ETV Bharat / city

অইল ইণ্ডিয়াৰ হেমাহিৰ বাবেই সংঘটিত হ'ল বাঘজান কাণ্ড : অসম নাগৰিক সমাজ

author img

By

Published : Jun 11, 2020, 6:08 PM IST

এক সংবাদ মেল আয়োজন কৰি অসম নাগৰিক সমাজৰ বিস্ফোৰক অভিযোগ । অইল ইণ্ডিয়াৰ চূড়ান্ত হেমাহি আৰু চৰকাৰৰ অদূৰদৰ্শিতাৰ বাবেই বাঘজান কাণ্ড সংঘটিত হ'ব পালে বুলি অভিযোগ উত্থাপন কৰিছে অসম নাগৰিক সমাজে ।

Baghjan Tragedy : Asom Nagarik Samjaj Pressmeet

গুৱাহাটী, 11 জুনঃ "অইলৰ বিষয়াৰ অকৰ্মন্যতাৰ ফল ভুগিব লগা হৈছে হাজাৰ হাজাৰ জনতাই" । এই অভিযোগ উত্থাপন কৰিছে অসম নাগৰিক সমাজৰ ভাৰপ্ৰাপ্ত সভাপতি তথা সাংসদ অজিত কুমাৰ ভূঞাই । বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল আয়োজন কৰি বাঘজান ঘটনা সন্দৰ্ভত সৰৱ হৈ উঠে অজিত কুমাৰ ভূঞা ।

অসম নাগৰিক সমাজৰ বিস্ফোৰক অভিযোগ

তেওঁ কয় যে,বাঘজানত সংঘটিত হোৱা বিস্ফোৰণে সৰ্বসাধাৰণক আতংকগ্ৰস্ত কৰাৰ লগতে দুজনকৈ লোকৰ প্ৰাণহানি কৰিলে । অজস্ৰ পশু পক্ষী, জন্তুৰ প্ৰাণনাশ হ'ল । সমান্তৰালভাৱে ভাবুকি আহিল ডিব্রু চৈখোৱা,মাগুৰী মতাপুং বিললৈ । পূৰ্বৰ পৰাই অসমৰ বনজ সম্পদ কেন্দ্ৰই লুটি-পুটি আহিছে । কিন্তু বিপদৰ সময়ত অসমৰ জনতাক সহায়ৰ বাবে আগবাঢ়ি নাহে ।

এই মূহুৰ্তত আটাইতকৈ প্ৰধান কাম হৈছে জুই নিৰ্বাপন কৰাটো । কিন্তু কেন্দ্ৰীয় চৰকাৰে যি ধৰণৰ তৎপৰতা দেখুৱাব লাগিছিল সেয়া পৰিলক্ষিত নহ'ল বুলি উল্লেখ কৰে । সেয়ে সাংসদগৰাকীয়ে ক্ষীপ্ৰতাৰে বহিঃৰাষ্ট্ৰৰ পৰা বিশেষজ্ঞ আনি জুই নিৰ্বাপন কৰাৰ দাবী তোলিছে । গৃহহীন হোৱা লোক সকলৰ যাতে কোনো আলাই আঁথানি নহয় তাৰ দায়িত্ব চৰকাৰে ল'ব লাগিব বুলিও দাবী উত্থাপন কৰিছে নৱ-নিৰ্বাচিত সাংসদগৰাকীয়ে ।

বনজ সম্পদ নিষ্কাশন কৰোতে কাষৰীয়া ৰাইজৰ অসুবিধা হ'ব নোৱাৰিব বুলি বাৰম্বাৰ কৈ অহা স্বত্বেও চকুৰ সমুখতে কৃষি পথাৰ, ঘৰ জ্বলি চাই হৈ গ'ল । যাৰ বাবে পোনপটীয়াকৈ জগৰীয়া অইল কৰ্তৃপক্ষ আৰু চৰকাৰৰ বুলি উল্লেখ কৰিছে অজিত কুমাৰ ভূঞাই । ইয়াৰ উপৰিও ঘটনাস্থলীত গৈ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে কৰা মন্তব্যক টুলুঙা মন্তব্য বুলি অভিহিত কৰে সভাপতিগৰাকীয়ে ।

লগতে চাওকঃ ট্ৰেক্টৰ চলালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.