গুৱাহাটী, 25 আগষ্ট : টাইগাৰ জ'নলৈ পৰিনত হোৱা মালিগাঁৱত পুনৰ নাহৰফুটুকীৰ আতংক । মালিগাঁও আদিংগিৰিত নাহৰফুটুকীৰ মুক্ত বিচৰণ ধৰা পৰিছে । অঞ্চলটোৰ লোকসকলৰ পদুলিয়ে পদুলিয়ে ঘূৰিছে নাহৰফুটুকী । এই সমগ্ৰ দৃশ্য বন্দী হৈছে এগৰাকী ব্যক্তিৰ বাসগৃহত সংস্থাপিত চিচিটিভি কেমেৰাত ।
যোৱা কিছুদিন পূৰ্বে নাহৰফুটুকীৰ আক্ৰমণত নিহত হৈছিল এটা শিশু । তাৰ পিছত অঞ্চলটোত বন বিভাগে এটা পিঞ্জৰা স্থাপন কৰিছে যদিও পিঞ্জৰাৰ কাষলৈও যোৱা নাই নাহৰফুটুকীটো । তাৰ বিপৰীতে অঞ্চলটোত প্ৰতিদিনেই মুক্ত বিচৰণ কৰি আছে নাহৰফুটুকীয়ে ।
বিগত 21 আগষ্টত মহানগৰীৰ মালিগাঁৱৰ আদিনগিৰীত নিশা সংঘটিত হৈছিল চাঞ্চল্যকৰ ঘটনাটো । নাহৰফুটুকীৰ আক্ৰমণত মৃত্যু হৈছিল এটি শিৱম কুমাৰ নামৰ এটি ৬ বছৰীয়া শিশুৰ । ঘৰৰ বাহিৰত বন্ধুৰে খেলি থকা অৱস্থাতে ডিঙিত কামুৰি শিশুটিক চোঁচৰাই লৈ গৈছিল প্ৰকাণ্ড নাহৰফুটুকীটোৱে ।
লগতে পঢ়ক : নাহৰফুটুকীৰ আক্ৰমণত নিহত শিশু