ETV Bharat / bharat

ISRO Gaganyaan Space Mission: গগনযান মানৱযুক্ত মহাকাশ অভিযান; ইছৰোক সহায় কৰিব প্ৰাক্তন নৌসেনা বিষয়া টমীয়ে

author img

By ETV Bharat Assamese Team

Published : Aug 23, 2023, 4:23 PM IST

কেৰালাৰ প্ৰাক্তন নৌসেনা বিষয়া কমাণ্ডাৰ অভিলাষ টমীয়ে ইছৰোৰ প্ৰথম মানৱযুক্ত মহাকাশ অভিযান গগনযানৰ পৰিকল্পনা পূৰণ কৰাত সহায় কৰিব । এক্সত (পূৰ্বতে টুইটাৰ) টমীয়ে কৈছে যে তেওঁ সন্মানীয় অভিযানৰ অংশ হিচাপে মহাকাশ পৰিভ্ৰমণৰ ক্ষেত্ৰত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ (ইছৰো) সৈতে আলোচনা কৰিব ।

ISRO Gaganyaan Space Mission
ISRO Gaganyaan Space Mission

নিউজ ডেস্ক, ২৩ আগষ্ট : সন্মানীয় গ'ল্ডেন গ্লোব ৰেচ, ২০২২-ত দ্বিতীয় স্থান লাভ কৰা কেৰালাৰ প্ৰাক্তন নৌসেনা বিষয়া কমাণ্ডাৰ অভিলাষ টমীয়ে ভাৰতৰ প্ৰথম মানৱযুক্ত মহাকাশ অভিযান-গগনযানৰ সন্দৰ্ভত ইছৰোক সহায় কৰিব ।

টমীয়ে ছ'চিয়েল মিডিয়া প্লেটফৰ্ম এক্স (X)ত এই কথা ঘোষণা কৰিছে । তাত তেওঁ কৈছে যে তেওঁ গগনযানৰ সন্দৰ্ভত মহাকাশ পৰিভ্ৰমণৰ ক্ষেত্ৰত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ (ইছৰো) সৈতে আলোচনা কৰিব ।

ইয়াৰ উপৰি তেওঁ কয়, তেওঁ ভাৰতীয় নৌসেনাৰ সৈতে তেওঁলোকৰ পৰৱৰ্তী পৰিভ্ৰমণ প্ৰচেষ্টাৰ বাবেও কাম কৰিব । তদুপৰি, তেওঁ ভাৰতৰ প্ৰথম মানৱচালিত মহাকাশ অভিযানত ইছৰোক সহায় কৰিব ।

"একে সময়তে সাগৰ আৰু মহাকাশ পৰিভ্ৰমণৰ বাবে পৰামৰ্শ লৈ আনন্দিত হৈছোঁ । দুয়োটায়ে মোৰ হৃদয়ৰ অতি নিকটাত্মীয় । সঁচাকৈয়ে দুঃসাহসিক অভিযানৰ এক অজ্ঞাত ফলাফল আছে । #gaganyaan ." তেওঁ টুইট কৰে ।

উল্লেখ্য যে ইছৰোৰ অভিলাষী প্ৰকল্প গগনযানে তিনিজন সদস্যৰ এটা দলক ৩ দিনৰ বাবে ৪০০ কিলোমিটাৰ কক্ষপথলৈ উৎক্ষেপণ কৰি আৰু সাগৰৰ পানীত অৱতৰণ কৰি তেওঁলোকক সুৰক্ষিতভাৱে পৃথিৱীলৈ ঘূৰাই আনি মানৱ মহাকাশ যাত্ৰা ক্ষমতা প্ৰদৰ্শন কৰাৰ পৰিকল্পনা কৰিছে । টমীয়ে চলিত বছৰৰ এপ্ৰিলত সন্মানীয় গ'ল্ডেন গ্লোব ৰেচ, ২০২২ সম্পূৰ্ণ কৰা প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা কৰিছিল ।

ভাৰতীয় নৌসেনাৰ অৱসৰপ্ৰাপ্ত বিষয়াজনে ফ্ৰান্সৰ লেছ চেবলছ-ডি'অ'লনৰ পৰা ২০২২ চনৰ ৪ ছেপ্টেম্বৰত আৰম্ভ হোৱা একক বিশ্ব নৌ-যাত্ৰা প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ কৰে । ইয়াৰ পূৰ্বে তেওঁ ২০১৮ চনত গ'ল্ডেন গ্লোবৰ ৫০ সংখ্যক বাৰ্ষিকী সংস্কৰণত অংশগ্ৰহণ কৰিছিল । কিন্তু সেই বছৰৰ দৌৰত তৃতীয় স্থানত থকা অৱস্থাত তেওঁ দুৰ্ঘটনাত পতিত হৈছিল ।

ধুমুহাৰ ফলত তেওঁৰ নাওখন ক্ষতিগ্ৰস্ত হৈছিল । মাজ সাগৰত ৮২ দিন সফলতাৰে কটোৱাৰ পিছত দুৰ্ভাগ্যজনক ঘটনাটোত তেওঁ মেৰুদণ্ডত গুৰুতৰ আঘাত পাইছিল । জটিল আন্তঃৰাষ্ট্ৰীয় প্ৰচেষ্টাৰ পিছত টমীক উদ্ধাৰ কৰা হৈছিল ।

লগতে পঢ়ক :Chandrayaan 3: চন্দ্ৰযানৰ স্বয়ংক্ৰিয় অৱতৰণ ক্ৰম আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.