ডিব্ৰুগড়/গুৱাহাটী, ২৯ নৱেম্বৰ : বলিউডৰ তাৰকা মুন্নাভাই খ্যাত সঞ্জয় দত্ত দুদিনীয়া ভ্ৰমণসূচী লৈ সোমবাৰে উপস্থিত হয় চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ(Superstar Sanjay Dutt in Dibrugarh Enroute to Arunachal Pradesh)ত । অৰুণাচলৰ সোণালী জয়ন্তী বৰ্ষৰ আৰম্ভণি উৎসৱত অংশগ্ৰহণৰ বাবে সোমবাৰে পুৱা ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰত উপস্থিত হয় বলীউডৰ প্ৰখ্যাত অভিনেতাগৰাকী ৷ ইয়াৰ পিছতে মোহনবাৰী বিমান বন্দৰৰ পৰাই তাৰকাগৰাকীয়ে হেলিকপ্টাৰৰে উৰা মাৰে অৰুণাচলৰ মেচুকালৈ ।
অৰুণাচল চৰকাৰৰ ৰাজ্যিক অতিথিৰূপে অহা সঞ্জয় দত্তই প্ৰকৃতিৰ ভূ-স্বৰ্গ (paradise of nature) মেচুকাত ৰাজ্য চৰকাৰৰ ৰাজ্যিক অতিথি হিচাপে দুদিন কটাব । তেওঁ অৰুণাচল চৰকাৰৰ ব্ৰেণ্ড এম্বেছাডৰ । অৰুণাচলৰ সোণালী বৰ্ষৰ উৎসৱত অংশগ্ৰহণৰ বাবে সোমবাৰে মেচুকালৈ আহে অভিনেতাগৰাকী ৷ বলিউড ষ্টাৰগৰাকীয়ে ডিব্ৰুগড়ৰ পৰা সেনা বাহিনীৰ এখন বিশেষ বিমানেৰে মেচুকালৈ উৰা মাৰে ৷
লগতে পঢ়ক : Urmila Mahanta ক বিয়া কৰাবলৈ দৰা সাজি আহিল দাক্ষিণাত্যৰ অভিনেতা আৰ বদ্ৰী