ETV Bharat / bharat

TMC Leader Killed in WB: পশ্চিমবংগত তৃণমূল কংগ্ৰেছৰ নেতাক শূ্ন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা

author img

By

Published : Feb 20, 2023, 6:12 PM IST

পশ্চিমবংগত তৃণমূল কংগ্ৰেছৰ নেতাক গুলীয়াই হত্যা (TMC leader shot dead) ৷ অচিনাক্ত দুৰ্বৃত্তৰ গুলীত নিহত পঞ্চায়তৰ বুথ সভাপতি সাধন মণ্ডল ৷ ৰাজনৈতিক শত্ৰুতাৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷

TMC Leader Killed in WB
পশ্চিম বংগত তৃণমূল কংগ্ৰেছৰ নেতাক শূ্ন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা

নেশ্যনেল ডেস্ক, 20 ফেব্ৰুৱাৰী: পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে পশ্চিমবংগত তৃণমূল কংগ্ৰেছৰ নেতাক গুলীয়াই হত্যা ৷ দেওবাৰে নিশা দক্ষিণ 24 পৰগনাত সংঘটিত হয় এই হত্যাকাণ্ড ৷ অচিনাক্ত দুৰ্বৃত্তৰ গুলীত নিহত হয় তৃণমূল কংগ্ৰেছৰ বুথ সভাপতি সাধন মণ্ডল (TMC leader Sadhan Mandal murdered) ৷

আৰক্ষীয়ে সদৰী কৰা তথ্য অনুসৰি তিনি বাইক আৰোহীয়ে গুলীয়াই হত্যা কৰে সাধন মণ্ডলক ৷ পদপথৰ এখন দোকাত চাহ খাই থকা অৱস্থাত সংঘটিত এই গুলীচালনা ৷ উল্লেখ্য যে, অন্ধৰমনিক গাঁও পঞ্চায়তৰ 218 আৰু 219 নম্বৰ বুথৰ সভাপতি আছিল সাধন মণ্ডল ৷ প্ৰত্যক্ষদৰ্শীৰ মতে সাধন মণ্ডৰ ওপৰত 4-5 জাঁই গুলী নিক্ষেপ কৰা হৈছিল (West Bengal TMC leader killed) ৷

পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে এগৰাকী তৃণমূল কংগ্ৰেছৰ নেতাক গুলীয়াই হত্যা কৰা ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য ৷ উল্লেখ্য যে, শূন্য দূৰত্বৰ পৰা কৰা এই গুলীচালনাৰ ফলত থিতাতে নিহত হয় সাধন মণ্ডল ৷ কিছু সময়ৰ পাচতেই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আমতলা গ্ৰাম্য চিকিৎসালয়লৈ ৷ উল্লেখ্য যে, বাইকত অহা তিনি দুবৃত্তই ঢাকি আহিছিল মুখমণ্ডল (West Bengal TMC leader Assassination) ৷

ইতিমধ্যেই আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ লগতে ঘটনাস্থলীৰ পৰা তেজৰ নমুনা সংগ্ৰহ কৰি প্ৰেৰণ কৰিছে পৰীক্ষাৰ বাবে ৷ ৰাজনৈতিক শত্ৰুতাৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে একাংশই ৷ তৃণমূল কংগ্ৰেছৰ সভাপতিয়ে এই হত্যাকাণ্ড সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘‘ সাধন মণ্ডলে প্ৰতিদিনেই সেই নিৰ্দিষ্ট দোকনখনলৈ চাহ খাবলৈ গৈছিল ৷ এই হত্যাকাণ্ডৰ সৈতে নিশ্চয় ৰাজনৈতিক কাৰণ জড়িত থাকিব লাগিব ৷ অন্যথা পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে এগৰাকী বুথ সভাপতিক কিয় হত্যা কৰিব ? ’’ শীঘ্ৰেই হত্যাকাৰীক কৰায়ক্ত কৰি উচিত শাস্তি প্ৰদান কৰা হ’ব বুলিও সদৰী কৰে তৃণমূল কংগ্ৰেছৰ সভাপতিগৰাকীয়ে (TMC leader shot dead in West Bengal) ৷

প্ৰাথমিক তদন্তত আৰক্ষীয়ে পেচাদীৰ হত্যাকাৰীয়ে এই ঘটনা সংঘটিত কৰিছে বুলি সন্দেহ প্ৰকাশ কৰিছে ৷ আন কাৰোবাৰ নিৰ্দেশ অনুসৰি এই হত্যাকাণ্ড সংঘটিত হোৱা বুলিও আৰক্ষীয়ে সদৰী কৰিছে ৷ লগতে সাধন মণ্ডলৰ ফোন কলৰ বিৱৰণো পৰীক্ষা-নিৰীক্ষা কৰি থকা হৈছে বুলি উল্লেখ কৰিছে তদন্তকাৰী আৰক্ষী বিষয়াই ৷ এই হত্যাকাণ্ডৰ আঁৰত প্ৰকৃততে ৰাজনৈতিক শত্ৰুতা নে আন কিবা কাৰণ জড়িত হৈ আছে সেয়া আৰক্ষীৰ তদন্তৰ পাচতহে পোহৰলৈ আহিব ৷

লগতে পঢ়ক: Sitaram Yechury met Lalu Yadav: 24’ ৰ লোকসভা নিৰ্বাচনৰ বাবে RJDৰ লগ লাগিছে CPIM

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.