ETV Bharat / bharat

Why Laughter Day 2023: হাঁহিয়ে কেনেদৰে আমাৰ স্বাস্থ্যৰ উন্নতি সাধন কৰে জানো আহক

author img

By

Published : May 6, 2023, 4:12 PM IST

হাঁহি কেৱল আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী নহয় বৰঞ্চ ই আমাৰ মন ভালে ৰখাটো সহায় কৰে । মানুহে যাতে হাঁহিৰ গুৰুত্ব বুজি পায় এই উদ্দেশ্যে প্ৰতি বছৰে মে’ মাহত বিশ্ব হাঁহি দিৱস পালন কৰা হয় ।

Why Laughter Day is celebrated every year, know the history and purpose of this day
হাঁহিয়ে কেনেদৰে আমাৰ স্বাস্থ্যৰ উন্নতি সাধন কৰে জানো আহক

শৰীৰক সুস্থ কৰিব ৰাখিবলৈ স্বাস্থ্যসন্মত খাদ্য আৰু ভাল জীৱনশৈলী অতি প্ৰয়োজনীয় । সুস্থ হৈ থাকিবলৈ মানুহে বহু পদ্ধতি অৱলম্বন কৰে । ইয়াৰে এটা পদ্ধতি হ’ল Laughter Therapy, যিটো আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী । হাঁহি আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী । এই কাৰণেই প্ৰতি বছৰে মে’ মাহত হাঁহি দিৱস পালন কৰা হয় আৰু ইয়াৰ উদ্দেশ্যে হৈছে মানুহক হাঁহিবলৈ প্ৰেৰণা যোগোৱা আৰু ইয়াৰ প্ৰতি সজাগতা সৃষ্টি কৰা । গতিকে এই দিনটোৰ ইতিহাস আৰু গুৰুত্বৰ বিষয়ে জানো আহক-

হাঁহি দিৱসৰ ইতিহাস-

মানুহৰ মাজত সুখ বিয়পোৱাৰ লক্ষ্যৰে প্ৰতি বছৰে মে’ মাহৰ প্ৰথম দেওবাৰে বিশ্ব হাঁহি দিৱস পালন কৰা হয় । এইবাৰ ৭ মে'ত এই বিশেষ দিৱস পালন কৰা হয় (Which date is celebrated as World Laughter Day)। বিশ্বৰ ৭০ খনতকৈও অধিক দেশত প্ৰতি বছৰে এই দিৱস পালন কৰা হয় । অতি কম সংখ্যক লোকেহে গম পাব যে এই দিনটো ভাৰতৰ পৰাই আৰম্ভ হৈছিল । ১৯৯৮ চনৰ ১০ মে’ত ভাৰতৰ বিত্তীয় ৰাজধানী মুম্বাইত প্ৰথমবাৰৰ বাবে হাঁহি দিৱস উদযাপন কৰা হৈছিল ।

হাঁহি দিৱসৰ উদ্দেশ্য-

ইয়াৰ আৰম্ভণি কৰিছিল হাঁহি যোগ আন্দোলনৰ প্ৰতিষ্ঠাপক ড° মদন কাটাৰিয়াই (Who started World Laughter Day)। তেওঁ কয় যে, মুখৰ গতিবিধিৰ দ্বাৰা এজন ব্যক্তিৰ মানসিক অৱস্থা প্ৰতিফলিত হ’ব পাৰে । লগতে বিশেষজ্ঞসকলেও বিশ্বাস কৰে যে হাঁহি স্বাস্থ্যৰ বাবে অন্যতম উত্তম ঔষধ । কেৱল এয়াই নহয়, বহু অধ্যয়নত এইটোও প্ৰমাণিত হৈছে যে হাঁহি স্বাস্থ্যৰ বাবে অতি উপকাৰী । এনে পৰিস্থিতিত এই দিৱস উদযাপনৰ উদ্দেশ্য হ’ল হাঁহিৰ মাজেৰে ভাতৃত্ববোধ আৰু বন্ধুত্বৰ এক বিশ্বব্যাপী সজাগতা সৃষ্টি কৰা ।

হাঁহিৰ উপকাৰিতা-

  • হাঁহিয়ে বিষ কমোৱাত সহায় কৰে ।
  • হাঁহিয়ে শৰীৰত ৰক্তচাপৰ মাত্ৰাও নিয়ন্ত্ৰণত ৰাখে ।
  • যদি আপুনি হাঁহে তেন্তে ই আপোনাৰ কৰ্মজীৱনত প্ৰদৰ্শন উন্নত কৰে ।
  • হাঁহিয়ে আপোনাৰ সম্পৰ্কবোৰ সুস্থ আৰু শক্তিশালী কৰি তোলে ।
  • হাঁহিয়ে মানুহৰ মাজত এক ইতিবাচক আৱেগিক সংযোগৰ সৃষ্টি কৰে ।
  • ইয়াৰ ফলত ৰক্তবাহী নলীবোৰে ভালদৰে কাম কৰাত সহায় হয়, যিটো হৃদযন্ত্ৰ আৰু মগজুৰ বাবে ভাল ৷
  • হাঁহিয়ে মানসিক চাপ দূৰ কৰে আৰু ই শৰীৰক শিথিল কৰাতো সহায় কৰে ।

লগতে পঢ়ক: Corona Health Emergency: Coronavirus এতিয়া এক বিশ্বব্যাপী মহামাৰী নহয়-WHO

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.