ETV Bharat / city

জনতা ভৱনৰ সন্মুখত এছ বি আই বেংক কৰ্মচাৰী প্ৰতিবাদ

কেন্দ্ৰীয় চৰকাৰৰ বেংক ব্যক্তিগতকৰণ নীতিৰ বিৰোধিতাৰে ইউনাইটেড ফ’ৰাম অৱ বেংক ইউনিয়নৰ প্ৰতিবাদ ৷ সোমবাৰৰ প্ৰতিবাদত ৰাজ্যৰ লগতে দেশৰ প্ৰায় দহ লক্ষাধিক বেংক কৰ্মচাৰী তথা বিষয়াক প্ৰতিনিধিত্ব কৰা ৯ টা বেংকিং ট্ৰেড ইউনিয়নে অংশগ্ৰহণ কৰে ৷

author img

By

Published : Mar 16, 2021, 1:41 PM IST

মহানগৰৰ জনতা ভৱনৰ সন্মুখৰ এছ বি আই বেংক কৰ্মচাৰী প্ৰতিবাদ

গুৱাহাটী,16 মাৰ্চ: কেন্দ্ৰীয় চৰকাৰৰ বেংক ব্যক্তিগতকৰণ নীতিৰ বিৰোধিতাৰে ইউনাইটেড ফৰাম অৱ বেংক ইউনিয়নৰ প্ৰতিবাদ ৷ সোমবাৰৰ প্ৰতিবাদত ৰাজ্যৰ লগতে দেশৰ প্ৰায় দহ লক্ষাধিক বেংক কৰ্মচাৰী তথা বিষয়াক প্ৰতিনিধিত্ব কৰা ৯ টা বেংকিং ট্ৰেড ইউনিয়নে অংশগ্ৰহণ কৰে ৷

প্ৰতিবাদী বেংক কৰ্মচাৰী সকলৰ মতে কেন্দ্ৰীয় চৰকাৰৰ বেংক ব্যক্তিগতকৰণৰ প্ৰক্ৰিয়াটো বিত্তমন্ত্ৰীয়ে দেশৰ বিপৰ্যয় হোৱা অৰ্থনীতিক উদ্ধাৰৰ বাবে লোৱা এক ভুল সিদ্ধান্ত ৷ কেন্দ্ৰীয় চৰকাৰে বিভিন্ন সময়ত এই চৰকাৰী খণ্ডৰ বেংক সমূহক প্ৰতাৰণা কৰি আহিছে ৷ বিভিন্ন সময়ত আত্ম নিৰ্ভৰশীলতাৰ কথা কোৱা মোদী চৰকাৰে চৰকাৰী খণ্ডৰ বেংক সমূহক ব্যক্তিগতকৰণ কৰিব খোজাটো এক প্ৰকাৰৰ চৰকাৰৰ ব্যৰ্থতাক উদঙাই দিছে ৷

ইউনাইটেড ফ’ৰাম বেংক অৱ ইউনিয়নৰ আহ্বায়ক প্ৰদীপ কুমাৰ বৈশ্যই কয় ৰাজহ ঘাটি পূৰণৰ নামত দুটা বেংক তথা এটা সাধাৰণ বীমা কোম্পানীক ব্যক্তিগতকৰণ কৰা এল আই চি ত থকা চৰকাৰী অংশ বিক্ৰী কৰা কেন্দ্ৰীয় চৰকাৰৰ পৰিকল্পনা দেশৰ পৰিপন্থী ৷ কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা জন ধন আচঁনিৰ দৰে বহুতো আচঁনিৰ ৯৬% ৰাজহুৱা খণ্ডৰ বেংকে কোনো ধৰণৰ লাভ নোহোৱাকৈ দেশৰ স্বাৰ্থত জনসাধাৰণৰ উন্নয়নৰ স্বাৰ্থত কাম কৰি আহিছে ৷

তেনেস্থলত কেন্দ্ৰীয় চৰকাৰৰ বেংক ব্যক্তিগতকৰণ প্ৰক্ৰিয়া এটা ভুল সিদ্ধান্ত হ’ব ৷ এই সিদ্ধান্ত উঠাই লবলৈ বেংক কৰ্মচাৰীয়ে কৰ্ম বিৰতিৰ যোগেদি আহ্বান জনায় ৷ ইউনাইটেড ফ’ৰাম অৱ বেংক ইউনিয়নৰ আহ্বায়ক প্ৰদীপ কুমাৰ বৈশ্যই কয় ১৫ আৰু ১৬ দুদিনীয়া কৰ্ম বিৰতি পালন কৰাৰ পাছতো যদি চৰকাৰে এই ক্ষেত্ৰত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত নজনায় অনাগত সময়ত অনিদিষ্ট কাললৈ এই প্ৰতিবাদ চলিব ৷ বন্ধ হৈ পৰিব সকলো বেংকৰ যাৱতীয় কাম কাজ ৷ উপলব্ধ নহব এ টি এমসমূহ ৷

লগতে পঢ়ক:পুনৰ কা বিৰোধী আন্দোলনে কঁপিব অসম !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.