বটদ্ৰৱা,২জুনঃ প্ৰাক্তন সেনা বিষয়া সোণা উল্লাহক ডিটেইচন কেম্পৰ পৰা বিনা চৰ্তে মুক্তিৰ দাবীত বটদ্ৰৱাত প্ৰতিবাদ সাব্যস্ত কৰে এ আই ইউ ডি এফে । বিধায়ক আমিনুল ইছলামে দলীয় কৰ্মী-সমৰ্থকসকলক লগত চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল কৰি তোলে বটদ্ৰৱাৰ ৰাজপথ ।
বিধায়ক আমিনুল ইছলামৰ অভিযোগ অনুসৰি চৰকাৰৰ নিৰ্দেশমতেই বিদেশী ন্যায়াধিশকৰণে কাম কৰি আছে । সেয়ে প্ৰকৃত ভাৰতীয় নাগৰিকক বিদেশী সজাই হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰিছে বিধায়কগৰাকীয়ে ৷