শদিয়া, 28 আগষ্ট: অসমৰ অন্যতম কলা-সংস্কৃতি,পৰম্পৰাৰে চহকী এটা জনগোষ্ঠী হৈছে চাহ জনগোষ্ঠী ৷ এই বৃহত্তৰ চাহ জনগোষ্ঠীৰ এক অংগ হৈছে ওড়িয়া সকল ৷ ওড়িয়া মূলীয় লোক সকলে পৰম্পৰা অনুসৰি পালন কৰি আহিছে এক বিশেষ উৎসৱ ‘‘নোৱাখাই ৷’’
যি দৰে অসমীয়া গাঁও সমূহত ধান দাই শেষ কৰি আঘোন মাহত নতুন চাউলেৰে ৰন্ধা ‘‘ন’ খোৱা’’ পালন কৰে ঠিক তেনেদৰে ওড়িয়া সকলে পালন কৰে ‘‘নোৱাখাই’’ উৎসৱ ৷
জানিব পৰা মতে, গণেশ চতুৰ্থীৰ পিছৰ পৰা উড়িয়া সকলে আহোধানৰ চাউলেৰে প্ৰস্তুত কৰা বিভিন্ন প্ৰকাৰৰ পিঠা-পনা নীতি নিয়মেৰে আগবঢ়োৱা হয় পিতৃ-পুৰুষলৈ ৷ ইয়াৰ সমান্তৰালকৈ ডেকা-জীয়ৰী সকলে ওড়িয়া লোকনৃত্যৰে উদযাপন কৰে এই উৎসৱ ৷
কাকপথাৰ কুমাচাং চাহ বাগিছাৰ কাক লাইনৰ ওড়িয়ামূলীয় লোক সকলে উলহ মালহেৰে উদযাপন কৰে ‘‘নোৱাখাই’’ উৎসৱ ৷ অসম ওড়িয়া মহাসভাৰ সভাপতিয়ে জানিব দিয়া মতে প্ৰত্নতাত্বিক যুগৰে পৰা পালন কৰি আহিছে এই ‘‘নোৱাখাই’’ উৎসৱ ৷
এই সন্দৰ্ভত নিজৰ কলা, সংস্কৃতি, পৰম্পৰা জীয়াই ৰাখি অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সৈতে মিলা-প্ৰীতি আৰু ঐক্যৰ এনাজৰী দাল ইয়াৰ জৰিয়তে অধিক মধুৰ হওক বুলি মন্তব্য কৰে সভাপতিগৰাকীয়ে ৷ চাহ জনগোষ্ঠীৰ ওড়িয়ামূলীয় লোক সকলৰ নিজ কলা, সংস্কৃতি, পৰম্পৰা জীয়াই ৰখাৰ প্ৰচেষ্টা সঁচাকৈ প্ৰশংসনীয় ৷