ETV Bharat / bharat

COVID-১৯ ৰ প্ৰতিষেধক গ্ৰহণ কৰিলে ৰতন টাটাই - ৰতন টাটা

শনিবাৰে COVID-১৯ ৰ প্ৰতিষেধকৰ প্ৰথম খোৰাক গ্ৰহণ কৰিলে টাটা গ্ৰুপৰ অধ্যক্ষ ৰতন টাটাই । যোৱা ১২ মাৰ্চলৈকে প্ৰতিষেধকৰ প্ৰায় ২,৮২,১৮,৪৫৭ টা খোৰাক দেশৰ ভিন্ন প্ৰান্তৰ লোকক প্ৰদান কৰা হৈছে । ইয়াৰে ২০,৫৩,৫৩৭ টা খোৰাক শুকুৰবাৰে প্ৰদান কৰা হয় ।

COVID-১৯ৰ প্ৰতিষেধক গ্ৰহণ কৰিলে ৰতন টাটাই

author img

By

Published : Mar 13, 2021, 8:55 PM IST

নেশ্যনেল ডেস্ক,১৩ মাৰ্চ: টাটা গ্ৰুপৰ অধ্যক্ষ ৰতন টাটাই শনিবাৰে COVID-১৯ ৰ প্ৰতিষেধকৰ প্ৰথম খোৰাক গ্ৰহণ কৰে । টীকাকৰণৰ সম্পন্ন হোৱাৰ পিছত তেওঁ কয় যে, প্ৰতিষেধক গ্ৰহণ কৰাৰ সময়ত কোনো ধৰণৰ বিষ অনুভৱ হোৱা নাই । টুইটযোগে তেওঁ কয় যে, COVID-১৯ ৰ প্ৰতিষেধকৰ প্ৰথম খোৰাক গ্ৰহণ কৰিবলৈ পাই মই কৃতজ্ঞ । ভৱিষ্যতে সকলোৱে প্ৰতিষেধক লাভ কৰিব আৰু সুৰক্ষিত হ'ব বুলি আশা ব্যক্ত কৰে উদ্যোগপতিগৰাকীয়ে ।

উল্লেখ্য যে, যোৱা ১২ মাৰ্চলৈকে প্ৰতিষেধকৰ প্ৰায় ২,৮২,১৮,৪৫৭ টা খোৰাক দেশৰ ভিন্ন প্ৰান্তৰ লোকক প্ৰদান কৰা হৈছে । ইয়াৰে ২০,৫৩,৫৩৭টা খোৰাক শুকুৰবাৰে প্ৰদান কৰা হয় । ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ তথ্য অনুসৰি, শুকুৰবাৰে পৰীক্ষা কৰা ৮,৪০,৬৩৫ টা নমুনাসহ যোৱা ১২ মাৰ্চলৈকে দেশত ২২,৫৮,৩৯,২৭৩ টা নমুনা পৰীক্ষা কৰা হৈছে । যোৱা ২৪ ঘণ্টাত নতুনকৈ আক্ৰান্ত হোৱা ১৫,৮১৭ জন লোকসহ মহাৰাষ্ট্ৰ দেশৰ আটাইতকৈ বেছি মহামাৰী সংক্ৰমণ হোৱা ৰাজ্যসমূহৰ ভিতৰত শীৰ্ষস্থানত আছে ।

ৰাজ্যখনত সক্ৰিয় ঘটনাৰ মুঠ সংখ্যা হৈছে ১,১০,৪৮৫ আৰু মৃত্যুৰ সংখ্যা ৫২,৭২৩ জন । ভাৰতত যোৱা ১৬ জানুৱাৰীত প্ৰথম পৰ্যায়ৰ টীকাকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল আৰু সকলো স্বাস্থ্য সেৱা আৰু আগশাৰীৰ কৰ্মীসকলৰ টীকাকৰণ সম্পন্ন কৰা হৈছিল । দ্বিতীয় পৰ্যায়ৰ টীকাকৰণ যোৱা ১ মাৰ্চত আৰম্ভ হৈছিল, য'ত ৬০ বছৰতকৈ অধিক বয়সৰ লোক আৰু আন ৰোগ থকা ৪৫-৫৯ বছৰ বয়সৰ লোকক প্ৰতিষেধক প্ৰদান কৰা হৈছে । জুলাইৰ ভিতৰত COVID-১৯ৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে ৩০ কোটি লোকক প্ৰতিষেধক প্ৰদান কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে ।

লগতে পঢ়ক: বিবাহথলীত ৰক্তদান...কিন্তু কিয় !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.