক যৌথ সংগ্ৰাম সমিতিয়ে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.