ETV Bharat / bharat

অহা ৩ মে'ত পশ্চিমবংগৰ ৰাইজে বিজেপিৰ মুখ্যমন্ত্ৰী লাভ কৰিবঃ তেজস্বী সূৰ্য

author img

By

Published : Mar 4, 2021, 5:58 PM IST

"পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ জয় নিশ্চিত । পশ্চিমবংগত এইবাৰ বিজেপিৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত চৰকাৰ গঠন হ'ব"। বৃহস্পতিবাৰে এই মন্তব্য কৰে বিজেপিৰ সাংসদ তেজস্বী সূৰ্যই ।

অহা ৩ মে'ত পশ্চিমবংগৰ ৰাইজে বিজেপিৰ মুখ্যমন্ত্ৰী লাভ কৰিবঃ তেজস্বী সূৰ্য
অহা ৩ মে'ত পশ্চিমবংগৰ ৰাইজে বিজেপিৰ মুখ্যমন্ত্ৰী লাভ কৰিবঃ তেজস্বী সূৰ্য

নেশ্যনেল ডেস্ক, ৪ মাৰ্চ: পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক উদ্দেশ্যি ভাৰতীয় জনতা পাৰ্টীৰ সাংসদ তেজস্বী সূৰ্যৰ তীব্ৰ বাক্যবাণ । বৃহস্পতিবাৰে তেওঁ কয় যে, মুখ্যমন্ত্ৰী হিচাপে মমতা বেনাৰ্জীৰ হাতত আৰু কেইটামান দিনহে বাকী আছে । বিজেপিয়ে ৰাজ্যখনত ২০০ খনৰো অধিক আসন লাভ কৰিব বুলি দাবী কৰি তেওঁ কয় যে, অহা ৩ মে'ত বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে পশ্চিমবংগৰ দৃশ্যপট সম্পূৰ্ণ সলনি হৈ পৰিব ।

পশ্চিমবংগৰ ৰাইজে এইবাৰ এগৰাকী বিজেপিৰ মুখ্যমন্ত্ৰী লাভ কৰিব । তেওঁ লগতে কয় যে, মমতা বেনাৰ্জীয়ে পশ্চিমবংগত ইমান দিনে ৰাজনীতিৰ নামত হত্যা-হিংসাক প্ৰশ্ৰয় দি আহিছে । কিন্তু এতিয়া সেয়া সম্ভৱ নহয় বুলি কৈ সাংসদগৰাকীয়ে কয় যে, নিৰ্বাচনত জয়লাভ কৰি এইবাৰ পশ্চিমবংগত বিজেপিয়ে চৰকাৰ গঠন কৰিব । অহা ২৭ মাৰ্চ আৰু ২৯ এপ্ৰিলত পশ্চিমবংগত নিৰ্বাচন অনুষ্ঠিত হ'ব ।

নিৰ্বাচনত তৃণমূল কংগ্ৰেছ, কংগ্ৰেছ-বাওঁপন্থীৰ মিত্ৰজোঁট আৰু বিজেপিৰ মাজত তিনিকোণীয়া প্ৰতিযোগিতা হোৱাৰ সম্ভাৱনা আছে । কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে এনফ'ৰ্চমেণ্ট ডাইৰেক্ট'ৰেটৰ ওপৰত উত্থাপন কৰা প্ৰশ্ন সন্দৰ্ভত কয় যে, যিসকলে কোনো ভুল কৰা নাই তেওঁলোকে লুকাবলৈ বা শংকিত হোৱাৰ প্ৰয়োজন নাই । তামিলনাডুৰ নিৰ্বাচন সন্দৰ্ভত সূৰ্যই কয় যে, ৰাজ্যখনত এনডিএৰ এক শক্তিশালী প্ৰদৰ্শনক লৈ বিজেপি নিশ্চিত ।

লগতে পঢ়ক:ঝাৰখণ্ডৰ আইইডি বিস্ফোৰণত নিহত ৩ আৰক্ষী জোৱান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.