ETV Bharat / briefs

গোঁসাই গাঁৱত 3 খন ট্ৰাক সহ ছয় জনক আটক আৰক্ষীৰ - seized

ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মণ্টুৰাম বৰাৰ নেতৃত্বত গোঁসাই গাঁও থানাৰ আৰক্ষীয়ে ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা নিশা তিনিখন ট্ৰাক জব্দ কৰাৰ লগতে 6 জন চালকক আটক কৰে আৰক্ষীয়ে ।

গোসাঁই গাঁৱত 3 খন ট্ৰাক সহ ছয় জনক আটক আৰক্ষীৰ

author img

By

Published : Oct 9, 2020, 5:19 PM IST

গোসাইগাঁও,9 অক্টোবৰঃ কোকৰাঝাৰ জিলাৰ গোঁসাই গাঁও সদৰ থানাৰ আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি বুধবাৰে নিশা অভিযান চলাই ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথৰ শ্ৰীৰামপুৰ ভাৰত পেট্ৰ’ল পাম্পৰ ওচৰতে তিনিখন চুপাৰি ভৰ্তি ট্ৰাক জব্দ কৰাৰ লগতে 6 জন লোকক আটক কৰিবলৈ সক্ষম হয় ।

গোঁসাই গাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মণ্টুৰাম বৰাৰ নেতৃত্বত গোঁসাই গাঁও থানাৰ আৰক্ষীয়ে ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথৰ ভাৰত পেট্ৰ'ল পাম্পৰ কাষত আৰক্ষীয়ে এক বিশেষ খবৰৰ ভিত্তিত অভিযান চলাই দিল্লী অভিমুখে গৈ থকা অৱস্থাত তিনিখন ট্ৰাক জব্দ কৰে । আৰক্ষীয়ে জব্দ কৰা ট্ৰাক কেইখনত তালাচী চলাই বৃহৎ পৰিমাণৰ চুপাৰিৰ বস্তা উদ্বাৰ কৰিবলৈ সক্ষম হয় । ইফালে জব্দ কৰা চুপাৰি খিনিত নথি-পত্ৰত যথেষ্ট বিসংগতি ধৰা পৰে বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ হৈছে ।

আনহাতে জব্দকৃত চুপাৰি সমূহ বাৰ্মাৰ পৰা আমদানি কৰা হৈছে বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে ।

ইফালে আৰক্ষীয়ে জব্দ কৰা চুপাৰি ভৰ্তি ট্ৰাক কেইখনৰ নম্বৰ হৈছে - বি-০৬-এ কে ০১৫৭ আৰু ডি এল ১ জি ছি-৫৩২৭,এন এল ০১ এ বি-৫৫৫১ । উক্ত ট্ৰাক তিনি খনৰ চালক ছয়জন ক্ৰমে(১) ওম প্ৰকাশ,(২) জনাৰধন সিং(৩) জিয়াউৰ ৰহমান(৪) হাফিজ(৫) নাছিৰ(৬) বুধিদ কুমাৰক আটক কৰি অধিক তথ্যৰ বাবে আৰক্ষীয়ে সোধপোছ অব্যাহত ৰাখিছে।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.