ETV Bharat / city

অসম বাজেট 2020-21 : থোৰতে চিকিৎসাখণ্ড - বিত্তমন্ত্ৰী হিমন্তৰ বাজেট 2020-21

সদনত আজি উত্থাপন কৰা হয় 2020-21 বিত্তীয় বৰ্ষৰ বাজেট ৷ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধূতি-পাঞ্জাৱী পৰিধান কৰি সদনত উত্থাপন কৰে বিত্তীয় বাজেট ৷ চলিত বাজেটত স্বাস্থ্য খণ্ডক লৈ কেবাটাও গুৰুত্ব পূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ আছে ৷ চলিত বাজেটত চিকিৎসাখণ্ডৰ বাবে আবণ্টন দিয়া হৈছে সৰ্বমুঠ 6127 কোটি টকা ৷

Assam Budget 2020-21 : Health At a glance
অসম বাজেট 2020-21 : থোৰতে চিকিৎসাখণ্ড
author img

By

Published : Mar 6, 2020, 3:32 PM IST

নিউজ ডেস্ক, 6 ফেব্ৰুৱাৰী : 2016 বৰ্ষত বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ পিচৰে পৰাই অসমৰ স্বাস্থ্যখণ্ডত কেবাটাও গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰে চৰকাৰে ৷ চিকিৎসাখণ্ডত নতুন প্ৰযুক্তিকে ধৰি আন্ত:গাঁথনি উন্নয়ন, চিকিৎসকৰ অৱসৰৰ সময়সীমা বৃদ্ধি, চিকিৎসা আৰু স্বাস্থ্য নিয়োজন বোৰ্ড গঠন, বিনামূলীয়া ৰোগ নিৰ্ণয় আঁচনি, ভ্ৰাম্যমাণ চিকিৎসা গোট আদি আছিল অন্যতম ৷

ৰাজ্য চৰকাৰে আঁচনি আৰু সা-সুবিধাসমূহ পুনৰুজ্জীৱিত কৰিবলৈ বিভিন্ন কৰ্মপন্ঠা গ্ৰহণ কৰে ৷ স্বাস্থ্যখণ্ডত নিযুক্তিৰ ক্ষেত্ৰত চিকিৎসা আৰু স্বাস্থ্য নিয়োজন বোৰ্ড গঠনৰ লগতে চিকিৎসকৰ অৱসৰৰ সময়সীমা বৃদ্ধি কৰে ৷ বিশিষ্ট ঔষধকে ধৰি ঔষধৰ সংখ্যা বৃদ্ধি কৰি 381ৰ পৰা 848 বিধলৈ বৃদ্ধি কৰা হয় ৷ অস্ত্ৰোপচাৰ উপকৰণ 128 বিধৰ পৰা 220 বিধলৈ বৃদ্ধি, ৰাসায়নিক সামগ্ৰী 14 বিধৰ পৰা 25 বিধলৈ বৃদ্ধি কৰাৰ লগতে বিভিন্ন পণ্য়দ্ৰৱ্য 45 বিধৰ পৰা 77 বিধলৈ বৃদ্ধি কৰা হয় ৷ মুখ্যমন্ত্ৰীৰ বিনামূলীয়া ৰোগ নিৰ্ণয় আঁচনিৰ দ্বাৰা গুণগত ৰোগ নিৰ্ণয় ব্যৱস্থা নিশ্চিত কৰাৰ উপৰিও ইয়াৰ বাবে 3,87,961টা চিটি স্কেন মেচিন, 11,32,363টা এক্স-ৰে মেচিন আৰু 27,88,927টা পৰীক্ষাগাৰৰ সুবিধা বিনামূলীয়াকৈ প্ৰদান কৰা হয় ৷ প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় ডায়েলাইছিছ কাৰ্যসূচীৰ অধীনত ৰাজ্যৰ 17 টা স্বাস্থ্য় কেন্দ্ৰত অতি বিশিষ্ট ডায়েলাইছিছ সেৱা আৰু 15,208 টা বিনামূলীয়া ডায়েলাইছিছ সম্পন্ন কৰা হয় ৷

চাংসাৰিত প্ৰতিষ্ঠা হৈ থকা অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানত 2020-21 বৰ্ষৰ পৰা পাঠদান আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰত চৰকাৰে ৷ ভ্ৰাম্যমাণ চিকিৎসা গোটৰ সংখ্যা 50ৰ পৰা 130 লৈ বৃদ্ধি কৰা হয় ৷ 445 খন বাগিছাত সামৰি লৈ এই গোটে 81,312 টা শিবিৰ অনুষ্ঠিত কৰি 38,94,818গৰাকী ৰোগীক চিকিৎসাসেৱা প্ৰদান কৰে ৷ চাহ বাগিছাৰ প্ৰসূতি মহিলাসকলৰ বাবে গৰ্ভৱতী ক্ষতিপূৰণ আঁচনিৰ দ্বাৰা 2018 চনৰে পৰা 22,199 গৰাকী গৰ্ভৱতী মহিলাক 1660.49 লাখ টকা আগবঢ়াইছে চৰকাৰে ৷ প্ৰধানমন্ত্ৰীৰ অটল অমৃত অভিযান আৰু জন আৰোগ্য যোজনাৰ অধীনত যথাক্ৰমে 81,370 আৰু 1,03, 184 গৰাকী ৰোগীক চিকিৎসা প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে ৷ প্ৰাতিষ্ঠানিক প্ৰসৱৰ সংখ্যা 2019-20 বৰ্ষত 91 শতাংশলৈ বৃদ্ধি হয় আৰু ইয়াৰ ফলত প্ৰসূতি-মৃত্যুৰ হাৰ 23.67 শতাংশ আৰু শিশুৰ মৃত্যুৰ হাৰ 6.38 শতাংশলৈ হ্ৰাস পায় ৷ জন্মগত হৃদৰোগ চিকিৎসা কাৰ্যসূচীৰ অধীনত বিগত বৰ্ষত 7,400জনৰো অধিক শিশুক চিকিৎসা সেৱা প্ৰদান কৰা হৈছে ৷ অসমৰ পাঁচখন জিলাত প্ৰাপ্তবয়স্কসকলৰ বাবে জাপানীজ এনকেফেলাইটিচৰ প্ৰতিষেধক প্ৰদানৰ বাবে 35 কোটি টকাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে চৰকাৰে ৷

2020 শৈক্ষিত বৰ্ষৰ পৰা ডিফু চিকিৎসা মহাবিদ্যালয়ত এমবিবিএছ শ্ৰেণীসমূহ আৰম্ভ কৰিবলৈ পৰিকল্পনা কৰিছে চৰকাৰে ৷ 2021-22 বিত্তীয় বৰ্ষত উত্তৰ-লখিমপুৰ চিকিৎসা মহাবিদ্যালয়, ধুবুৰী চিকিৎসা মহাবিদ্যালয়, নগাঁও চিকিৎসা মহাবিদ্যালয়, নলবাৰী চিকিৎসা মহাবিদ্যালয়, তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় আৰু কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈ উঠিব ৷ চৰাইদেউ, গোৱালপাৰা আৰু বিশ্বনাথত আন তিনিখন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ ব্যৱস্থা গ্ৰহণ আৰু কৰিমগঞ্জ চিকিৎসা মহাবিদ্যালয় স্থাপনৰ বাবে স্থান বাছনি কৰি থকা হৈছে ৷

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীনত এখন ছুপাৰ স্পেছিয়েলিটী হাস্পতাল কাৰ্যক্ষম কৰি তোলাৰ ব্যৱস্থা লৈছে চৰকাৰে ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত কৰ্মৰত চিকিৎসকসকলে ব্যক্তিগতভাৱে চিকিৎসা সেৱা আগবঢ়াব নোৱাৰিব ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ফেকাল্টি সদস্যসকলক এইমছৰ আৰ্হিত সংশোধিত দৰমহা গাঁথনিৰ প্ৰৱৰ্তন কৰা হ'ব ৷ একেই ব্যৱস্থা অসম চিকিৎসা মহাবিদ্যালয় আৰু শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ বাবেও গ্ৰহণ কৰা হ'ব ৷ ব্যক্তিগত খণ্ডৰ নাৰ্ছিং হ'মবিলাকক নিয়ন্ত্ৰণৰ বাবে এটা নিয়ামক ব্যৱস্থা প্ৰৱৰ্তনৰ বাবে এখন সমিতি গঠন কৰা হ'ব ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.