ETV Bharat / city

অভি-নীল হত্যাকাণ্ড :উচ্চ ন্যায়ালয়ত 25 অভিযুক্তৰ জামিন স্থগিত - গুৱাহাটী উচ্চ ন্যায়ালয়

বৃহস্পতিবাৰৰ পাছত 45 জন অভিযুক্তৰ শাস্তি সন্দৰ্ভত ৰায়দান কৰিব উচ্চ ন্যায়ালয়ে ৷

অভি-নীল হত্যাকাণ্ড : উচ্চ ন্যায়ালয়ত 25 অভিযুক্তৰ জামিন স্থগিত
author img

By

Published : Aug 29, 2019, 11:28 PM IST

গুৱাহাটী, 29 আগষ্ট: ৰাজ্য কঁপাই যোৱা অভি-নীল হত্যাকাণ্ডৰ 25 জন অভিযুক্তৰ জামিন আবেদন স্থগিত ৰাখিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷ অসম চৰকাৰৰ অধিবক্তা আৰু বিজন মহাজনৰ জামিন খাৰিজ কৰাৰ যুক্তি প্ৰদৰ্শনৰ অন্তত মহামান্য ন্যায়াধীশ ৰুমী কুমাৰী ফুকনৰ আদালতে হত্যাকাণ্ডৰ 25 জন অভিযুক্তৰ উচ্চ ন্যায়ালয়ত কৰা জামিনৰ আবেদন স্থগিত ৰাখে । শুনানিৰ পাছত সাংবাদিকৰে হোৱা বাৰ্তালাপত অধিবক্তা বিজন মহাজনে কয় যে, আদালতে হত্যাকাণ্ডৰ অভিযুক্ত এজনৰো যদি জামিন মঞ্জুৰ কৰে তেন্তে তাৰ সমগ্ৰ বিচাৰ প্ৰক্ৰিয়াতে বিৰূপ প্ৰভাৱ পৰিব ৷

ইফালে ঘটনাৰ সাক্ষী সকলক একাংশ লোকে প্ৰৰোচিত কৰাৰ প্ৰয়াস সন্দৰ্ভত ডকমকা থানাত এক গোচৰ ৰুজু কৰা হৈছে বুলি তেঁও জানিবলৈ দিয়ে ৷ এতিয়া ঘটনাৰে জড়িত দোষীয়ে শাস্তি পাব নে নাই সেয়া আগন্তক দিনত আদালতৰ ৰায়দানৰ পাছতহে জানিব পৰা যাব ৷

Intro:অভি নীল হত্যাকাণ্ডৰ 25 জন অভিযুক্তৰ উচ্চ ন্যায়ালয়ত জামিনৰ আবেদন স্থগিত। বৃহস্পতিবাৰে জামিনৰ ৰায়দান সংৰক্ষিত ৰাখে আদালতে।
বৃহস্পতিবাৰৰ পিছতে 45 জন অভিযুক্তৰ শাস্তি সন্দৰ্ভত ৰায় দান কৰিব আদালতে ।

Body:সাক্ষী সকলক একাংশ লোকে পৰোচিত কৰাৰ প্ৰয়াস কৰা অভিযোগত দকমকা থানাত গোচৰ ৰুজ কৰা হৈছে বুলি জানিবলৈ দিলে অধিবক্তা বিজন মহাজনে।
bite:- বিজন মহাজন।
অভি নীল হত্যাকাণ্ডৰ 45 জন অভিযুক্তৰ যদি এজন অভিযুক্তক জামিন প্ৰদান কৰা হয় তেন্তে বেয়া প্ৰভাৱ পৰাৰ কথা আদালতৰ মজিয়াত উত্থাপন কৰিছিল বিজন মহাজনে। অসম চৰকাৰৰ অধিবক্তা আৰু বিজন মহাজনৰ জামিন খাৰিজ কৰাৰ যুক্তি প্ৰদৰ্শনৰ অন্তত মহামান্য ন্যায়াধীশ ৰুমী কুমাৰী ফুকনে অভি নীল হত্যাকাণ্ডৰ 25 জন অভিযুক্তৰ উচ্চ ন্যায়ালয়ত কৰা জামিনৰ আবেদন স্থগিত ৰাখে।

Conclusion:ন্যায়িক শাস্তিৰ পৰা হাৰি যাব নে শাস্তি পাব সেয়া আগন্তুক দিনত সাক্ষী আৰু অধিবক্তাৰ যুক্তিৰ অন্তত ৰায় দান কৰিব আদালতে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.