নিউজ ডেস্ক, 24এপ্ৰিল : দেশ তথা ৰাজ্যত এতিয়া ভয়াৱহ ৰূপ লৈছে কৰ'ণা মহামাৰীয়ে ৷ অক্সিজেনৰ অভাৱত মৃত্যু হৈছে হাজাৰ-হাজাৰ লোকৰ ৷ ৰাজ্যসমূহৰ ভিতৰত ৰাজধানী দিল্লীতো কৰ'ণা মহামাৰীৰ দ্বিতীয়টো ঢৌৱে সৃষ্টি কৰিছে সন্ত্ৰাসৰ ৷ শনিবাৰে দিল্লী উচ্চ ন্যায়ালয়ে অক্সিজেনৰ তীব্ৰ অভাৱৰ সন্মুখীন হোৱা বিভিন্ন চিকিৎসালয়ৰ কেইবাখনো আবেদনৰ শুনানিৰ সময়ত কেন্দ্ৰ, দিল্লী চৰাকাৰক ক'ভিড-19ৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিবলৈ আহ্বান জনায় ৷ ইয়াৰ লগতে, দেশৰ ক'ভিড-১৯ পৰিস্থিতিৰ বিষয়ে শুনানি গ্ৰহণ কৰি কেন্দ্ৰক মে' মাহৰ ভিতৰত প্ৰত্যাশিত দ্বিতীয়টো ক'ভিড-19ৰ ঢৌৰ সৈতে মোকাবিলা কৰাৰ প্ৰস্তুতিৰ বিষয়ে অৱগত কৰে ৷
উল্লেখ্য যে, দিল্লী উচ্চ ন্যায়ালয়ে কেন্দ্ৰ আৰু দিল্লী চৰকাৰক ক্ৰমবৰ্ধমান ক'ভিড গোচৰৰ বিষয়ে অৱগত কৰাৰ সময়ত আমি ইয়াক ঢৌ বুলি কওঁ যদিও ই প্ৰকৃততে এক চুনামিহে বুলি উল্লেখ কৰে ৷ ইয়াৰ লগতে, দেশৰ পৰা ক'ভিড-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা হ্ৰাস কৰিব লাগে বুলি দিল্লী উচ্চ ন্যায়লয়ে উল্লেখ কৰে ৷
দুঘন্টাতকৈ অধিক সময় ধৰি চলা এই শুনানিত এম এইচ এৰ এজন বিষয়াই আদালতক জনায় যে, সমগ্ৰ দেশতে বৃহৎ সংখ্যক গোচৰৰ বাবে টেংকাৰৰ অভাৱ হৈছে ৷ ৰাজ্য চৰকাৰসমূহেও এই ক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰি আছে ৷ তেওঁলোকে উদ্যোগপতি সকলৰ পৰা সহায় লাভৰ বাবে এক আলোচনা কৰা হৈছে বুলি মন্তব্য কৰে বিষয়া গৰাকীয়ে ৷
অন্য এক খবৰৰ বাবে: উচ্চতম ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ নথালপতি ভেংকটৰমণ