নেশ্যনেল ডেস্ক,১৭ জুন: ৰাছিয়াৰ স্পুটনিক ভি প্ৰতিষেধক ভাৰতৰ আৰু ৯ খন চহৰত উপলব্ধ হ'ব । ভাৰতৰ বেঙ্গালুৰু,মুম্বাই,চেন্নাই,বিশাখাপট্টনম, বাড্ডি, কোলহাপুৰ আৰু মিৰ্জালাগুদা চহৰত উপলব্ধ হ'ব এই প্ৰতিষেধক । স্পুটনিক ভি টুইটাৰ একাউণ্টত প্ৰকাশ কৰা হৈছে এই কথা ৷
প্ৰতিষেধক বিধৰ স্থানীয় বিতৰণ কোম্পানী ড০ ৰেড্ডীয়েও বৃহস্পতিবাৰে এক বিজ্ঞপ্তিযোগে এই কথা সদৰি কৰে । প্ৰথম অৱস্থাত ইয়াক কেৱল হায়দৰাবাদতহে মুকলি কৰা হৈছিল । হায়দৰাবাদস্থিত ড০ ৰেড্ডীৰ লেবৰেটৰীয়ে ভাৰতত দুটা পালিৰ প্ৰতিষেধক আৰম্ভ কৰাৰ বাবে ৰাছিয়ান ডাইৰেক্ট ইনভেষ্টমেণ্ট ফাণ্ডৰ (RDIF) সৈতে অংশীদাৰীত্ব কৰিছে । এপ'ল' হাস্পতাল আৰু ডাঃ ৰেড্ডীৰ গৱেষণাগাৰৰ দ্বাৰা স্পুটনিক ভি ৰোল আউটৰ প্ৰথম পৰ্যায়টো ১৭ মে'ত হায়দৰাবাদত আৰু ১৮ মে'ত বিশাখাপট্টনমত পাইলট ভিত্তিত আৰম্ভ হৈছিল ।
এপ'ল' চিকিৎসালয়ৰ উপৰিও, ভেকছিনটো হায়দৰাবাদত কণ্টিনেণ্টেল হাস্পতালত(Continental Hospital) উপলব্ধ । কেন্দ্ৰীয় চৰকাৰে জাৰী কৰা মূল্য নিৰ্ধাৰণ সূচী অনুসৰি ব্যক্তিগত চিকিৎসালয়ত স্পুটনিক ভিৰ প্ৰতিটো পালিৰ মূল্য ১,১৪৫ টকাত সীমাবদ্ধ কৰা হৈছে । ইয়াৰ পূৰ্বে ১০ জুনত আৰডিআইএফে ঘোষণা কৰিছিল যে বাহৰেইনৰ স্বাস্থ্য মন্ত্ৰালয়ৰ দ্বাৰা টিকাকৰণ অভিযানৰ সময়ত স্পুটনিক ভি ভেকছিনৰ কাৰ্যকাৰীতা ৯৪.৩ শতাংশ হ'ব বুলি অনুমান কৰা হৈছে ।
লগতে পঢ়ক:দিল্লী হিংসা:কাৰাবন্দী তিনি অভিযুক্ত শিক্ষাৰ্থীক মুক্তিৰ নিৰ্দেশ আদালতৰ