মৰাণ, 12 ফেব্ৰুৱাৰী : ডিব্ৰুগড় জিলাৰ মৰাণত মঙলবাৰে দিন দুপৰতে সংঘটিত হ'ল ধন লোটৰ ঘটনা ৷ প্ৰাপ্ত খবৰ অনুসৰি, বিয়লি প্ৰায় 2 বজাত ভাৰতীয় ষ্টেট বেংক,মৰাণ শাখাৰ পৰা দলপা নিৱাসী বসন্ত চুতীয়াই তিনি লাখ টকা উলিয়াই বেংকৰ ভিতৰতে আন এজন লোকক এক লাখ টকা আদায় দিয়ে ৷ ইয়াৰ পাচত চুতীয়াই বেগত দুই লাখ টকা লৈ মটৰ চাইকেলেৰে বেংকটোৰ পৰা ওলাই যাওতেই মটৰ চাইকেলত অহা দুই দুৰ্বৃত্তই আগভেটি ধৰি টকাৰ বেগটো কাঢ়ি নিয়ে ৷ দুৰ্বৃত্ত দুটাই ঘটনা সংঘটিত কৰিয়ে মৰাণ-নাহৰকটীয়া পথেৰে পলায়ন কৰে ৷
ইয়াৰ পাচতে বসন্ত চুতীয়াই দুৰ্বৃত্ত দুটাৰ পিছ লয় যদিও মৰাণ-নাহৰকটীয়া বাছ আস্থানৰ সমীপতে দুৰ্ঘটনাত পতিত হৈ গুৰুতৰভাৱে আহত হয় ৷ ফলত দুৰ্বৃত্ত দুটা পলায়ন কৰিবলৈ সক্ষম হয় ৷ আহত বসন্ত চুতীয়া সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ৷ উল্লেখ্য যে,ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীক এজাহাৰ দাখিল কৰা হৈছে যদিও 24 ঘন্টা পাৰ হৈ যোৱাৰ পাছতো মৰাণ আৰক্ষীয়ে দুৰ্বৃত্ত দুটাৰ কোনো সন্ধান উলিয়াব পৰা নাই ৷
আৰু পঢ়ক : এডভান্টেজ অসমৰ চমকঃ বাইহাটাত একেদিনাই 1 হাজাৰ শ্ৰমিকক চাটাই