ETV Bharat / bharat

ভূৱা পৰিচয়ধাৰী আইপিএলৰ বুকী কৰায়ত্ত - Fake IDs during IPL match in Delhi

আইপিএলৰ এখন খেলৰ মাজতে ভুৱা পৰিচয় পত্ৰৰে মধ্য দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত প্ৰৱেশ কৰিছিল দুগৰাকী বুকীয়ে । আৰক্ষীয়ে দুয়োজনকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । শনিবাৰে সন্ধিয়া ৰাজস্থান ৰয়েলছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত অনুষ্ঠিত হোৱা খেলৰ সময়ত প্ৰৱেশ কৰিছিল বুকী দুজনে ।

TWO PEOPLE ARRESTED IN DELHI DURING IPL
ভুৱা পৰিচয়েৰে আইপিএল চাবলৈ আহি গ্ৰেপ্তাৰ দুজন
author img

By

Published : May 5, 2021, 7:19 PM IST

স্প’ৰ্টছ ডেস্ক,৫ মে': শেহতীয়া কৰ'ণা পৰিস্থিতিৰ বাবে আইপিএলত এইবাৰ সাধাৰণ দৰ্শকক ষ্টেডিয়ামত খেল চোৱাৰ অনুমতি দিয়া হোৱা নাছিল । কিন্তু এখন খেলৰ মাজতে ভুৱা পৰিচয় পত্ৰৰে মধ্য দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত প্ৰৱেশ কৰিছিল দুগৰাকী বুকীয়ে । অৱশেষত আৰক্ষীয়ে দুয়োজনকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । বুধবাৰে আৰক্ষীয়ে জনোৱা মতে বুকী দুজন হৈছে ক্ৰমে স্বৰূপ নগৰৰ কৃষ্ণ গাৰ্গ আৰু পঞ্জাৱৰ জলন্ধৰৰ মনীষ কানচাল ।

আৰক্ষীয়ে জনোৱা মতে, শনিবাৰে সন্ধিয়া ৰাজস্থান ৰয়েলছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত অনুষ্ঠিত হোৱা খেলৰ সময়ত প্ৰৱেশ কৰিছিল বুকী দুজনে । ভিআইপি গেলেৰীত তেওঁলোকৰ উপস্থিতিৰ বিষয়ে সোধাত এগৰাকী বুকীয়ে সন্তোষজনক উত্তৰ দিব নোৱাৰিলে ৷ ইয়াৰ পিছতে সন্দেহ প্ৰকাশ কৰি তেওঁলোকক আটক কৰে আৰক্ষীয়ে ।

এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে, বুকী দুজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ মহামাৰী ৰোগ আইন আৰু দুৰ্যোগ ব্যৱস্থাপনা আইনৰ প্ৰাসংগিক ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে ।

লগতে পঢ়ক: অৱসৰ ঘোষণা টেনিছ তাৰকা বাৰবোৰা ষ্ট্ৰাইকোভাৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.