ETV Bharat / bharat

Delhi Flood : যমুনাৰ বাঢ়নী পানীয়ে স্পৰ্শ কৰিছে তাজমহলৰ দেৱাল

দিল্লীত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে । যুমানৰ বাঢ়নী পানীয়ে প্লাৱিত কৰিছে ৰাজধানী চহৰৰ বৃহত্তৰ অঞ্চল । ৪৫ বছৰৰ ভিতৰত প্ৰথমবাৰলৈ যমুনাৰ বাঢ়নী পানীয়ে তাজমহলৰ দেৱাল স্পৰ্শ কৰিছে । কেইবাটাও স্মাৰকৰ প্ৰতি আহিছে ভাবুকি ।

author img

By

Published : Jul 17, 2023, 2:13 PM IST

Delhi Flood
যুমনাৰ বাঢ়নী পানীয়ে স্পৰ্শ কৰিছে তাজমহলৰ দেৱাল

নেশ্যনেল ডেস্ক,১৭ জুলাই : উন্নত হোৱা নাই দিল্লীৰ বান পৰিস্থিতি । যোৱা ৪৫ বছৰত প্ৰথমবাৰৰ বাবে যমুনাৰ বাঢ়নী পানীয়ে ইউনেস্কোৰ বিশ্ব ঐতিহ্যক্ষেত্ৰ আইকনিক তাজমহলৰ দেৱাল স্পৰ্শ কৰিছে । ৰামবাগ, এটমাদুদ্দাউলা, জোহৰি বাগ আৰু মেহতাব বাগৰ দৰে অন্যান্য স্মাৰকসমূহৰ প্ৰতিও ভাবুকিৰ সৃষ্টি কৰিছে দিল্লীৰ বানে ।

বান পৰিস্থিতি ভয়ংকৰ হৈ পৰিছে কিয়নো যমুনাৰ পানী পয়াঘাট আৰু তাজগঞ্জ শ্মশানৰ মোক্ষধামত সোমাই পৰিছে । যাৰ ফলত অন্তিম সংস্কাৰ কৰাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছে । যদি যমুনাৰ জলস্তৰ আৰু বৃদ্ধি হয় তাজমহলকে ধৰি কাইলচাহ ঘাট আৰু ওচৰৰ আন ২৭ টা গুৰুত্বপূৰ্ণ স্মাৰক ডুব যোৱাৰ সম্ভাৱনা আছে ।

জলসিঞ্চন বিভাগে বানপ্ৰৱণ অঞ্চলসমূহৰ এখন তালিকা প্ৰকাশ কৰিছে । যাৰ ভিতৰত আছে নাগলা বুধি, অমৰ বিহাৰ, দয়ালবাগ, বালকেশ্বৰ, যশৱন্ত কি ছত্ৰী, সৰস্বতী নগৰ, ৰাধা নগৰ, জীৱন মাণ্ডি, কৃষ্ণ কলনী, বেলানগঞ্জ, সাকচেৰিয়া গালি, যমুনা কিনাৰা ৰোড, বেদান্ত মন্দিৰৰ পৰা ফৰ্ট, বজাৰ, চাট্টা আৰু চাট্টা দলং। গোকুলপুৰা, কচপুৰা, নাগলা দেৱজিৎ, মাৰোৱাৰী বস্তি, মতি মহল, যমুনা দলং কলনী, কাটৰা ৱাজিৰ খান, ৰামবাগ বস্তি, অপ্সৰা টকিজ, ভাগৱতী বাগ, ৰাধা বিহাৰ, কে কে নগৰ, জগদাম্বা ডিগ্ৰী মহাবিদ্যালয় আৰু অন্যান্য অঞ্চলত বানপানীৰ আশংকা কৰা হৈছে ।

যমুনা নৈৰ বাঢ়নী পানীয়ে ইতিমধ্যে বিভিন্ন গাঁও, বসতি অঞ্চল আৰু ৰাস্তা প্লাৱিত কৰিছে । প্ৰভাৱিত কিছুমান অঞ্চলৰ ভিতৰত আছে কৈলাশ, তানিশ্ক ৰাজশ্ৰী ইষ্টেট কলনি, পয়া ঘাট, অনুৰাগ নগৰ, সিকন্দৰপুৰ, যমুনা বেংক ষ্ট্ৰেচী ব্ৰীজ, আৰু হাতী ঘাট । এই অঞ্চলসমূহৰ বাসিন্দাসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰাৰ লগতে প্ৰয়োজনীয় সাৱধানতামূলক পদক্ষেপ গ্ৰহণ কৰাৰ বাবে পৰামৰ্শ দিয়া হৈছে ।

বানপানীৰ ফলত অঞ্চলটোৰ কৃষিভূমিৰ যথেষ্ট ক্ষতি হৈছে । কৃষকসকলৰ প্ৰায় ৩০০ বিঘা বাজৰা, তিল আৰু পাচলিৰ খেতি সম্পূৰ্ণৰূপে ডুব গৈছে । ৰহংকলা, গড়পুৰা, শিচিয়া, সুৰেৰা, পয়া, গিজোলি, ৰায়পুৰকে বহু গাঁৱত কৃষকৰ ভূমি প্লাৱিত হৈছে । বানপানীৰ ফলত ওফন্দি উঠা নলাবোৰে আৱাসীসকলক উদ্বিগ্ন কৰি তুলিছে ।

প্ৰশাসন লগতে দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই বান পৰিস্থিতিৰ মাজত বিভিন্ন ধৰণে ৰাইজক সহযোগিতা আগবঢ়াইছে । আৱদ্ধ লোকসকলক উদ্ধাৰ আৰু ক্ষতিগ্ৰস্তসকলক সকাহ দিয়াৰ উদ্দেশ্যে কাম কৰি থকা হৈছে । চৰকাৰ,বিভিন্ন সংগঠন আৰু স্বেচ্ছাসেৱকসকলে বানপীড়িত লোকসকলক সমৰ্থন প্ৰদান কৰাৰ বাবে সক্ৰিয়ভাৱে সাহায্য অভিযানত জড়িত হৈ পৰিছে ।

লগতে পঢ়ক :Delhi flood situation : বিপদসীমাৰ ওপৰেৰে বৈছে যমুনা: সোনকালে জলস্তৰ হ্ৰাস হোৱাৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.