ETV Bharat / city

সোণাৰীত গ্ৰন্থ উন্মোচনী অনুষ্ঠান সম্পন্ন - three books inaugurated at sonari sivsagar assam etv bharat news

সোমবাৰে চৰাইদেউ সোণাৰিৰ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ সভাকক্ষত চৰাইদেউ জিলা সাহিত্য সভাৰ সম্পাদক ড৹ ৰঘুনাথ কাগয়ুঙৰ সভাপতিত্বত অনুষ্ঠিত হয় এখন গ্ৰন্থ উন্মোচনী সভা ৷ এই সভাখনত উন্মোচন কৰা হয় তিনিখনকৈ গ্ৰন্থ ।

inaugurated-three book at sonari
সাহিত্য অকাডেমি বঁটা প্ৰাপক জয়ন্ত মাধৱ বৰাই উন্মোচন কৰিলে তিনিখনকৈ গ্ৰন্থ
author img

By

Published : Nov 9, 2021, 10:12 AM IST

মৰাণ, 9 নৱেম্বৰ : ক'ভিডৰ সংক্ৰমণ সামান্য পৰিমাণে হ্ৰাস হোৱাত পুনৰ আৰম্ভ হৈছে সাহিত্য চৰ্চামূলক অনুষ্ঠান । সোমবাৰে চৰাইদেউৰ সোণাৰিৰ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ সভাকক্ষত অনুষ্ঠিত হয় গ্ৰন্থ উন্মোচনী সভা ৷ চৰাইদেউ জিলা সাহিত্য সভাৰ সম্পাদক ড৹ ৰঘুনাথ কাগয়ুঙৰ সভাপতিত্বত অনুষ্ঠিত এই সভাখনত উন্মোচন কৰা হয় তিনিখনকৈ গ্ৰন্থ ।

এই গ্ৰন্থ উন্মোচনী সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সাহিত্য একাডেমি বঁটা প্ৰাপক, বিশিষ্ট ঔপন্যাসিক তথা গল্পকাৰ জয়ন্ত মাধৱ বৰা । উক্ত অনুষ্ঠানত উন্মোচিত গ্ৰন্থ কেইখন হ'ল পূৰৱী বৰুৱা ফুকনৰ "প্ৰসংগ : অসমীয়া লোক সংস্কৃতি", তৰু ডি বৰাৰ "জীৱন-সম্বন্ধ ইত্যাদি" আৰু নিজৰা গগৈৰ "জোনাকত ককাৰ সাধু"।

inaugurated-three book at sonari
সাহিত্য একাডেমি বঁটা প্ৰাপক জয়ন্ত মাধৱ বৰাই উন্মোচন কৰিলে তিনিখনকৈ গ্ৰন্থ

শিক্ষাবিদ মণি গগৈয়ে গছপুলি ৰোপন কৰি শুভাৰম্ভ কৰা উক্ত অনুষ্ঠানটোত গুৱাহাটীৰ ভাষা পাব্লিকেচনৰ অধ্যক্ষ মুকুট শৰ্মা, নিৱন্ধকাৰ সুৰেশ কুমাৰ অতিথি হিচাপে উপস্থিত থাকে । চৰাইদেউ জিলা সাহিত্য সভাৰ সভাপতি প্ৰিয়বৰ কোঁৱৰে বন্তি প্ৰজ্বলন কৰা অনুষ্ঠানটোত স্থানীয় শিল্পীসকলে টাই জাতীয় সংগীত পৰিৱেশন কৰে । এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত এই গ্ৰন্থ উন্মোচনী সভাত বিশিষ্ট সাহিত্যিক অতুল বৰগোঁহাই, কবি ৰঞ্জিত দত্ত, সমাজকৰ্মী দিগন্ত দত্ত উপস্থিত থাকে ৷

লগতে পঢ়ক : লামডিং বনাঞ্চলত উচ্ছেদ অভিযান; কি হ’ব গৃহহাৰাৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.