ETV Bharat / bharat

Shame on humanity : পুত্ৰসম যুৱকৰ হাতত ধৰ্ষিতা ৭৮ বছৰীয়া ভিক্ষাৰী !

author img

By

Published : Nov 14, 2022, 6:20 PM IST

ভূপালৰ হাবিবগঞ্জ অঞ্চলত এগৰাকী ৭৮ বছৰীয়া ভিক্ষাৰীক ধৰ্ষণ (Woman Beggar Raped in Bhopal) । ৩৭ বছৰীয়াই অভিযুক্তই বৃদ্ধা মহিলাগৰাকীক ধৰ্ষণ কৰে । মহিলাগৰাকীয়ে অভিযুক্তজনক পুত্ৰৰ দৰে ব্যৱহাৰ কৰিছিল । অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ ।

Rap
Rap

নিউজ ডেস্ক, ১৪ নৱেম্বৰ : মধ্যপ্ৰদেশৰ ৰাজধানী ভূপালত মানৱতাক লজ্জিত কৰা এটা ঘটনা পোহৰলৈ আহিছে । য'ত এগৰাকী 78 বছৰীয়া মহিলাক এজন 37 বছৰীয়া ব্যক্তিয়ে ধৰ্ষণ কৰে (Woman Beggar Raped in Bhopal) । মানৱতাক ভূলুণ্ঠিত কৰা উক্ত ঘটনাত অভিযুক্তই বলপূৰ্বক ধৰ্ষণ কৰাৰ ফলত মহিলাগৰাকীৰ মুখ আৰু ডিঙি ফুলি যায় ।

অৱশ্যে 5 দিনৰ চিকিৎসাৰ অন্তত ভুক্তভোগীয়ে এটা এনজিঅ'ৰ (NGO) কৰ্মচাৰীৰ সহায়ত এখন এজাহাৰ (FIR) দাখিল কৰে । ইয়াৰ পিছত আৰক্ষীয়ে শনিবাৰে নিশা অভিযুক্তজনক গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে জনোৱা অনুসৰি, অভিযুক্তজনে ২৬ অক্টোবৰৰ নিশা বৃদ্ধ মহিলাগৰাকীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে ।

অভিযুক্তও আছিল এগৰাকী ভিক্ষাৰী

হাবিবগঞ্জৰ সহকাৰী আৰক্ষী আয়ুক্ত বীৰেন্দ্ৰ কুমাৰ মিশ্ৰাই জনোৱা মতে, ভুক্তভোগী আৰু অভিযুক্তই ৰাস্তাত ভিক্ষা কৰিছিল (Beggar raped old beggar woman) । এটা মন্দিৰৰ ওচৰত বহি তেওঁলোকে ভিক্ষা মাগিছিল । তেওঁলোক দুয়োজনে মন্দিৰত দিয়া খাদ্য খাই পেট প্ৰৱৰ্তাইছিল । আৰক্ষীয়ে জনোৱা অনুসৰি, ভুক্তভোগীজনে মন্দিৰৰ ওচৰৰ এটা জুপুৰীত বাস কৰিছিল । আনহাতে, অভিযুক্তজনে ওচৰৰ পথতে নিশা কটাইছিল (son like person raped woman) ।

ভুক্তভোগী মহিলাগৰাকীয়ে আৰক্ষীক জনোৱা মতে, তেওঁ খাণ্ডৱাৰ বাসিন্দা আছিল । তিনি বছৰ পূৰ্বে তেওঁৰ সৰু পুত্ৰই তেওঁক ভূপাললৈ লৈ আহিছিল । কিন্তু তেওঁৰ মৃত্যুৰ পিছত বাকী দুজন পুত্ৰই তেওঁৰ যত্ন লোৱা নাছিল । যাৰ বাবে ভুক্তভোগী মহিলাগৰাকী নিঃস্ব হৈ পৰে আৰু ভিক্ষা বৃত্তিৰে পেট প্ৰৱৰ্তাই জীয়াই আছিল । ভুক্তভোগী মহিলাগৰাকীৰ মতে, সৰু পুত্ৰৰ মৃত্যুৰ পিছত তেওঁ অভিযুক্তক পুত্ৰৰ দৰে যত্ন লৈছিল । লগতে তেওঁক তেওঁৰ ভাগৰ খাদ্যৰো অংশ দিছিল ।

কিন্তু মহিলাগৰাকীয়ে নাজানিছিল যে তেওঁ গাখীৰ খুৱাই সাপ পুহিছে । তেওঁ সপোনতো ভাবিব পৰা নাছিল যে যাক তেওঁ নিজৰ পুত্ৰ হিচাপে জ্ঞান কৰিছিল, তেওঁৰ হাততে এদিন সৰ্বস্ব হেৰুৱাব লাগিব । পুত্ৰসম ব্যক্তিৰ হাততে ধৰ্ষিতা হ'ব লাগিব । ভুক্তভোগী মহিলাগৰাকীৰ মতে, তেওঁ 26 অক্টোবৰৰ পুৱা 2 বজাত তেওঁৰ জুপুৰীত শুই আছিল ।

তেনেতে অভিযুক্ত ৰাজু আহে । তেওঁ জুপুৰীৰ পৰ্দা ছিঙি ভিতৰলৈ সোমাই আহে । লগতে তেওঁ বৃদ্ধাগৰাকীৰ পৰা ৰুটি বিচাৰিবলৈ আৰম্ভ কৰে । কিন্তু যেতিয়া মহিলাগৰাকীয়ে যেতিয়া ৰুটি নাই বুলি কয়, তেতিয়া ৰাজুৱে তেওঁক গালি-গালাজ কৰিবলৈ আৰম্ভ কৰে । আনকি বৃদ্ধাগৰাকীৰ সৈতে হতাহতিতো লিপ্ত হয় আৰু তললৈ ঠেলি পেলাই লৈ ধৰ্ষণ কৰে । আনহাতে, বৃদ্ধ মহিলাগৰাকীয়ে ইয়াৰ প্ৰতিবাদ কৰি নিজকে পাষণ্ডটোৰ পৰা মুক্ত কৰিব বিচৰাত তেওঁক শ্বাসৰুদ্ধ কৰি হত্যাৰ চেষ্টাও কৰে ।

লগতে পঢ়ক :Panidihing Bird Sanctuary : পানীদিহিঙত বিষাক্ত ঔষধ দি হত্যা পৰিভ্ৰমী পক্ষী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.