ETV Bharat / bharat

মহামাৰীৰ সৈতে মোকাবিলা কৰিবলৈ ভাৰতক টাইৱানৰ সহায় - মহামাৰীৰ সৈতে মোকাবিলা কৰিবলৈ ভাৰতক টাইৱানৰ সহায়

দেওবাৰে ভাৰত আহি পালে টাইৱানে পঠিওৱা ১৫০ অক্সিজেন কনচেনট্ৰেটৰ আৰু ৫০০ অক্সিজেন চিলিণ্ডাৰ । অতি সোনকালে টাইৱানৰ পৰা আৰু কিছু চিকিৎসা সঁজুলি ভাৰত আহি পাব ।

Taiwan delivers Medical Oxygen Concentrators And Cylinders to India
ভাৰতক টাইৱানৰ সহায়
author img

By

Published : May 2, 2021, 7:32 PM IST

নেশ্যনেল ডেস্ক,২ মে': কৰ'ণাৰ ভয়াৱহ পৰিস্থিতৰ মুখামুখি হোৱা ভাৰতক বিশ্বৰ ভিন্ন প্ৰান্তৰ পৰা সহায় কৰা দেখা গৈছে । এইবাৰ বন্ধুত্ব শক্তিশালী কৰাৰ উদ্দেশ্যে টাইৱানেও ভাৰতক সহায়ৰ হাত আগবঢ়াইছে । দেওবাৰে ভাৰত আহি পালে টাইৱানে পঠিওৱা ১৫০ অক্সিজেন কনচেনট্ৰেটৰ আৰু ৫০০ অক্সিজেন চিলিণ্ডাৰ । অতি সোনকালে টাইৱানৰ পৰা আৰু কিছু চিকিৎসা সঁজুলি ভাৰত আহি পাব ।

টিইচিচিয়ে এক বিবৃতিত প্ৰকাশ কৰা মতে ইয়াৰ জৰিয়তে টাইৱান চৰকাৰৰ হৈ ভাৰতৰ টাইপেই অৰ্থনৈতিক আৰু সাংস্কৃতিক কেন্দ্ৰই দুয়োখন দেশৰ মাজত বন্ধুত্বপূৰ্ণ দ্বিপাক্ষিক সম্পৰ্ক পুনৰ নিশ্চিত কৰিব বিচাৰে । লগতে উল্লেখ কৰে যে প্ৰয়োজনৰ সময়ত ভাৰতৰ জনসাধাৰণক প্ৰয়োজনীয় সহায় আগবঢ়োৱাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ টাইৱান ।

ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতি তচাই ইং-ৱেনে ভাৰতৰ সৈতে একাত্মতা প্ৰকাশ কৰে আৰু ভাৰতৰ পৰিস্থিতি সম্পৰ্কে গভীৰ উদ্বেগ প্ৰকাশ কৰে । যিহেতু ভাৰতে একেৰাহে কৰ'ণা ভাইৰাছ সংক্ৰমণৰ ক্ষেত্ৰত অভিলেখ ভংগ কৰিছে । তচাইয়ে কৈছিল যে টাইৱানে সহায় আগবঢ়োৱাৰ লগতে এই কঠিন সময়ত ভাৰতৰ সৈতে থিয় দিছে ।

লগতে পঢ়ক: উত্তৰ প্ৰদেশত নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত এম্বুলেঞ্চ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.