ETV Bharat / city

বান বিভীষিকাৰ মাজতে ৰাজ্য়জুৰি কংগ্ৰেছৰ প্ৰতিবাদ - ৰাহুল গান্ধীক EDৰ জেৰাৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

ৰাহুল গান্ধীক EDৰ জেৰাৰ বিৰুদ্ধে বানৰ মাজতে ৰাজ্য়জুৰি কংগ্ৰেছৰ প্ৰতিবাদ অব্য়াহত ( Protest Against ED Interrogation) । ধুবুৰীত ৰাজীৱ ভৱনৰ সন্মুখতে আৰক্ষীৰ বাধা প্ৰদান । চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ ।

বান বিভীষিকাৰ মাজতে ৰাজ্য়জুৰি কংগ্ৰেছৰ প্ৰতিবাদ

author img

By

Published : Jun 18, 2022, 10:55 AM IST

নিউজ ডেস্ক,১৮ জুন: কংগ্ৰেছ নেতা ৰাহুল গান্ধীক EDৰ জেৰা ( Protest Against ED Interrogation ) আৰু অনাধিকাৰে দিল্লী আৰক্ষীয়ে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ কাৰ্যালয়ত প্ৰৱেশৰ বিৰোধিতাৰে শুকুৰবাৰে কংগ্ৰেছে ৰাজ্য়জুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (Congress Protest In Assam) । ৰাজ্যত বানৰ ভয়াবহ পৰিস্থিতিৰ মাজতে শুকুৰবাৰে সোণাৰিত চৰাইদেউ জিলা কংগ্ৰেছে জনালে তীব্ৰ প্ৰতিবাদ । চৰাইদেউ জিলা কংগ্ৰেছৰ সভাপতি অনুজ বৰকটকীৰ নেতৃত্বত সাব্যস্ত কৰে এই প্ৰতিবাদী কাৰ্যসূচী । সোণাৰিত কংগ্ৰেছ কৰ্মী সকলে প্ৰতিবাদ সাব্যস্ত কৰি বিজেপি চৰকাৰে ষড়যন্ত্ৰ কৰি ৰাহুল গান্ধীৰ ভাৱমূৰ্তি ম্লান কৰাৰ চেষ্টা কৰা বুলি অভিযোগ কৰিছে ।

ইপিনে, ধুবুৰী জিলা কংগ্ৰেছৰ উদ্যোগতো এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা বুলি জানিব পৰা গৈছে । জিলা কংগ্ৰেছৰ সভাপতি চামছুল ইছলামৰ নেতৃত্বত কংগ্ৰেছৰ প্ৰতিবাদী সমদলটোৱে জিলা উপায়ুক্তৰ কৰ্যালয় ঘেৰাও কাৰ্যসূচী লৈছিল যদিওঁ ৰাজীৱ ভৱনৰ সন্মুখতেই ধুবুৰী আৰক্ষীয়ে বেৰিকেট বহুৱাই বাধা প্ৰদান কৰে প্ৰতিবাদকাৰীক । ফলত আৰক্ষীৰ বেৰিকেটৰ সন্মুখতেই কংগ্ৰেছে বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । পিছত ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষী বিষয়া আৰু দণ্ডাধীশ পৰ্যায়ৰ বিষয়াৰ সৈতে হোৱা আলোচনা মৰ্মে আন্দোলনৰ কাৰ্যসূচী প্ৰত্যাহাৰ কৰে জিলা কংগ্ৰেছে ।

congress
বান বিভীষিকাৰ মাজতে ৰাজ্য়জুৰি কংগ্ৰেছৰ প্ৰতিবাদ

উল্লেখ্য় যে ৰাহুল গান্ধীক EDয়ে Money Launderingৰ গোচৰত তলব কৰাৰ পাচতে দেশজুৰি কংগ্ৰেছ কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে । বিজেপি চৰকাৰে আক্ৰোশমূলকভাৱে ৰাহুল গান্ধীৰ ভাৱমূৰ্তি ম্লান কৰাৰ অপচেষ্টা চলোৱাৰ অভিযোগ কংগ্ৰেছৰ ।

লগতে পঢ়ক:ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় পথত এতিয়া চলিব কেৱল জৰুৰী সেৱাৰ বাহন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.