গুৱাহাটী, 14 জুলাই : পুনৰ জীৱশ্ৰেষ্ঠ মানৱৰ নৃশংস কাণ্ড । ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীত উটি অহা হৰিণা ভক্ষণৰ চেষ্টা একাংশৰ । হৰিণাৰে এসাজ খাবলৈ পাণ্ডু সদিলাপুৰৰ একাংশ লোকে উটি অহা হৰিণাটো কাটি ভাগ কৰিবলৈ সাজু হওঁতেই ঘটনাস্থলীত উপস্থিত হ'ল আৰক্ষী ৷
পাণ্ডু সদিলাপুৰৰ বিনয় মজুমদাৰ নামৰ লোকজনৰ ঘৰত হঠাৎ উপস্থিত হয় জালুকবাৰী আৰক্ষী আৰু বনবিভাগৰ লোক । আৰক্ষীৰ লোকক দেখি হৰিণা এৰি পলায়ন কৰে লোকসকলে । পিছত আৰক্ষী আৰু বন বিভাগৰ লোকে মৃত হৰিণাটো মৰণোত্তৰ পৰীক্ষা কৰি সৎকাৰ কৰে ।
ইফালে ঘটনা সন্দৰ্ভত জালুকবাৰী আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে । উক্ত গোচৰৰ ভিত্তিত হৰিণা হত্যা কৰি ভক্ষণ কৰিব বিচৰা লোকসকলৰ সন্ধানত নামি পৰিছে আৰক্ষী । কিন্তু বৰ্তমানো পলাতক অৱস্থাত আছে বিনয় মজুমদাৰ আৰু তেওঁৰ সংগী ।
লগতে পঢ়ক : বিলাসীপাৰাত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে প্ৰফুল্ল কুমাৰ মহন্তই