ETV Bharat / city

অসম বাজেট 2020-ৰ কৰ শিতান !

author img

By

Published : Mar 6, 2020, 7:56 PM IST

2017-18 বৰ্ষৰ বিপৰীতে 2018-19 বৰ্ষত সৰ্বভাৰতীয় স্তৰত সামগ্ৰী আৰু সেৱা কৰ (GST) 6 শতাংশ বৃদ্ধি পোৱাৰ বিপৰীতে অসমত বৃদ্ধি পাইছে 31 শতাংশ ৷ তাৰোপৰি 2018-19 বৰ্ষৰ বিপৰীতে 2019-20 বৰ্ষত অসমৰ হাৰ হৈছে 17 শতাংশ ৷

অসম বাজেট 2020-ৰ কৰ শিতান !
অসম বাজেট 2020-ৰ কৰ শিতান !

নিউজ ডেস্ক, 6 মাৰ্চ : বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি ৰাষ্ট্ৰীয় বিকাশৰ হাৰৰ তুলনাত অসমৰ বিকাশৰ হাৰ 4 গুণৰো অধিক হৈছে ৷ 2017-18 বৰ্ষৰ বিপৰীতে 2018-19 বৰ্ষত সৰ্বভাৰতীয় স্তৰত সামগ্ৰী আৰু সেৱা কৰ (GST) 6 শতাংশ বৃদ্ধি পোৱাৰ বিপৰীতে অসমত বৃদ্ধি পাইছে 31 শতাংশ ৷ তাৰোপৰি 2018-19 বৰ্ষৰ বিপৰীতে 2019-20 বৰ্ষত অসমৰ হাৰ হৈছে 17 শতাংশ ৷ কিন্তু সৰ্বভাৰতীয় স্তৰত এই হাৰ মাত্ৰ 4 শতাংশ ৷

বাণিজ্যিক কৰ বিভাগে বৰ্তমান অনা সামগ্ৰী আৰু সেৱাকৰ (NON GST)ৰ বাবে এটা e-goverance software মুকলি কৰাৰ পোষকতা কৰিছে ৷ যাৰ ফলত ৰাজ্যৰ অতিৰিক্ত 200-300 কোটি টকাৰ ৰাজহ বৃদ্ধি পাব বুলি চৰকাৰ আশাবাদী ৷

আবকাৰী বিভাগত ৰাজহ সংগ্ৰহৰ কাৰণে চৰকাৰে গ্ৰহণ কৰিছে বিভিন্ন পদক্ষেপ ৷ 2015-16 চনত অসমত আবকাৰী কৰ সংগ্ৰহ হৈছিল 820 কোটি টকা ৷ কিন্তু 2019-20 বৰ্ষত এই ৰাজহৰ পৰিমাণ 1800 টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে ৷ কৰফাঁকি আৰু ৰাজহ হ্ৰাসৰ সুৰুঙা ৰোধ কৰাৰ বাবে পাইকাৰী আৰু খুচুৰা বিক্ৰীৰ ক্ষেত্ৰত প্ৰযোজ্য সুৰা প্ৰস্তুতকৰণ, মজুত আৰু বিপণনৰ অনুজ্ঞাপত্ৰ থকা চৌহদসমূহৰ নিয়ন্ত্ৰণ আৰু বিধি-বিধানৰ বাবে থকা অনুজ্ঞাপত্ৰ প্ৰদানত সংশোধন কৰা হ'ব ৷

পৰিবেশ আৰু বন বিভাগৰ ৰাজহ সংগ্ৰহৰ ব্যৱস্থাটো অধিক উন্নত কৰিবলৈ চৰকাৰে বাজেটত গ্ৰহণ কৰিছে কিছুমান বিশেষ ব্যৱস্থা ৷ অবৈধ খনি ৰোধৰ বাবে গড়কাপ্তানিৰ ক্ষেত্ৰত বিল অৱ্ কোৱান্টিটিৰ ভিত্তিত ৰয়েলিটি সংগ্ৰহৰ ব্যৱস্থা কৰিব চৰকাৰে ৷ এ এম এম চি অধিনিয়ম, 2013ৰ নীতি 5 সংশোধন আৰু জিৰ' টি পি ব্যৱস্থা প্ৰৱৰ্তনৰ কথা প্ৰকাশ বিত্তমন্ত্ৰীৰ ৷

পৰিবহন কৰৰ ক্ষেত্ৰত কিছু নতুন নীতি গ্ৰহণ ৰ পোষকত কৰিছে চৰকাৰে ৷ 2015-16 বৰ্ষত যান-বাহন ৰাজহ আছিল 453.04 কোটি টকা ৷ কিন্তু 2019-20 বৰ্ষত এই কৰ 850 কোটি কৰাৰ সিদ্ধান্ত কাৰৰ সিদ্ধান্ত লৈছে চৰকাৰে ৷ যান-বাহন চলোৱাৰ অনুজ্ঞাপত্ৰৰ বাবে আবেদন কৰা সকলে অনলাইন যোগে পৰীক্ষা দিব লাগিব ৷ তাৰ পাচত যান-বাহন পৰিদৰ্শকৰ সমুখন বাহন চলোৱাৰ পৰীক্ষা দিব লাগিব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.