ETV Bharat / bharat

RTI Report : এতিয়াও চৰকাৰী মিণ্টৰ পৰা 88,032 কোটি টকাৰ নতুন 500 টকীয়া নোট লাভ কৰা নাই ৰিজাৰ্ভ বেংকে

আৰ টি আই তথ্যত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য ৷ বৰ্তমানলৈকে চৰকাৰী মিণ্টৰ পৰা 8,810.65 কোটি টকাৰ নতুনকৈ মুদ্ৰণ কৰা 500 টকাৰ ভিতৰত ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই লাভ কৰিছে মাত্ৰ 7260 কোটি টকা ৷ লগতে প্ৰতিবেদনখনত দাবী কৰা হৈছে যে 1550 কোটিতকৈও অধিক 500 টকীয়া নোট এতিয়াও ৰিজাৰ্ভ বেংকলৈ ঘূৰি অহা নাই ৷ অধিক বিৱৰণৰ বাবে পঢ়ক...

rti-reveals-notes-missing-failed-to-reach-rbi-from-mints
88,032 কোটি টকাৰ নতুন 500 টকীয়া নোট লাভ কৰা নাই ৰিজাৰ্ভ বেংকে
author img

By

Published : Jun 17, 2023, 10:33 PM IST

নিউজ ডেস্ক, 17 জুন : এক RTI অৰ্থাৎ তথ্য জনাৰ অধিকাৰ আইনৰ উত্তৰ প্ৰতিবেদনত পোহৰলৈ আহিছে কিছু চাঞ্চল্যকৰ তথ্য ৷ প্ৰতিবেদনমতে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ভাণ্ডাৰত থাকিব লগা 88,000 কোটি টকাৰ অধিক মূল্যৰ 500 নোট হেৰুৱাৰ হেৰুৱাৰ এক ভয়ংকৰ তথ্য উন্মোচন হৈছে ৷ এফপিজেৰ প্ৰতিবেদন অনুসৰি, মনোৰঞ্জন ৰয়ে দাখিল কৰা এক আৰটিআইৰ উত্তৰে প্ৰকাশ কৰিছে যে বাংগালুৰু, নাছিক আৰু দেৱাছত অৱস্থিত তিনিটা চৰকাৰী মিণ্টে 500 টকাৰ মুদ্ৰাৰ 8,810.65 নিযুত নোট প্ৰকাশ কৰিছে ৷ কিন্তু ৰিজাৰ্ভ বেংকে লাভ কৰিছিল মাত্ৰ 7,260 নিযুত নোট ৷ অৰ্থাৎ RBIয়ে 1550.65 নিযুত নোট কম লাভ কৰিছিল ৷

  • World's Biggest Highway Robbery??

    Gov mint printed 8,810.65Miln pieces of new Rs500 note, but RBI received only 7260Miln

    Over 1550Miln pieces of Rs500 notes are missing in transit! 🤔

    Add 210M pieces printed by Nashik mint btwn Apr15-Mar16 & a Staggering Rs88K cr missing !! pic.twitter.com/nbNLaIkwVx

    — Palak Shah (@palakshahjourno) June 17, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

যোৱা মাহত এক আৰটিআই উত্তৰত, আৰবিআইয়ে এপ্ৰিল 2015-মাৰ্চ 2016-ৰ ভিতৰত নাছিক মিণ্টৰ দ্বাৰা প্ৰকাশিত 500 টকাৰ মুদ্ৰা নোটৰ 210 নিযুত গ্ৰহণ কৰিবলৈ অসন্মতি প্ৰকাশ কৰে ৷ এফপিজে প্ৰতিবেদনত লগতে উল্লেখ কৰা হৈছে যে যদি পূৰ্বে হেৰুওৱা 1550.65 নিযুত নোটত এই 210 নিযুত যোগ দিয়া হয়, তেন্তে কোনো সন্ধান নোহোৱাকৈ 1760.65 নিযুত টকাৰ 500 টকাৰ মুদ্ৰা নোট আছে ৷ 1760.65 নিযুতক 500 টকাৰে পূৰণ কৰিলে ইয়াৰ মুঠ পৰিমাণ হ’ব 88,032.5 কোটি টকা ৷

এফ.পি.জে. প্ৰতিবেদন অনুসৰি, ৰয়ে 500 টকাৰ নোটৰ স্থিতি জানিবলৈ আৰ.বি.আই.ৰ ওচৰত এক আৰ.টি.আই. প্ৰশ্ন দাখিল কৰিছিল ৷ আৰবিআইয়ে ইয়াৰ উত্তৰত কৈছিল যে নাছিক মিণ্টে নতুনকৈ ডিজাইন কৰা 500 টকাৰ 375.450 নিযুত নোট মুদ্ৰণ কৰিছিল, কিন্তু আৰবিআইৰ ৰেকৰ্ডে দেখুৱাইছে যে ই এপ্ৰিল 2015 ৰ পৰা ডিচেম্বৰ 2016-ৰ ভিতৰত কেৱল 345 নিযুতখন নোট লাভ কৰিছিল ৷

যোৱা মাহত আন এটা আৰটিআই উত্তৰত, নাছিক প্ৰিণ্টিং প্ৰেছে কয় যে 2015-2016 বিত্তীয় বৰ্ষৰ বাবে (এপ্ৰিল 2015-মাৰ্চ 2016), ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ হিচাপে ৰঘুৰাম ৰাজনৰ কাৰ্যকালত আৰবিআইক 210.000 নিযুত টকাৰ 500 টকীয়া নোট যোগান ধৰা হৈছিল ৷ কিন্তু আৰবিআইয়ে সেই নোটবোৰ লাভ কৰা নাছিল ৷

তথ্য অনুসৰি বেংগালুৰুস্থিত মিণ্টে 500 টকাৰ 5,195.65 নিযুত নোট যোগান ধৰিছিল, আনহাতে দেৱাচৰ বেঙ্ক নোট প্ৰেছে 2016-2017 চনত আৰবিআইক 1,953.000 নিযুত টুকুৰা যোগান ধৰিছিল। এফ.পি.জে.য়ে জনাই যে তিনিটা মিণ্টৰ পৰা জাৰী কৰা মুঠ 8810 নিযুত নোটৰ ভিতৰত, আৰ.বি.আই.-য়ে নতুনকৈ ডিজাইন কৰা 500 টকাৰ নোটৰ মাত্ৰ 7,260 খনহে লাভ কৰিছে ৷ কিন্তু মূদ্ৰণ হোৱা নোটসমূহ কিদৰে আৰ বি আইয়ে লাভ নকৰিলে তাকে লৈ এতিয়া বিভিন্ন প্ৰশ্ন উত্থাপন হোৱাৰ লগতে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷

লগতে পঢ়ক: Bonds planning : বণ্ড হৈছে মাহিলী উপাৰ্জনৰ বাবে এক সৰ্বশ্ৰেষ্ঠ বিনিয়োগৰ পৰিকল্পনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.