ETV Bharat / bharat

NewsClick Case : নিউজক্লিকৰ প্ৰতিষ্ঠাপকক গ্ৰেপ্তাৰ প্ৰসংগত দিল্লী আৰক্ষীৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

author img

By ETV Bharat Assamese Team

Published : Oct 19, 2023, 3:39 PM IST

উচ্চতম ন্যায়ালয়ে নিউজক্লিকৰ প্ৰতিষ্ঠাপক প্ৰবীৰ পুৰকায়স্থ আৰু মানৱ সম্পদ বিভাগৰ মুৰব্বী অমিত চক্ৰৱৰ্তীৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে কৰা আবেদন সন্দৰ্ভত দিল্লী আৰক্ষীৰ পৰা উত্তৰ বিচাৰিছে ।

দিল্লী আৰক্ষীৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে
NewsClick Case

নিউজ ডেস্ক, ১৯ অক্টোবৰ : নিউজক্লিকৰ প্ৰতিষ্ঠাপক প্ৰবীৰ পুৰকায়স্থ আৰু মানৱ সম্পদ বিভাগৰ মুৰব্বী অমিত চক্ৰৱৰ্তীয়ে দিল্লী উচ্চ ন্যায়ালয়ৰ এক আদেশক প্ৰত্যাহ্বান জনাইছে কৰা আবেদনৰ ওপৰত বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে জাননী জাৰি কৰিছে । উল্লেখ্যে যে তেওঁলোকক গ্ৰেপ্তাৰ আৰু বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন (ইউএপিএ) গোচৰৰ ওপৰত জিম্মা প্ৰত্যাহাৰ কৰিবলৈ দিল্লী উচ্চ ন্যায়ালয়ে অস্বীকাৰ কৰিছে ।

ন্যায়াধীশ বি আৰ গাভাই আৰু প্ৰশান্ত কুমাৰ মিশ্ৰক লৈ গঠিত এখন বিচাৰপীঠে পুৰকায়স্থ আৰু চক্ৰৱৰ্তীৰ আবেদনৰ ওপৰত জাননী জাৰি কৰে । শীৰ্ষ ন্যায়ালয়ে বিষয়টো ৩০ অক্টোবৰত শুনানিৰ বাবে নিৰ্ধাৰণ কৰিছে । জ্যেষ্ঠ অধিবক্তা কপিল চিব্বল আৰু দেৱদত্ত কামটে আবেদনকাৰীৰ হৈ আদালতত উপস্থিত থাকে ।

উল্লেখ্য যে অক্টোবৰৰ ১৩ তাৰিখে দিল্লী উচ্চ ন্যায়ালয়ে গোচৰটোত পুৰকায়স্থ আৰু চক্ৰৱৰ্তীক গ্ৰেপ্তাৰ আৰু পৰৱৰ্তী আৰক্ষী জিম্মাৰ বিৰুদ্ধে কৰা আবেদন খাৰিজ কৰে । অক্টোবৰৰ ৩ তাৰিখে দিল্লী আৰক্ষীৰ বিশেষ কোষে ভাৰতত চীনপন্থী প্ৰচাৰৰ বাবে ধন লাভ কৰাৰ অভিযোগত ইউএপিএৰ অভিযোগত পুৰকায়স্থ আৰু চক্ৰৱৰ্তীক গ্ৰেপ্তাৰ কৰে ।

পুৰকায়স্থ আৰু চক্ৰৱৰ্তীয়ে গ্ৰেপ্তাৰৰ লগতে সাতদিনীয়া আৰক্ষীৰ জিম্মাক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত আবেদন কৰে আৰু অন্তৰ্ৱৰ্তীকালীন সকাহ হিচাপে তাৎক্ষণিকভাৱে মুক্তি বিচাৰে । অক্টোবৰৰ ১০ তাৰিখে বিচাৰ আদালতে তেওঁলোকক ১০ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে । চীনপন্থী প্ৰচাৰৰ বাবে ধন লাভ কৰাৰ অভিযোগত সন্ত্ৰাসবাদবিৰোধী আইন ইউএপিএৰ অধীনত দুয়োৰে বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে ।

এজাহাৰখনত অভিযোগ কৰা হৈছে যে নিউজক্লিকে চীনৰ পৰা বৃহৎ পৰিমাণৰ ধন লাভ কৰিছিল, যি ধন ভাৰতৰ সাৰ্বভৌমত্বত আঘাত কৰা আৰু দেশৰ নাগৰিকসকলৰ মাজত বিভেদ সৃষ্টিৰ বাবে আহিছিল । এজাহাৰখনত পুৰকায়স্থৰ বিৰুদ্ধে ২০১৯ চনৰ লোকসভা নিৰ্বাচনত খেলিমেলি কৰিবলৈ পিপ'লছ এলায়েন্স ফৰ ডেমোক্ৰেচী এণ্ড ছেকুলাৰিজিম (পিএডিএছ) নামৰ এটা গোটৰ সৈতে কাম কৰাৰো অভিযোগ উত্থাপন কৰা হৈছে ।

আনহাতে, ৩ অক্টোবৰত তেওঁলোকক কৰা গ্ৰেপ্তাৰক নাগৰিক সমাজ আৰু সংবাদ মাধ্যম সংস্থাসমূহে ব্যাপকভাৱে গৰিহণা প্ৰদান কৰে ।

এডিটৰ্ছ গিল্ড অব ইণ্ডিয়াই ৩ অক্টোবৰৰ পুৱা জ্যেষ্ঠ সাংবাদিকসকলৰ বাসগৃহত অভিযান আৰু তাৰ পিছত তেওঁলোকৰ বহু কেইজনক আটক কৰাৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰে । লগতে ইয়াৰ বাবে যথাযথ প্ৰক্ৰিয়া অনুসৰণ কৰিবলৈ আহ্বান জনায় আৰু সংবাদ মাধ্যমক ভাবুকি দিবলৈ কঠোৰ অপৰাধী আইনক আহিলা হিচাপে ব্যৱহাৰ নকৰিবলৈও আহ্বান জনায় ।

লগতে পঢ়ক :Israeli Police and Kerala links : ভাৰতৰ ক'ত প্ৰস্তুত হয় ইজৰাইলী আৰক্ষীৰ পোছাক ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.