ETV Bharat / bharat

Assam Flood: ত্ৰিপুৰা বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ অনন্য আৱিষ্কাৰেৰে শিলচৰত বিশুদ্ধ খোৱাপানী যোগান

আজি ইটিভি ভাৰতৰ (ETV Bharat) সৈতে হোৱা এক বাৰ্তালাপত ত্ৰিপুৰা বিশ্ববিদ্যালয়ৰ ৰাসায়নিক আৰু পলিমাৰ অভিযান্ত্ৰিক বিভাগৰ (Department of Chemical and Polymer Engineering Tripura University) সহকাৰী অধ্যাপক এৰ হৰজিৎ নাথে (Er. Harjit Nath) কয় যে তেওঁলোকে ত্ৰিপুৰা বিশ্ববিদ্যালয়ৰ ছাত্ৰ,অধ্যাপকসকলৰ পৰা স্বেচ্ছাই সাহাৰ্য সামগ্ৰী সংগ্ৰহ কৰি বৃহস্পতিবাৰে শিলচৰলৈ যায় ।

s
s
author img

By

Published : Jul 1, 2022, 5:05 PM IST

নিউজ ডেস্ক, ১ জুলাই : ২০১৯ চনত ত্ৰিপুৰা বিশ্ববিদ্যালয়ৰ এগৰাকী সহকাৰী অধ্যাপকে আৱিষ্কাৰ কৰা (portable suitcase water purifier) 'প'ৰ্টেবল চুটকেচ ৱাটাৰ পিউৰিফায়াৰ' (Assistant professor of Tripura University developed water purifire)ৰ দ্বাৰা অসমৰ শিলচৰত বানপীড়িতসকলক প্ৰায় ২৫০ লিটাৰৰো অধিক খোৱাপানী প্ৰদান যোগান ধৰা হৈছে (deliver 250+ Litre drinking water to flood victims Silchar) ।

আজি ইটিভি ভাৰতৰ (ETV Bharat) সৈতে হোৱা এক বাৰ্তালাপত ত্ৰিপুৰা বিশ্ববিদ্যালয়ৰ ৰাসায়নিক আৰু পলিমাৰ অভিযান্ত্ৰিক বিভাগৰ (Department of Chemical and Polymer Engineering Tripura University) সহকাৰী অধ্যাপক এৰ হৰজিৎ নাথে (Er. Harjit Nath) কয় যে তেওঁলোকে ত্ৰিপুৰা বিশ্ববিদ্যালয়ৰ ছাত্ৰ,অধ্যাপকসকলৰ পৰা স্বেচ্ছাই সাহাৰ্য সামগ্ৰী সংগ্ৰহ কৰি বৃহস্পতিবাৰে শিলচৰলৈ যায় । "ছাত্ৰ-ছাত্ৰী, অধ্যাপক আৰু ত্ৰিপুৰা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য (Vice Chancellor of Tripura University) সমন্বিতে সকলোৱা আগবাঢ়ি আহি শিলচৰৰ বানপীড়িত লোকসকলৰ (Flood affected people in Silchar of Assam) বাবে যিমানদূৰ সম্ভৱ ধন, কাপোৰ, খাদ্য আদি স্বেচ্ছাই দান কৰে । আমি বৃহস্পতিবাৰে গৈ ভুক্তভোগীসকলৰ মাজত সেইবোৰ বিতৰণ কৰোঁ ।" তেওঁ কয় ।

অধ্যাপক নাথে লগতে কয় যে সাহাৰ্য সামগ্ৰী বিতৰণৰ সময়ত তেওঁলোকে প্লাষ্টিকৰ পানীৰ বটল ব্যৱহাৰ কৰা নাছিল । "আমি প্লাষ্টিকৰ পানীৰ বটল ব্যৱহাৰ কৰা নাছিলোঁ । আমি 'প'ৰ্টেবল চুটকেচ ৱাটাৰ পিউৰিফায়াৰ' ব্যৱহাৰ কৰি পানী বিতৰণ কৰোঁ । ই বিশ্ব স্বাস্থ্য সংস্থাৰ মানদণ্ডৰ বিশুদ্ধ পানী প্ৰদান কৰিব পাৰে (WHO-standard pure water) । ডিভাইচটোৱে বিদ্যুৎ আৰু সৌৰশক্তি দুয়োটাতে কাম কৰিব পাৰে । যদি দুয়োটায়ে উপলব্ধ নহয় তেতিয়াহ'লে ৰিচাৰ্জেবল বেটাৰী ব্যৱহাৰ কৰি পানী বিশুদ্ধ কৰিব পাৰে । ই আনকি ইয়াৰ ৫ ডব্লিউ এল ইডি বাল্বৰ দ্বাৰা এটা সৰু এলেকা পোহৰ কৰিব পাৰে । এই সামগ্ৰীটো বিভিন্ন সমস্যাৰ বাবে এক থাউকতে পোৱা সমাধান । আনকি মানুহে তেওঁলোকৰ মোবাইল ফোনো চাৰ্জ কৰিব পাৰে ।" অধ্যাপকজনে লগতে কয় ।

তেওঁ কয় যে বৃহস্পতিবাৰে তেওঁলোকে প্ৰায় ২০০ লিটাৰ বিশুদ্ধ খোৱাপানী মানুহৰ মাজত বিতৰণ কৰে । "ই দুই মিনিটৰ পৰা পাঁচ মিনিটৰ ভিতৰত এক লিটাৰ পানী বিশুদ্ধ কৰিব পাৰে আৰু মোবাইল ফোন চাৰ্জ কৰিবলৈও ইয়াক ব্যৱহাৰ কৰিব পাৰি । আমি বানৰ পানী বিশুদ্ধ কৰিছোঁ আৰু প্ৰায় ২০০ লিটাৰ পানী বিতৰণ কৰোঁ ।" তেওঁ এইবুলি জানিবলৈ দিয়ে । ইফালে ত্ৰিপুৰা বিশ্ববিদ্যালয়ে কয় যে তেওঁলোকে চুবুৰীয়া ৰাজ্য অসমত এনে এক বিধ্বংসী অৱস্থাত মানুহৰ বাবে অতি প্ৰয়োজনীয় খাদ্য-সামগ্ৰী, কাপোৰ, ঔষধ, বানপানী পৰিশোধকাৰী যন্ত্ৰ আৰু তেনে প্ৰয়োজনীয় সকলো বস্তুৰ সৈতে শিলচৰলৈ এটা ছয়জনীয়া দল প্ৰেৰণ কৰে । দলটোৰ নেতৃত্ব দিছিল অধ্যাপক নাথে ।

দলটোৱে উদৰবন্দ, শিলচৰ আৰু ইয়াৰ ওচৰৰ-পাজৰৰ অঞ্চলবোৰলৈ যায় । উপাচাৰ্য অধ্যাপক গংগা প্ৰসাদ প্ৰসাইন আৰু পঞ্জীয়ক ড০ দীপক শৰ্মাই সমাজৰ বাবে মহৎ কাম কৰা দলটোক অভিনন্দন জনায় আৰু আশ্বাস দিয়ে যে বিশ্ববিদ্যালয়খনে সমাজৰ সেৱা কৰিবলৈ সদায় আগবাঢ়ি আহিব ।

লগতে পঢ়ক :Assam Flood Updates : বানৰ কৱলত প্ৰায় ৩১ লাখ লোক, মৃত্যুৰ সংখ্যা ১৫১ লৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.