গুৱাহাটী, 30 নৱেম্বৰ : গুৱাহাটী মহানগৰীৰ গুৱাহাটী ক্লাব অঞ্চলৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা চ'কত সোমবাৰে সদৌ অসম এ এন এম (প্ৰশিক্ষণপ্ৰাপ্ত) সন্থাই হাতে হাতে বেনাৰ-পোষ্টাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে (ANM protest at Guwahati Club) । প্ৰশিক্ষণপ্ৰাপ্ত এ এন এম(ANM) সকলক নিযুক্তিৰ ব্যৱস্থা কৰা, চলিত বৰ্ষৰ 10 জানুৱাৰীত হৈ যোৱা পৰীক্ষাৰ ফলাফল ঘোষণা কৰা ইত্যাদি বিভিন্ন বিষয় লৈ সদৌ অসম এ এন এম সন্থাই এই প্ৰতিবাদী (All Assam ANM Association's Protest) কাৰ্যসূচী গঢ়ি তোলে ৷
ব্যক্তিগত নাৰ্চিং হোমত কৰ্মৰত এ এন এম সকলক শ্ৰমিক আইন অনুসাৰি দৰমহা আৰু আন আন সুবিধা প্ৰদান, নিযুক্তিৰ সময়ত বয়সৰ উৰ্দ্ধসীমা ৰেহাই দিয়া, সকলো এ এন এমৰ নিযুক্তি নোহোৱালৈকে নতুন পাঠ্যক্ৰম বন্ধ ৰখাৰ দাবী উত্থাপন কৰি এই সদৌ অসম এ এন এম সন্থাই গুৱাহাটী ক্লাবত প্ৰতিবাদ সাব্যস্ত কৰে ৷ এই প্ৰতিবাদ সাব্যস্ত কৰি প্ৰতিবাদকাৰী সকলে কয় যে, বিগত কেইবাটাও বছৰ ধৰি বিভিন্ন ধৰণৰ সমস্যাত ভুগি আহিছে ।
লগতে চৰকাৰৰ অন্তৰ্গত বিভিন্ন প্ৰশিক্ষণ কেন্দ্ৰবোৰত লাখ লাখ টকা খৰচ কৰি এ এন এম প্ৰশিক্ষণ লৈ বছৰৰ পিছত বছৰ নিবনুৱা হৈ থকাটো অতি দুৰ্ভাগ্যজনক বুলিও মন্তব্য কৰে ভুক্তভোগী প্ৰতিবাদকাৰী সকলে ৷ ইয়াৰোপৰি অসমৰ চৰকাৰে এইক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰি জনসাধাৰণৰ স্বাস্থ্যৰ সৈতে হেতালি খেলি আহিছে বুলিও অভিযোগ প্ৰতিবাদকাৰী সকলৰ ।
আনহাতে, অসমৰ চৰকাৰে বিভিন্ন সময়ত প্ৰকাশ পোৱা বিজ্ঞাপনসমূহত এ এন এম সকলক অৱজ্ঞা কৰি জি এন এম সকলক কৰ্ম সংস্থাপন সুবিধা প্ৰদান কৰি আহাৰো অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰী সকলে ।ইতিমধ্যে প্ৰতিবাদকাৰী সকলে এই সন্দৰ্ভত মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ এখনো প্ৰেৰণ কৰে । লগতে দাবীসমূহ সমাধান নকৰিলে অনাগত দিনত এন এইছ এমৰ (NHM) কাৰ্যালয়ত অনশনত কৰাৰো হুংকাৰ দিয়ে এ এন এম (প্ৰশিক্ষণপ্ৰাপ্ত) সন্থাই ।
লগতে পঢ়ক: Congress protest against price hike : মূল্যবৃদ্ধি ৰোধৰ বাবে চৰকাৰক সকীয়নি কংগ্ৰেছৰ