ETV Bharat / briefs

বহিঃৰাজ্যৰ এগৰাকী লোকক কেন্দ্ৰ কৰি মালিগাঁৱত আতংক

নিজৰ ভ্ৰমণসূচী গোপনে ৰাখি হোম কোৱাৰেইন্টাইনত থকাৰ পৰিৱৰ্তে মালিগাঁৱৰ বিভিন্ন অঞ্চলত ঘূৰি ফুৰিছিল বিষয়াগৰাকী ।

Horrible situation in Maligaon for one man

author img

By

Published : Jun 8, 2020, 9:41 PM IST

গুৱাহাটী, ৮ জুন: বহিঃৰাজ্যৰ পৰা অহা এগৰাকী ৰে'ল কৰ্মচাৰীকলৈ মালিগাঁৱত আতংক। ৰে'ল বিভাগৰ ডেপুটি চি এছ টি ই পদৰ জি আৰ হিন্দোনিয়া নামৰ বিষয়াগৰাকীৰ বাবে সৃষ্টি হয় এই পৰিস্থিতিৰ। দেওবাৰে ব্ৰহ্মপুত্ৰ মেইলৰ ইঞ্জিন কক্ষত পশ্চিমবংগৰ পৰা গুৱাহাটীলৈ আহিছিল বিষয়াজন । নিজৰ ভ্ৰমণ সূচী গোপনে ৰাখি হিন্দোনিয়াই হোম কোৱাৰেইন্টাইনত থকাৰ পৰিৱৰ্তে ঘূৰি ফুৰিছিল ।

Horrible situation in Maligaon for one man
বহিঃৰাজ্যৰ এগৰাকী লোকক কেন্দ্ৰ কৰি মালিগাঁৱত আতংক

ৰে'ল কৰ্তৃপক্ষই বিষয়টো অৱগত হোৱাৰ পাছত গোশালা আৰক্ষীক খবৰ দিয়ে । লগে লগে আৰক্ষী আৰু স্বাস্থ্য বিভাগৰ লোক উপস্থিত হৈ বিষয়াগৰাকীৰ লগতে পৰিয়ালৰ লোকক সকিয়নী দিয়ে । উল্লেখযোগ্য যে বিষয়া জি আৰ হিন্দোনিয়াৰ পত্নী আৰু কন্যাও বিমানযোগে ঘৰলৈ আহিছিল । কিন্তু সমাজৰ প্ৰতি দায়িত্বজ্ঞানহীনতাৰ পৰিচয় দি ৰে'ল বিষয়াগৰাকীয়ে বিনাদ্বিধাই মালিগাঁৱত ঘূৰি আছিল। বৰ্তমান স্বাস্থ্য বিভাগৰ কৰ্মীয়ে হোম কোৱাৰেইন্টাইনৰ বেনাৰ আঁৰি দিয়ে ঘৰটোত।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.