ETV Bharat / city

পানীৰ সংকটত জৰ্জৰিত এখন গাঁৱৰ কথাৰে... - পানীৰ সংকট

এটুপি পানীৰ বাবে হাহাকাৰ ধুবুৰী জিলাৰ এখন গাঁৱত । 50 বছৰে গাঁওবাসীক প্ৰতাৰণা জনপ্ৰতিনিধিৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শেষ ভৰষা ৰাইজৰ ৷

এটুপি পানীৰ বাবে হাঁহাকাৰ ধুবুৰী জিলাৰ এখন গাঁৱত
author img

By

Published : Jul 5, 2019, 12:22 PM IST

ধুবুৰী,5 জুলাইঃ পানীয়ে প্ৰাণীৰ প্ৰাণ । পানী অবিহনে সম্ভৱ নহয় মানৱ জীৱন, কিন্তু একেসময়তে এটুপি পানীৰ বাবে দৈনিক সংঘৰ্ষ কৰিবলগীয়া হৈছে ধুবুৰী জিলাৰ হাজাৰীঝৰ্ণা গাঁৱৰ ৰাইজে । জিলাখনৰ গৌৰীপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত এই গাঁওখনৰ বাসিন্দা ৪০০ টা পৰিয়াল । ধুবুৰীৰ পৰা মাথোঁ ২০ কিলোমিটাৰ দূৰত অৱস্থিত এই গাঁওখন বিগত ৫০ বছৰে পানীৰ মৌলিক সুবিধাৰ পৰাও বঞ্চিত । এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে প্ৰত্যক দিনাই পৰিয়াল সমূহৰ মাজত লাগে হুৱা-দুৱা । হাতত বাল্টি, কলহ লৈ এক কিলোমিটাৰতকৈ অধিক দূৰত্ব খোজকাঢ়ি অঞ্চলটোৰ একমাত্ৰ দমকলটোৰ পৰা সকলোৱে সংগ্ৰহ কৰে পানী । সেয়া তেওঁলোকৰ খোৱাপানীৰ লগতে ৰন্ধা-বঢ়া, গা ধোৱা, বাচন-বৰ্তন ধোৱা আদি সকলো কামৰ বাবে প্ৰয়োজনীয় পানী ।

পানীৰ সংকটত জৰ্জৰিত এখন গাঁৱৰ কথাৰে

পাহাৰীয়া বাবে অঞ্চলটোত পানী পাবলৈ হ’লে বহু গভীৰলৈ খান্দিব লাগে, যাৰ খৰছ প্ৰায় ৩০/৪০ হাজাৰ টকাৰ ৷ মূলত দিন হাজিৰা নাইবা আন সৰু সুৰা কাম কৰি জীৱন নিৰ্বাহ কৰা গাঁওখনৰ অধিকাংশ পৰিয়ালৰে নাই সেই সামৰ্থ । বহু বছৰ পূৰ্বে পৰিয়ালবোৰে চান্দা তুলি বহুৱা দমকলটো এতিয়াও গাঁৱৰ ৰাইজৰ একমাত্ৰ ভৰসা । ৰাজনৈতিক দলৰ নেতা-পালিনেতাৰ ওপৰত গাঁওখনৰ ৰাইজ এতিয়া বাৰুকৈয়ে ক্ষুব্ধ । ৰাইজৰ অভিযোগ যে নিৰ্বাচন আহিলেই নেতাই ভোটৰ লোভত প্ৰত্যকবাৰ পানীৰ ব্যৱস্থা কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে কিন্তু সময়ৰ লগে লগে ফুটুকাৰ ফেনত পৰিণত হয় তেওঁলোকৰ প্ৰতিশ্ৰুতি । ৰাইজৰ খবৰ ল’বলৈ আজিলৈকে সময় নাপালে প্ৰশাসন অথবা সংশ্লিষ্ট চৰকাৰী কৰ্তৃপক্ষই ৷ শেষত ৰাইজৰ এতিয়া অন্তিম ভৰসা প্ৰধানমন্ত্ৰী মোডী । প্ৰধানমন্ত্ৰীৰ সাম্প্ৰতিক স্থিতিয়ে পুনৰ আশাৰ সঞ্চাৰ কঢ়িয়াই আনিব বুলি ৰাইজ আশাবাদী ।

SLUG- AS_DHB_807_810_4JULY_DRINKING_WATER_VIS+BYTE_PTC_7203850
( Files send through MOJO )

    Anchor:- এটুপি পানীৰ বাবে দীৰ্ঘদিনৰ পৰাই হাঁহাকাৰ কৰিবলগীয়া হৈ আছে ধুবুৰী জিলাৰ এখন গাওঁৰ গৰিষ্ঠ সংখ্যক পৰিয়াল। নিৰ্বাচনৰ সময়ত ভোট লৈ যোৱা জনপ্ৰতিনিধিৰ খবৰ নাই। ভূক্তভোগী পৰিয়ালৰ বহুতোৰে এতিয়া অন্তিম ভৰসা প্ৰধানমন্ত্ৰী মোডি৷

     vo:- দীৰ্ঘ বহু বছৰৰ পৰাই এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাঁহাকাৰ কৰিবলগীয়া হৈ আছে ধুবুৰী জিলাৰ এখন গাওঁৰ ৰাইজ৷ ধুবুৰী জিলাৰ গৌৰীপুৰ বিধানসভা সমষ্টিৰ আলমগঞ্জ নৱম খণ্ড গাওঁৰ হাজাৰীঝৰ্ণা নামৰ  গাওঁখনৰ বাসিন্দা ৪০০ টাকৈ পৰিয়ালৰ অধিকাংশই  খোৱাপানীৰে পৰা আৰম্ভ কৰি ৰন্ধা-বঢ়া, গা ধোৱা, বাচন-বৰ্তন ধোৱা আদি বিভিন্ন কামৰ বাবে প্ৰয়োজনীয়  পানীৰ বাবে নিৰ্ভৰ কৰিব লাগে এটা জীৰ্ণ  দমক'লৰ ওপৰত৷  দৈনিক পুৱা হ'লেই গাওঁখনৰ অধিকাংশ পৰিয়ালৰ মাজত হুৱা দুৱা লাগে সেই দমকলটোৰ পৰা প্ৰয়োজনীয় পানী অনাৰ৷ কোঁচত কলহ, হাতত বাল্টি লৈ  কোনোবাই আধা কিলোমিটাৰ, কোনোবাই এক কিলোমিটাৰ অথৱা তাতকৈ অধিক দূৰত্ব খোজকাঢ়ি আহি দমকলটোৰ পৰা সংগ্ৰহ কৰে পানী৷ উল্লেখ্য যে পাহাৰীয়া সেই অঞ্চলটোত পানী পাবলৈ হ'লে বহু গভীৰলৈ খুন্দিব লাগে  যাৰ বাবে এটা দমকল বহুৱাৰ বাবে প্ৰয়োজন হয় প্ৰায় ৩০/৪০ হাজাৰ টকাৰ৷ পিছে মূলতঃ দিন হাজিৰা অথৱা অন্যান্য সৰু সুৰা কাম কৰি জীৱন নিৰ্বাহ কৰা গাওঁখনৰ অধিকাংশ পৰিয়ালৰে নাই সেই আৰ্থিক সামৰ্থ্য৷ ফলত বহু বছৰ পূৰ্বেই দুখীয়া পৰিয়ালবোৰে চান্দা তুলি গাওঁখনৰ নামনি অংশত বহুৱাইছিল এটি দমকল আৰু বৰ্তমানলৈ সেই দমকলটোৰ ওপৰত ভৰসা কৰি  চলি আছে বৃহত্তৰ সেই অঞ্চলটোৰ ৰাইজ৷ ইফালে এটুপি খোৱাপানীৰ বাবে হাঁহাকাৰ কৰিবলগীয়া গাওঁখনৰ ক্ষুব্ধ একাংশ ৰাইজৰ অভিযোগ এয়াও যে যিকোনো নিৰ্বাচন আহিলেই বিভিন্ন ৰাজনৈতিক দলৰ নেতা-পালিনেতাই জিকিলে পানীৰ ব্যৱস্থা কৰাৰ প্ৰতিশ্ৰুতি সময় বাগৰাৰ লগে লগে এক ফুটুকাৰ ফেণত পৰিণত হোৱাৰো৷ লগতে তাৎপৰ্যপূৰ্ণ বিষয় এয়াও যে জিলা সদৰ ধুবুৰীৰ পৰা মাথো ২০ কিলোমিটাৰ দূৰৰ এই গাওঁখনৰ ৰাইজক সকাহ দিবলৈ আজিলৈ সময় পোৱা প্ৰশাসন অথৱা সংশ্লিষ্ট চৰকাৰী বিভাগটোৱে৷ ইফালে এটুপি পানীৰ  বাবে পুৱাৰ পৰা অইন সকলো কাম বাদ দি পানীৰ বাবে লৰা-ঢোপোলা কৰিবলগীয়া হৈ হতাশ হাজাৰীঝৰ্ণাৰ ভূক্তভোগী পৰিয়ালৰ একাংশৰ মাজত খোৱা পানী সন্দৰ্ভত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সাম্প্ৰতিক স্থিতিক লৈ এতিয়া পুনৰ আশাৰ সঞ্চাৰ ঘটিছেআৰু আশা প্ৰকাশ কৰিছে তেওঁলোকক সকাহ দিবলৈ শীঘ্ৰে ব্যৱস্থা ল'ব প্ৰধানমন্ত্ৰীয়ে৷
                                Byte:- Local people

            ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.