ETV Bharat / bharat

Forensic Team reaches chopper crash site : হেলিকপ্তাৰ দুৰ্ঘটনাৰ স্থানত উপস্থিত ফৰেনচিকৰ দল

author img

By

Published : Dec 9, 2021, 1:32 PM IST

হেলিকপ্তাৰ দুৰ্ঘটনাৰ সবিশেষ তথ্য বিচাৰি বৃহস্পতিবাৰে সঞ্চালক শ্ৰীনিবাসনৰ নেতৃত্বত তামিলনাডু ফৰেনচিক বিজ্ঞানাগাৰৰ এটা দল উপস্থিত হয় তামিলনাডুৰ কুন্নুৰত (Tamilnadu Forensic Dept Reaches Coonoor Air Crash Site) ৷ এই দলটোত আছে ভাৰতীয় বায়ুসেনাৰ (IAF) মুৰব্বী এয়াৰ চীফ মাৰ্চেল ভি আৰ চৌধুৰী, তামিলনাডুৰ ডিজিপি চি চিলেন্দ্ৰ বাবু ৷

Tamil Nadu Forensic Dept Reaches Coonoor Air Crash Site
হেলিকপ্টাৰ দুৰ্ঘটনাৰ স্থান পৰিদৰ্শন তামিলনাডু ফৰেঞ্চিচক বিজ্ঞান বিভাগৰ এটা দল

নেশ্যনেল ডেস্ক, 9 ডিচেম্বৰ : অভিশপ্ত বুধবাৰ ৷ বুধবাৰে হোৱা হেলিকপ্তাৰ দুৰ্ঘটনাৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশ ৷ তামিলনাডুৰ নীলগিৰি জিলাৰ কুন্নুৰত বুধবাৰে হেলিকপ্তাৰ দুৰ্ঘটনা (Coonoor helicopter Crash) ত পতিত হৈ অকাল মৃত্যুক আঁকোৱালি লয় জেনেৰেল বিপিন ৰাৱাট (Bipin Rawat Chopper Crash) সহ 13 জনকৈ লোকে ৷

বৃহস্পতিবাৰে সঞ্চালক শ্ৰীনিবাসনৰ নেতৃত্বত তামিলনাডু ফৰেনচিক বিজ্ঞানাগাৰৰ এটা দল উপস্থিত হয় দুৰ্ঘটনাস্থলীত (Tamil Nadu Forensic Dept Reaches Coonoor Air Crash Site) ৷ এই দলটোত আছে ভাৰতীয় বায়ু সেনাৰ (IAF) মুৰব্বী এয়াৰ চীফ মাৰ্চেল ভি আৰ চৌধুৰী, তামিলনাডুৰ ডিজিপি চি চিলেন্দ্ৰ বাবু ৷

দুৰ্ঘটনাত পতিত হোৱা MI17 V5 হেলিকপ্তাৰখনত আছিল জেনেৰেল বিপিন ৰাৱাট (CDS Gen Bipin Rawat), পত্নী মধুলিকা ৰাৱাটৰ লগতে আন 11 গৰাকী লোক ৷ মুঠ 13 জন লোকে ইতিমধ্যে প্ৰাণ হেৰুৱাইছে (Gen Bipin Rawat with Wife and other Army Officer Demised) ৷

বুধবাৰে দুৰ্ঘটনাত পতিত হোৱা MI-17 V5 হেলিকপ্তাৰখনে তামিলনাডুৰ কইম্বাটোৰৰ সমীপৰ কুন্নুৰৰ এটা বায়ু সেনাৰ ঘাটিৰ পৰা ৱেলিংটনলৈ উৰা মাৰিছিল ৷ উৰা মৰাৰ কিছুসময় পিছতেই কুন্নুৰৰ কিছু নিলগত দুৰ্ঘটনাত পতিত হয় হেলিকপ্তাৰখন (Coonoor helicopter crash) ৷

উল্লেখ্য যে, বুধবাৰে ভাৰতৰ প্ৰথমগৰাকী চিডিএছ জেনেৰেল ৰাৱাটে (First Chief of Defence Staff in India) ষ্টাফ ক’ৰ্চৰ শিক্ষক আৰু বিষয়াসকলক সম্বোধন কৰিবলৈ ৱেলিংটনৰ প্ৰতিৰক্ষা সেৱা কৰ্মচাৰী প্ৰশিক্ষণ কেন্দ্ৰলৈ ৰাওনা হৈছিল ৷

১৯৭৮ চনৰ ডিচেম্বৰত জেনেৰেল ৰাৱাটে ভাৰতীয় সেনাত নিযুক্তি লাভ কৰিছিল ৷ তাৰপাচতে 2016 চনৰ 17 ডিচেম্বৰত ভাৰতীয় স্থলসেনাৰ 27 সংখ্যক মুৰব্বী হিচাপে জেনেৰেল বিপিন ৰাৱাট অধিষ্ঠিত হয় ৷ 2019 চনত তেওঁ অধিষ্ঠিত হয় চীফ অৱ ডিফেন্স ষ্টাফ অৰ্থাৎ তিনিওটা সেনাবাহিনীৰ সৰ্বাধিনায়ক পদত ৷ অৱশেষত সেই পদত অধিষ্ঠিত হৈ থকা অৱস্থাতেই 2021 চনৰ 8 ডিচেম্বৰ তাৰিখে তামিলনাডুত সংঘটিত এক হেলিকপ্তাৰ দুৰ্ঘটনাত অকাল মৃত্যুক সাৱটি ল’ব লগা হয় জেনেৰেল বিপিন ৰাৱাটে ৷

ইতিমধ্যে IAF এ এই দুৰ্ঘটনাৰ উচিত তদন্তৰ নিৰ্দেশ দিছে ।

লগতে পঢ়ক : CDS Gen Bipin Rawat chopper crash : কোন আছিল জেনেৰেল বিপিন ৰাৱাট ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.