গুৱাহাটী, 24 অক্টোবৰঃ দেশৰ উচ্চতম ন্যায়ালয়ে এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ হাতী অনা-নিয়াৰ বাবে 2016 চনতে জাৰি কৰিছিল নিষেধাজ্ঞা ৷ ইয়াৰ বিপৰীতে ছমাহৰ বাবে ঘৰচীয়া তথা চৰকাৰী হাতী ভাড়ালৈ লোৱাৰ অনুমতি প্ৰদান কৰিছিল ৷ কিন্তু শেহতীয়াকৈ অসম চৰকাৰৰ বন বিভাগে ঘৰচীয়া হাতী আদান-প্ৰদানৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশনাক সম্পূৰ্ণৰূপে আওকাণ কৰি আহিছে ৷ ইটিভি ভাৰত অসমৰ হাতত আহি পৰিছে এই বিশেষ তথ্য ৷ বন্যপ্ৰাণী সংৰক্ষণ কৰ্মী মবিনা আখতাৰৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মবিনা আখতাৰে উল্লেখ কৰিছে কিদৰে ৰাজ্য চৰকাৰৰ বন বিভাগৰ একাংশ কৰ্মচাৰীয়ে ৰাজ্যৰ হাতী সৰবৰাহৰ এক চোৰাং ব্যৱসায়ত লিপ্ত হৈ পৰিছে ৷
লগতে পঢ়কঃ ওদালগুৰিত বনৰীয়া হাতীৰ কৰুণ মৃত্যু
মবিনা আখতাৰে উল্লেখ কৰা অনুসৰি, শেহতীয়াকৈ ৰাজ্য চৰকাৰে বহিঃৰাজ্যলৈ প্ৰেৰণ কৰিবলৈ লৈছে ছটাকৈ ঘৰচীয়া হাতী ৷ তিনিচুকীয়া জিলাৰ পৰা জয়তৰা, বাবুলাল আৰু ৰূপসিং নামৰ তিনিটা হাতীৰ লগতে ডিগবৈ আৰু লখিমপুৰৰ পৰা দুটা হাতী ক্ৰমে, আহমেদাবাদৰ জগন্নাথ মন্দিৰ আৰু উত্তৰ প্ৰদেশলৈ প্ৰেৰণৰ বাবে প্ৰস্তুতি চলাইছে বন বিভাগে ৷ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাক অমান্য কৰি এইদৰে বহিঃৰাজ্যলৈ হাতী প্ৰেৰণ কৰিবলৈ লোৱা সিদ্ধান্তৰ তীব্ৰ প্ৰতিবাদ কৰিছে মবিনা আখতাৰে ৷ উল্লেখ্য যে, বিগত বৰ্ষৰ জুন মাহত তিনিচুকীয়া জিলাৰ পৰা ৰে'লযোগে চাৰিটাকৈ হাতী গুজৰাটৰ আহমেদাবাদলৈ প্ৰেৰণৰ যো-জা চলাই ব্যৰ্থ হৈছিল বন বিভাগ ৷ কিন্তু ইমানৰ পিচতো পুনৰ ৰাজ্য চৰকাৰে বহিঃৰাজ্যলৈ পুনৰ হাতী প্ৰেৰণ কৰিবলৈ ওলোৱাটো নিশ্চয়কৈ উদ্বেগজনক ৷
মবিনা আখতাৰে ইটিভি ভাৰতৰ আগত প্ৰকাশ কৰা অনুসৰি, বিগত বৰ্ষসমূহত অসমৰ পৰা 265টা হাতী বহিঃৰাজ্যলৈ প্ৰেৰণ কৰা হৈছিল, যিসমূহ হাতী আজিলৈ অসমে ঘূৰাই পোৱা নাই ৷ দৰাচলতে ভাড়ালৈ নিয়া বুলি চৰকাৰীভাৱে জনোৱা হৈছিল যদিও এইসমূহ হাতী ৰাজ্য চৰকাৰে বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে আখতাৰে ৷ বহিঃৰাজ্যলৈ এক নিৰ্দিষ্ট সময়ৰ বাবে ভাড়ালৈ দিয়াৰ নামত হাতীসমূহ বিক্ৰী কৰা হয় বাবেই আজিলৈ 265টা হাতী অসমে লাভ কৰা নাই বুলি জনায় বন্যপ্ৰাণী সংৰক্ষণৰ সৈতে জড়িত থকা কৰ্মী মবিনা আখতাৰে ৷ ইটিভি ভাৰতৰ আগত আখতাৰে হাতীৰ এই অবৈধ সৰবৰাহৰ সৈতে ৰাজ্য চৰকাৰৰ বন বিভাগৰ একাংশ উচ্চ পৰ্যায়ৰ বিষয়া তথা এটা চোৰাং চক্ৰ জড়িত থকাৰ কথা প্ৰকাশ কৰে৷ এনে অৱস্থাত ৰাজ্য চৰকাৰক 265টা হাতীৰ ক্ষেত্ৰত স্পষ্টীকৰণ প্ৰদান কৰি বহিঃৰাজ্যলৈ হাতী প্ৰেৰণ কৰিবলৈ চিন্তা কৰক বুলি উল্লেখ কৰে আখতাৰে ৷