গুৱাহাটী, ২৮ নৱেম্বৰ : শক্তিপীঠ কামাখ্যা ধামৰ মন্দিৰ পৰিচালনা সমিতিৰ সাধাৰণ নিৰ্বাচন(Kamakhya Temple General election )ৰ ফলাফল দেওবাৰে ঘোষণা কৰা হয় । কামাখ্যা ধামৰ মন্দিৰ পৰিচালনা সমিতিৰ বৰদলৈ হিচাপে কবিন্দ্ৰ শৰ্মা আৰু সৰুদলৈ হিচাপে হিমাদ্ৰী শৰ্মা নিৰ্বাচিত হয় । কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ তত্বাৱধানত দেওবাৰে পুৱাৰে পৰা অনুষ্ঠিত হৈছিল এই নিৰ্বাচন ।

দেওবাৰে পুৱা 8 বজাৰ পৰা আৰম্ভ হৈছিল ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ এইবেলি 5 গৰাকী প্ৰাৰ্থীয়ে কামাখ্যা ধাম (Kamakhya Temple of Assam)ৰ দলৈ পদৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল ৷ তেওঁলোক হৈছে ক্ৰমে পূৰ্বৰ দলৈ মোহিত চন্দ্ৰ শৰ্মা আৰু কবীন্দ্ৰ প্ৰসাদ শৰ্মা । ইয়াৰোপৰি এইবাৰ নতুনকৈ ভোট যুদ্ধত অৱতীৰ্ণ হয় মানস শৰ্মা, হিমাদ্ৰী শৰ্মা আৰু ফনীন্দ্ৰ নাথ শৰ্মা ৷

আনহাতে কামাখ্যাৰ এই নিৰ্বাচন(Kamakhya Doloi election)ত মুঠ ভোটাৰ আছিল 466 গৰাকী ৷ ভোটদান প্ৰক্ৰিয়াত বৰ দেউৰী সমাজৰ 18বছৰৰ ওপৰৰ পুৰুষ ভোটাৰে ভোটদান কৰে ৷ দেওবাৰে পুৱাৰ পৰা আৰম্ভ হোৱা ভোটদান প্ৰক্ৰিয়া বিয়লি তিনি বজাত সমাপ্ত হয়৷ তাৰ পিছতে ভোট গণনা পৰ্যায় আৰম্ভ হ'ব ৷ আনহাতে সন্ধিয়া 7 বজাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হয় ৷
লগতে পঢ়ক : Kamakhya Doloi election: 5 গৰাকী প্ৰাৰ্থীৰ দলৈ পদৰ বাবে প্ৰতিদ্বন্দ্বিতা