ETV Bharat / city

কোন সচাঁ কোন মিছা: প্ৰায় এটা বছৰে লাহোৱালত সম্পূৰ্ণ নহ’ল PMGY ৰ বাসগৃহ

মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পাচতো এইবাৰ দুৰ্নীতি তথা অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে লাহোৱালৰ ফুকনখাত গাঁও পঞ্চায়তত ৷ অভিযোগ অনুসৰি, বিগত প্ৰায় এটা বছৰে দৰিদ্ৰ সীমা ৰেখাৰ তলৰ পৰিয়ালৰ নামত অহা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাসগৃহ (Corruption in PMAY scheme at Lahowal) ৷

author img

By

Published : Jun 15, 2022, 5:44 PM IST

Corruption in PMAY scheme at Lahowal
কোন সচাঁ কোন মিছা: প্ৰায় এটা বছৰে লাহোৱালত সম্পূৰ্ণ নহ’ল PMGY ৰ বাসগৃহ

মৰাণ, 15 জুন : দুৰ্নীতি তথা অনিয়মৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্য চৰকাৰ তথা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ আনকি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সকিয়নী প্ৰদান কৰিছিল যে, দৰিদ্ৰৰ নামত আৱণ্টিত চৰকাৰী আৱাসগৃহ নিৰ্মাণৰ নামত কোনো লোকে যাতে উৎকোচ ল’ব নোৱাৰিব (Corruption in PMAY scheme at Lahowal) ৷

যদিহে লয় তেন্তে সেই সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে ৷ মুখ্যমন্ত্ৰীগৰাকীৰ এই হুংকাৰৰ পাচতো গা লৰা নাই ৰাজ্যৰ একাংশ দুৰ্নীতিগ্ৰস্ত লোকৰ । এইবাৰ দুৰ্নীতি তথা অনিয়মৰ সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে লাহোৱালৰ ফুকনখাত গাঁও পঞ্চায়তত ৷

অভিযোগ অনুসৰি, লাহোৱালৰ ফুকনখাত গাঁও পঞ্চায়তত চৰকাৰী আৱাসগৃহ নিৰ্মাণত ব্যাপক দুৰ্নীতি সংঘটিত হৈছে ৷ এই অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ স্থানীয় ৰাইজে ৷ অঞ্চলটোৰ ৰাইজে উল্লেখ কৰা অনুসৰি, ফুকনখাত গাঁও পঞ্চায়তৰ অধীনত অঞ্চলটোৰ কেইবাটাও পৰিয়ালক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ (Pradhan Mantri Awas Yojna) নামত আৱাসগৃহ নিৰ্মাণ কৰাৰ বাবে আবন্টিত হৈছিল 1 লাখ 30 হাজাৰ টকা ৷

লগতে পঢ়ক : ৰাজ্যৰ পাঁচ লক্ষাধিক হিতাধিকাৰিলৈ প্ৰদান কৰা হ'ব PMAY আঁচনিৰ ধন: ৰঞ্জিত দাস

কিন্তু চৰকাৰৰ পৰা টকা অহাৰ পাছতো গাঁও পঞ্চায়তৰ সভানেত্ৰী মিনু গোৱালাই হিতাধিকাৰীসকলক বিগত প্ৰায় এটা বছৰে গৃহ নিৰ্মাণ কৰি দিব নোৱাৰিলে ৷ আনকি অঞ্চলটোৰ হিতাধীকাৰীসকলৰ পাচবুক তথা বেংকৰ সকলো তথ্য পঞ্চালয়ত সভানেত্ৰীগৰাকীয়ে নিজৰ হাতত ৰাখি হৈছে ৷ এই অভিযোগ তৰিছে অঞ্চলটোৰ হিতাধীকাৰীসকলে ৷

আশ্চৰ্কৰ বিষয় এইটোৱে যে, অঞ্চলটোত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত আৱন্টিত বহু কেইটা আৱাসগৃহ বৰ্তমানেও সম্পূৰ্ণ হৈ উঠা নাই ৷ অৱশ্যে এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষ তথা স্থানীয় বিধায়ক বিনোদ হাজৰিকাই কি পদক্ষেপ গ্ৰহণ কৰিব, সেয়া পৰৱৰ্তী সময়তহে লক্ষ্যণীয় হ'ব ।

আনহাতে, এই বিষয়ত পঞ্চায়ত সভানেত্ৰীগৰাকীক সাংবাদিকে প্ৰশ্ন কৰাত হিতাধীকাৰীৰ বিপৰীতেহে মন্তব্য প্ৰকাশ কৰে ৷ পঞ্চায়ত সভানেত্ৰীগৰাকীয়ে কয় যে, চৰকাৰী আৱাসগৃহ নিৰ্মাণৰ বাবদ অহা সকলো ধন হিতাধিকাৰীৰ বেংক একাউন্টত সোমাইছিল । তেওঁলোকে ধনৰ সদ ব্যৱহাৰ নকৰাৰ বাবেহে বিগত এটা বছৰে ঘৰৰ নিৰ্মাণ কাৰ্য হৈ উঠা নাই সম্পূৰ্ণ ।

লগতে পঢ়ক : তামুলপুৰত অন্তৰ্ধান খাদ্য সুৰক্ষাৰ চাউল ভৰ্তি 4 খন ট্ৰাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.