ETV Bharat / city

জালুকবাৰী অগ্নিকাণ্ডত ক্ষতিগ্ৰস্তৰ কাষত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা

author img

By

Published : Dec 21, 2020, 9:58 PM IST

জালুকবাৰীৰ অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত হোৱা পৰিয়াল কেইটাক জিলা প্ৰশাসনে পৰ্যাপ্ত পৰিমাণে সহায় কৰিব ৷ ইতিমধ্যে গৃহহীন লোক সকলৰ মাজত বিতৰণ কৰা হৈছে কম্বল ৷ লোক সকলৰ খাদ্য,বাসস্থানৰ ক্ষেত্ৰতো সহায় আগবঢ়াব প্ৰশাসনে ৷ সোমবাৰে দুৰ্ভগীয়া পৰিয়ালকেইটাৰ ওচৰত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা উপস্থিত হৈ ঘোষণা কৰে এই কথা ৷

jalukbari fire case visit mla ramendra narayan kalita
জালুকবাৰীৰ অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত পৰিয়ালৰ কাষত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা

গুৱাহাটী,21ডিচেম্বৰ : সোমবাৰে জালুকবাৰীৰ অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালৰ ওচৰত উপস্থিত হয় পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা । ক্ষতিগ্ৰস্ত লোক সকলৰ দুখ-দুৰ্দশাৰ বুজ লয় বিধায়ক গৰাকীয়ে । বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই জনোৱা অনুসৰি, গৃহহীন লোক সকলৰ বাবে জালুকবাৰীস্থিত হজ ভৱনত অস্থায়ী আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে । লোক সকলৰ খাদ্য, বাসস্থানৰ ক্ষেত্ৰতো সহায় আগবঢ়াব প্ৰশাসনে । ইয়াৰ লগতে ক্ষতিগ্ৰস্ত লোক সকলক সকলো প্ৰকাৰে জিলা প্ৰশাসনে সহায় কৰিব বুলিও বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই প্ৰকাশ কৰে ।

উল্লেখ্য যে, জালুকবাৰীত যোৱা শনিবাৰে সংঘটিত হৈছিল ভয়ানক অগ্নিকাণ্ড । য'ত ৭০টাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হৈছিল । বৰ্তমান এই লোক সকলৰ সকলো তথ্য সংগ্ৰহ কৰিছে চৰকাৰে । পৰ্যায়ক্ৰমে ক্ষতিপূৰণ দিয়াৰো ব্যৱস্থা কৰিব ৰাজ্য চৰকাৰে । ইতিমধ্যেই জিলা প্ৰশাসনৰ ফালৰ পৰা ১২০ খনকৈ কম্বল যোগান ধৰা হৈছে লোক সকলৰ মাজত ।

আনহাতে জালুকবাৰী আৰু মালিগাঁও অঞ্চলৰ একাংশ শিক্ষাৰ্থীয়ে নিজাববীয়াকৈ দুৰ্গতজনক সহায় আগবঢ়াইছে । পাৰ্যমাণে বিভিন্ন সামগ্ৰী লোক সকলৰ মাজত বিতৰণো কৰিছে শিক্ষাৰ্থীসকলে ।

অন্য এক খবৰৰ বাবে: ৰাজ্যৰ ৰাজনীতিত আত্মপ্ৰকাশ আন এক নতুন ৰাজনৈতিক দলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.