গুৱাহাটী, 1 মাৰ্চ: দেওবাৰে মহানগৰীৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হয় প্ৰথম নৈশ গুৱাহাটী মাৰাথন । নিশা 7 বজাত অনুষ্ঠিত কৰা নৈশ গুৱাহাটী মাৰাথনত দেশৰ বিভিন্ন প্ৰান্তৰ দৌৰবিদৰ লগতে অংশগ্ৰহণ কৰে কেইবাগৰাকী বিদেশী দৌৰবিদে । প্ৰায় পাঁচ হাজাৰ দৌৰবিদে অংশগ্ৰহণ কৰা নৈশ গুৱাহাটী মাৰাথনত দেখা পোৱা যায় বৃদ্ধৰ পৰা শিশুক । অচমাকাম ফাউণ্ডেশ্বন নামৰ এক বেচৰকাৰী সন্থাই আয়োজন কৰা নৈশ গুৱাহাটী মাৰাথন নিশাৰ ভাগত অনুষ্ঠিত কৰা প্ৰথমখন মাৰাথন ।
তিনিটা ভাগত বিভক্ত গুৱাহাটী মাৰাথনত সৰ্বমুঠ 12.5 লাখ টকাৰ পুৰস্কাৰ প্ৰদান কৰা হয় প্ৰতিযোগী সকলক । খেলৰ প্ৰতি আগ্ৰহী লোক সকলক উৎসিত কৰিবলৈ অসম আৰক্ষীৰ কেইবাগৰাকী বিষয়া জড়িত থকা অচমাকাম ফাউণ্ডেশ্বনে গুৱাহাটী মাৰাথন অনুষ্ঠিত কৰিবলৈ আগুৱাই আহে ।
দেওবাৰে অনুষ্ঠিত কৰা মাৰাথনত মুখ্য আকৰ্ষণ হিচাপে থাকে বলিউডৰ অভিনেত্ৰী য়ামি গৌতম । অৰ্জুনা ভোগেশ্বৰ বৰুৱা, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত আৰু য়ামি গৌতমে পতাকা দেখুৱাই প্ৰথম নৈশ গুৱাহাটী মাৰাথনৰ শুভাৰম্ভণি কৰে ।
ইফালে নৈশ গুৱাহাটী মাৰাথনৰ অনুষ্ঠিত কৰিবলৈ মহানগৰীৰ জি এছ ৰোডৰ এফাল বন্ধ কৰি দিয়াত মহানগৰীৰ অন্যান্য পথ সমূহত তীব্ৰ যান-জঁটৰ সৃষ্টি হোৱা পৰিলক্ষিত হয় । ঘন্টাৰ পিছত ঘন্টা ধৰি যান-জঁটত আবদ্ধ হৈ থকা পথচাৰীয়ে নিশাৰ ভাগত মাৰাথন অনুষ্ঠিত কৰাকলৈ অসন্তুষ্টি প্ৰকাশ কৰে ।