ETV Bharat / city

আকৌ ঋণ ! বিত্তীয় বৰ্ষ আৰম্ভ নৌহওঁতেই নাবাৰ্ডৰ পৰা ৩৬ হাজাৰ কোটি

author img

By

Published : Dec 9, 2021, 5:58 PM IST

২০২২-২৩ ত পুনৰ নাবাৰ্ডৰ পৰা ঋণ লোৱাৰ সিদ্ধান্ত অসম চৰকাৰৰ ৷ ঋণৰ পৰিমাণ পূৰ্বৰ বছৰসমূহতকৈ ১২ শতাংশ বৃদ্ধি নাবাৰ্ডৰ ৷

assam-government-again-ready-to-borrow-loan-from-nabard
বিত্তীয় বৰ্ষ আৰম্ভ নৌহওঁতেই নাবাৰ্ডৰ পৰা ৩৬ হাজাৰ কোটি

গুৱাহাটী, ৯ ডিচেম্বৰ : ঋণৰ ভৰ সহিব নোৱাৰি এক প্ৰকাৰ কোঙা হৈ পৰা অসম চৰকাৰে ইতিমধ্যে সিদ্ধান্ত লৈছে যে আগন্তুক বিত্তীয় বৰ্ষত অৰ্থাৎ ২০২২-২৩ ত নাবাৰ্ডৰ পৰা পুনৰ ঋণ(Assam Government again ready to borrow Loan) ল’ব । নতুন বিত্তীয় বৰ্ষ আৰম্ভ হোৱাই নাই । ২০২২ ৰ ১ এপ্ৰিলৰ পৰা আৰম্ভ হ’বলগীয়া এই বিত্তীয় বৰ্ষটোত অসম চৰকাৰে নাবাৰ্ডৰ পৰা ল’ব খোজা ঋণ(Borrow Loan from Nabard)ৰ পৰিমাণ হ’ব ৩৬ হাজাৰ ২৯২ কোটি টকা । এই সমুদায় ধন ব্যয় কৰা হ’ব বিভিন্ন শিতানত ।

assam-government-again-ready-to-borrow-loan-from-nabard
নাবাৰ্ডৰ পৰা ঋণ

প্ৰাপ্ত তথ্য মতে ইতিমধ্যে এই ঋণত নাবাৰ্ডে অনুমোদনো জনাইছে । ৰাজ্যৰ বিত্ত বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে, নাবাৰ্ডৰ পৰা ল’বলগীয়া এই বৃহৎ পৰিমাণৰ ঋণৰ ১৮,৮৫৫ কোটি টকা ব্যয় কৰা হ’ব কৃষিখণ্ডত । ঠিক তেনেদৰে ১২,৯৫২ কোটি টকা ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহৰ বাবে ব্যয় কৰা হ’ব । আনহাতে ৩,১৯৭ কোটি টকা ব্যয় কৰা হ’ব গৃহনিৰ্মাণ খণ্ডত । নাবাৰ্ডৰ পৰা পাবলগীয়া এই ধনেৰে ৰাজ্যৰ ৩৪ খন জিলাত বিভিন্ন আঁচনি ৰূপায়ণ কৰা হ’ব ।

জনতা ভৱন

মনকৰিবলগীয়া যে, নাবাৰ্ডে এইবাৰ অসমলৈ দিয়া ঋণৰ পৰিমাণ পূৰ্বৰ বছৰসমূহতকৈ ১২ শতাংশ বৃদ্ধি কৰিছে । ইতিমধ্যে বিত্তমন্ত্ৰী অজন্তা নেওগ, নাবাৰ্ড অসমৰ মুখ্য মহাপ্ৰৱন্ধক বাইজু কুৰূপ, ষ্টেট বেংক অৱ ইণ্ডিয়াৰ মুখ্য মহাপ্ৰৱন্ধক আৰ এছ ৰমেশৰ মাজত অনুষ্ঠিত এক বৈঠকত এই ধনৰাশি ব্যয়ৰ এক ৰূপৰেখাও প্ৰস্তুত কৰা হৈছে বুলি প্ৰকাশ কৰিছে বিত্ত বিভাগৰ সূত্ৰটোৱে ।

লগতে পঢ়ক : ৬০০ কোটি ঋণ লোৱাৰ প্ৰস্তুতি ড৹ শৰ্মা চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.