ETV Bharat / city

Indira Gandhi death anniversary: ৰাজীৱ ভৱনত প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰীক স্মৰণ

বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ । বিজেপি চৰকাৰে বৃটিছৰ দৰে দমন কৰিব বিচাৰি কৃষকৰ ওপৰত তিনিখন কৃষি আইন জাপি দি কৃষকক বৃহৎ পুঁজিপতিৰ বহতীয়া কৰিব বিচাৰিছিল যদিও কৃষকৰ আন্দোলনৰ ওচৰত তেওঁলোকে শিৰ নত কৰিবলৈ বাধ্য হ'ল বুলি কটাক্ষ ভূপেন বৰাৰ ।

Indira Gandhi death anniversary
ৰাজীৱ ভৱনত প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰীক স্মৰণ
author img

By

Published : Nov 19, 2021, 10:05 PM IST

গুৱাহাটী, ১৯ নৱেম্বৰ : প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত ইন্দিৰা গান্ধীৰ জন্মদিন উপলক্ষে শুকুৰবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত শ্ৰদ্ধাঞ্জলি তৰ্পণ আৰু স্মৃতিচাৰণৰ লগতে প্ৰাৰ্থনা সভাৰ আয়োজন কৰা হয় । অনুষ্ঠানৰ আয়োজনৰ আৰম্ভণিতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই প্ৰাক্তন প্ৰধানমন্ত্ৰী লৌহ মানৱী প্ৰয়াত ইন্দিৰা গান্ধীৰ প্ৰতিছব্বিত পুষ্পাঞ্জলি অৰ্পণ কৰে । তাৰ পিছতে সৰ্বধৰ্ম প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰা হয় ।

সৰ্বধৰ্ম প্ৰাৰ্থনা সভাৰ পাছতে প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকীৰ সভাপতিত্বত এক সভা অনুষ্ঠিত হয় । সভাত নিৰ্দিষ্ট বক্তা হিচাপে ভূপেন বৰা, কংগ্ৰেছ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া উপস্থিত থাকি প্ৰয়াত ইন্দিৰা গান্ধীৰ জীৱন, ৰাজনৈতিক দৰ্শন আৰু দেশমাতৃৰ বাবে কৰা বিভিন্ন উন্নয়নমূলক কামৰ ওপৰত বক্তব্য আগবঢ়ায় । প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা চেহনাজ হক বেগমে আঁত ধৰা অনুষ্ঠানটোত প্ৰাক্তন সাংসদ দ্বিজেন শৰ্মা, প্ৰাক্তন সাংসদ বলীন কুলি, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ক্ৰমে নৃপেন ঠাকুৰীয়া, শৈলেন বৰা, ৰাজু শৰ্মা, বালিকা পেগু, সেৱাদলৰ অধ্যক্ষ দ্বীপ বায়ন, প্ৰাক্তন মেয়ৰ কুশল শৰ্মা, জিলা কংগ্ৰেছৰ বিষয়ববীয়াসকল উপস্থিত আছিল ।

ৰাজীৱ ভৱনত প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰীক স্মৰণ

আনহাতে সভাপতি ভূপেন বৰাই ভাষণ প্ৰসংগত বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷ তেওঁ বিজেপি চৰকাৰে কৃষকৰ ওপৰত তিনিখন কৃষি আইন জাপি দি কৃষকক বৃহৎ পুঁজিপতিৰ বহতীয়া কৰিব বিচাৰিছিল বুলি মন্তব্য কৰে । কিন্তু কংগ্ৰেছে সদনত ইয়াৰ তীব্ৰ বিৰোধীতা কৰে যদিও সংখ্যাৰ বলত বিজেপি চৰকাৰে এই আইকেইখন গৃহীত কৰে বুলি অভিযোগ কৰে । তেওঁ লগতে কৃষকৰ আন্দোলন মহিষুৰ কৰিবৰ বাবে বিজেৰি চৰকাৰে বহু পন্থা অৱলম্বন কৰিছিল যদিও সফল হ'ব নোৱাৰিলে বুলি কটাক্ষ কৰে ।

ভূপেন বৰাই লগতে কৃষকৰ আন্দোলনৰ ওচৰত বিজেপি চৰকাৰ হাৰ মানিবলৈ বাধ্য হ'ল বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বাৰম্বাৰ ক্ষমা প্ৰাৰ্থনাৰে আইন তিনিখন বাতিল কৰাৰ কথা ক'বলৈ বাধ্য হ'ল বুলি কঠোৰ ভাষাৰে সমালোচনা কৰে ।

লগতে পঢ়ক : Indira Gandhi : দেশৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী গৰাকীক 104 সংখ্যক জন্মদিনত স্মৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.