ETV Bharat / bharat

বিধায়কৰ আপত্তিজনক মন্তব্যৰ পিছত হায়দৰাবাদত অব্যাহত চেপা উত্তেজনা

author img

By

Published : Aug 24, 2022, 2:53 PM IST

বিজেপি বিধায়কৰ আপত্তিজনক মন্তব্যত জ্বলিছে হায়দৰাবাদ ৷ 22 আগষ্টত বিজেপি বিধায়ক ৰাজা সিঙে ইউ টিউবত আপলোড কৰিছিল এটি বিৰ্তকিত ভিডিঅ'(BJP MLA uploaded controversial video on YouTube) ৷ ইছলাম ধৰ্মৰ পয়গম্বৰ হজৰত মহম্মদৰ বিৰুদ্ধে কটু মন্তব্য সংলগ্ন ভিডিঅ'টি সামাজিক মাধ্যমত বিয়পি পৰাৰ পিছতে বিধায়কগৰাকীৰ বিৰুদ্ধে গৰজি উঠা পৰিলক্ষিত হয় ৰাজ্যবাসীক ৷ বিধায়কগৰাকীৰ গ্ৰেপ্তাৰৰ দাবী জনাই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা পৰিলক্ষিত হয় ৰাজ্যখনত ৷

Tensions continue in Hyderabad
হায়দৰাবাদত বৰ্তমানেও অব্যাহত চেপা উত্তেজনা

নেশ্যনেল ডেস্ক, 24 আগষ্ট: বৰ্তমানেও উত্তেজনা অব্যাহত আছে হায়দৰাবাদত(Tensions continue in Hyderabad) ৷ বিজেপিৰ বিধায়ক ৰাজা সিঙে ইছলামৰ নবীৰ বিৰুদ্ধে আগবঢ়োৱা অভিযোগৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ(BJP MLA Raja Singh's alleged comments against Prophet) ৷ পুৰণি চহৰখনৰ চাৰমিনাৰ, মদিনা, চন্দ্ৰযানগুট, বৰকাছ, চিটি কলেজ আদি এলেকাত যুৱক-যুৱতীসকলে সন্ধিয়াৰ পৰা মাজনিশালৈকে ৰাস্তাত ক’লা পতাকা লৈ সমদল কৰা পৰিলক্ষিত হৈছে ৷ মদিনা, আফজলগঞ্জ, আৰু চাৰ্মিনাৰ আদি অঞ্চলত প্ৰতিবাদে ভয়ংকৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হয় ৷

বিভিন্ন ট্ৰেফিক আস্থানত সৰু সৰু গোটত সমবেত হৈ প্ৰতিবাদকাৰীসকলে বাহনেৰে পথ অৱৰোধ কৰাৰ লগতে ৰাজা সিং বিৰোধী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে(anti Raja Singh slogans) । পৰিস্থিতি অধিক হিংসাত্মক হৈ পৰাত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মোতায়েন কৰিবলগীয়া হৈছিল অতিৰিক্ত নিৰাপত্তা বাহিনী ৷ তৎসত্ত্বেও অপ্ৰতিৰোধ্য প্ৰতিবাদকাৰীসকলে পুৱা 4 বজালৈকে অব্যাহত ৰাখিছিল প্ৰতিবাদ ৷

প্ৰতিবাদকাৰীসকলে ধাৰাবাহিকভাৱে কৰা আন্দোলনৰ অন্তত আৰক্ষীয়ে বিধায়কগৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ বাধ্য হয় (Police arrested BJP MLA)৷ আৰক্ষীয়ে বিধায়কগৰাকীক নিজৰ জিম্মাত বিচাৰি আদালতত আবেদন জনায় ৷ অৱশ্যে পৰৱৰ্ত্তী সময়ত নামপল্লীৰ ১৪ নং অতিৰিক্ত মহানগৰ দণ্ডাধীশ আদালতে নিলম্বিত বিজেপি বিধায়ক ৰাজা সিঙৰ ৰিমাণ্ড আবেদন ঘূৰাই দিয়ে আৰু তেওঁক তৎকালীনভাৱে মুকলি কৰি দিবলৈ নিৰ্দেশ দিয়ে ।

নিৰাপত্তাৰ দিশটোলৈ লক্ষ্য ৰাখি আদালতৰ চৌহদত নিয়োগ কৰা হৈছিল বৃহৎ সংখ্যক নিৰাপত্তাৰক্ষী ৷ সপক্ষ-বিপক্ষ দুয়োপক্ষই আদালত চৌহদ উত্তাল কৰি তোলে ৷ যাৰ ফলত আৰক্ষীয়ে লাঠিচালনা কৰিবলগীয়া হয়(Police lathicharge) । বিতৰ্কত সাঙোৰ খোৱাৰ পিছতে ৰাজা সিঙক বিজেপিয়ে দলৰ পৰা নিলম্বন কৰে(BJP suspends Raja Singh from party) ।

সোমবাৰে হায়দৰাবাদত নিলম্বিত বিধায়কগৰাকীক গ্ৰেপ্তাৰৰ দাবী জনায় আছাউদ্দিন ওৱেচি নেতৃত্বাধীন AIMIM-এ মহানগৰীখনত ৰূপায়ণ কৰিছিল প্ৰতিবাদী কাৰ্যসূচীৰ ৷ এই প্ৰতিবাদী কাৰ্যসূচীৰ পিছতে দলৰ পৰা নিলম্বন আৰু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৰাজা সিঙক ।

বিজেপিৰ কেন্দ্ৰীয় অনুশাসন সমিতিয়ে ৰাজা সিঙক তেওঁৰ মতামত দলৰ স্থিতিৰ বিপৰীতে আৰু এয়া দলীয় নিয়মৰ স্পষ্ট উলংঘা বুলি উল্লেখ কৰে ৷ লগতে তদন্ত সম্পূৰ্ণ নোহোৱা পৰ্যন্ত ৰাজা সিঙক দলৰ সকলো দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে বুলি বিজেপিৰ কেন্দ্ৰীয় অনুশাসন সমিতিয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: ৰাজপথতে বিজেপি নেতাৰ গালত পৰিল পত্নীৰ চেণ্ডেলৰ চৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.