ETV Bharat / city

ক'ভিডক লৈ এতিয়া চিন্তা কৰিব নালাগে : মুখ্যমন্ত্ৰী - সোণাৰিত দুদিনীয়া কাৰ্যসূচীৰে উপস্থিত মুখ্যমন্ত্ৰী

ক’ভিডক লৈ বিশেষ মন্তব্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (Himanta Biswa Sarma on covid) ৷ এতিয়া ক’ভিডক লৈ চিন্তিত হোৱাৰ পৰিৱৰ্তে কামত জপিয়াই পৰিবলৈ ৰাইজক আহ্বান মুখ্যমন্ত্ৰীগৰাকীৰ ৷ সোণাৰিত এই মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ৷

cm-himanta-biswa-sarma-reacts-on-covid-19-situation
ক'ভিডক লৈ এতিয়া চিন্তা কৰিব নালাগে, এতিয়া কামকাজত জপিয়াই পৰিব লাগে : মুখ্যমন্ত্ৰী
author img

By

Published : May 2, 2022, 5:26 PM IST

মৰাণ, 2 মে’: ‘‘ক'ভিডক লৈ এতিয়া চিন্তা কৰিব নালাগে, এতিয়া কাম-কাজত জপিয়াই পৰিব লাগে ৷’’ দেওবাৰে সোণাৰিত উপস্থিত হৈ নিৰ্মীয়মান চৰাইদেউ জিলা চিকিৎসালয়ৰ (Charaideo Medical College) কাম-কাজৰ অগ্ৰগতিৰ বুজ লৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই কথা মন্তব্য কৰে (CM Himanta Biswa Sarma reacts on Covid-19 Situation) ৷

দুদিনীয়া কাৰ্যসূচীৰে শিৱসাগৰ আৰু চৰাইদেউ জিলা ভ্ৰমণৰ বাবে অহা মুখ্যমন্ত্ৰী গৰাকীয়ে ক'ভিডক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, দুটা বছৰ ক'ভিড পৰিস্থিতিৰ বাবে সকলোৰেই যথেষ্ট ক্ষতি হৈছে । এতিয়া অৰ্থনৈতিক কামকাজত জড়িত হ'ব লাগে । লগতে ক'ভিডৰ কথা বিলাক প্ৰচাৰ কৰি থাকিলেও ৰাইজৰ মাজত শংকা সৃষ্টি হয় । সেয়ে এই বিষয়ৰ পৰা সকলোকে আঁতৰি থাকিবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

ক'ভিডক লৈ এতিয়া চিন্তা কৰিব নালাগে, এতিয়া কামকাজত জপিয়াই পৰিব লাগে : মুখ্যমন্ত্ৰী

ইফালে, দুটা বছৰ ক'ভিড পৰিস্থিতিৰ পাছত পুনৰ ক'ভিডে বিভিন্ন ৰাজ্যৰ লগতে অসমতো মূৰ দাঙি উঠিব ধৰাৰ সময়তে ৰাইজৰ মাজত এক শংকা আৰম্ভ হৈছিল । আনহাতে অসমৰ কোনো কোনো জিলাত বিগত কেইটামান দিনত দুই এজনৰ দেহত ক'ভিড পজিটিভো ধৰা পৰিছিল ।

ইয়াৰ পাছতে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ক'ভিডক লৈ নতুন SOP প্ৰদান কৰাৰ সম্ভাৱনা থকাৰ কথা উল্লেখ কৰিছিল । পিছে এই সম্ভাৱনা মষিমূৰ কৰি মুখ্যমন্ত্ৰীয়ে সকলোকে অৰ্থনৈতিক কাম-কাজত জড়িত হ’বলৈ আহ্বান জনালে ৷

লগতে পঢ়ক: নিৰ্মীয়মান চৰাইদেউ জিলা চিকিৎসালয়ৰ অগ্ৰগতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.