গুৱাহাটী, ২৬ জুলাইঃ অসমৰ প্ৰলয়ংকৰী বানে কেউফালে তাণ্ডবৰ সৃষ্টি কৰাৰ মাজতে ৰাজ্যবাসীৰ এনে বিপদৰ সময়ত সমমৰ্মিতা প্ৰকাশ কৰিছে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱটে । মুখ্যমন্ত্ৰী ৰাৱটে আজি দুপৰীয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ ফোন কৰি ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ লয়।
ৰাৱতে ফোন যোগে সোণোৱালক এই বুলিও অৱগত কৰে যে, অসমবাসীৰ এনে বিপদৰ সময়ত উত্তৰাখণ্ডৰ ৰাইজ লগত আছে। বান সাহাৰ্য আৰু উদ্ধাৰৰ বাবে উত্তৰাখণ্ড চৰকাৰে তাৎক্ষণিক ভাবে অসমৰ মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুজিলৈ ৫ কোটি টকা প্ৰেৰণ কৰিব বুলিও তেওঁ সোণোৱালক জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰী সোণোৱালেও ৰাৱটৰ এনে পদক্ষেপৰ বাবে তেওঁক ধন্যবাদ জনায়।