ETV Bharat / bharat

Army vehicle catches fire: কাশ্মীৰত জীৱন্তে অগ্নিদগ্ধ ৪ সেনা জোৱান

ভাৰতীয় সেনাৰ বাহনত অগ্নি সংযোগ (Army truck catches fire)। অগ্নিদগ্ধ হৈ মৃত্যু ৪ গৰাকী জোৱানৰ । সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ অব্যাহত থকা অঞ্চলটোত এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

Army truck catches fire
জীৱন্তে অগ্নিদগ্ধ ৪ সেনা জোৱান
author img

By

Published : Apr 20, 2023, 6:02 PM IST

Updated : Apr 20, 2023, 6:09 PM IST

নেশ্যনেল ডেস্ক,২০ এপ্ৰিল : জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত শোকাবহ ঘটনা । সেনাৰ চলন্ত বাহনত অগ্নি সংযোগ । জীৱন্তে অগ্নিদগ্ধ ৪ গৰাকী সেনা জোৱান (4 Jawan death after catches fire)। বৃহস্পতিবাৰে জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ ধুৰিয়ান অঞ্চলত সংঘটিত হয় এই মৰ্মান্তিক ঘটনাটো । এই ঘটনাৰ পাছতে দেশজুৰি শোকাকুল পৰিৱেশে বিৰাজ কৰিছে । সূত্ৰৰ মতে এই ঘটনাত সন্ত্ৰাসবাদী জড়িত থকাৰ সন্দেহ কৰা হৈছে । অৱশ্যে সেয়া এতিয়ালৈ নিশ্চিত হোৱা নাই ।

ঘটনাৰ পাছতে আৰক্ষী আৰু সেনাৰ উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হয় । অগ্নি সংযোগ হোৱা সেনাৰ বাহনৰ পৰা জোৱানসকলক উদ্ধাৰ কৰা হয় । সূত্ৰৰ মতে, দুৰ্ঘটনাটোৰ আদালতৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে । কিন্তু সেনাৰ বাহনখনত কেনেদৰে অগ্নি সংযোগ হ'ল সেয়া এতিয়াও পোহৰলৈ অহা নাই । ঘটনাক লৈ ৰহস্যৰ সৃষ্টি হৈছে ।

উল্লেখ্য যে পুঞ্চ এখন সীমান্তৱৰ্তী জিলা যাৰ বাবে নিৰাপত্তা বেষ্টনী শক্তিশালী কৰা হৈছে (Jammu and Kashmir fire)। অৱশ্যে তাৰ মাজতে অঞ্চলটোত সন্ত্ৰাসবাদীৰ কাৰ্যকলাপো অব্যাহত আছে । এই মাহৰ আৰম্ভণিতে, সেনাই নিয়ন্ত্ৰণ ৰেখাৰ সমীপৰ পুঞ্চ খণ্ডত এক বৃহৎ অনুপ্ৰৱেশৰ প্ৰচেষ্টা বিফল কৰিছিল । বিবৃতি অনুসৰি, ৮-৯ এপ্ৰিলৰ মাজনিশা জম্মু-কাশ্মীৰৰ পুঞ্চ চেক্টৰত এলঅ'চিত নিয়োজিত সেনাই কিছুমান ব্যক্তিৰ সন্দেহজনক গতিবিধি লক্ষ্য কৰে ।

ব্যক্তিসকলক ভাৰতীয় সেনাই এলঅ'চিত বাধা প্ৰদান কৰে । সেনা আৰু অনুপ্ৰেৱশকাৰীৰ মাজত সংঘৰ্ষ হোৱাও দেখা যায় । এই সংঘৰ্ষত এটা অনুপ্ৰৱেশকাৰী নিহত হয় আৰু বাকীসকলে পলায়ন কৰে ।

ইয়াৰ পূৰ্বে, মাৰ্চ মাহত সেনাই জম্মু-কাশ্মীৰ আৰক্ষীৰ সৈতে এক যুটীয়া অভিযানত টাংধাৰ চেক্টৰত এলঅ'চিৰ কাষত অনুপ্ৰৱেশৰ প্ৰচেষ্টা বিফল কৰে আৰু এজন সন্ত্ৰাসবাদীক নিষ্ক্ৰিয় কৰে । ঘটনাস্থলীৰ পৰা ২০০ ৰাউণ্ডতকৈও অধিক এ.কে ৰাইফল ৰাউণ্ড, তিনিটা মেগজিন, দুটা চীনত নিৰ্মিত গ্ৰেনেড, ড্ৰাগছ আৰু খাদ্য সামগ্ৰী উদ্ধাৰ কৰে ।

লগতে পঢ়ক :Indian climber Anurag Maloo rescued: ৩ দিনৰ অন্তত পৰ্বতাৰোহী অনুৰাগ মালুক উদ্ধাৰ

Last Updated : Apr 20, 2023, 6:09 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.