ETV Bharat / bharat

বেংগালুৰুত 'Veterans' দিৱসত উপস্থিত থাকিব ৰাজনাথ সিং - বিপিন ৰাৱাট

বৃহস্পতি বাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অংশগ্ৰহণ কৰিব সশস্ত্ৰ বাহিনীৰ ভেটেৰানচ দিৱস উপলক্ষে আয়োজিত এক অনুষ্ঠানত ৷ প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীৰ সৈতে এই অনুষ্ঠানত উপস্থিত থাকিব চীফ অৱ ডিফেঞ্চ ষ্টাফ জেনেৰেল বিপিন ৰাৱাট ৷

'Veterans' দিৱসত উপস্থিত থাকিব ৰাজনাথ সিং

author img

By

Published : Jan 14, 2021, 9:37 AM IST

নেশ্যনেল ডেস্ক,14 জানুৱাৰী : সশস্ত্ৰ বাহিনীৰ ভেটেৰানচ দিৱসৰ সৈতে সংগতি ৰাখি বেংগালুৰুত আয়োজিত এক অনুষ্ঠানত আজি অংশগ্ৰহণ কৰিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷ প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীৰ সৈতে এই অনুষ্ঠানত উপস্থিত থাকিব চীফ অৱ ডিফেঞ্চ ষ্টাফ জেনেৰেল বিপিন ৰাৱাট ৷

প্ৰতিৰক্ষা বিভাগৰ এক বিবৃতিত প্ৰকাশ পোৱা এক তথ্য অনুসৰি, ৰাজনাথ সিং আৰু বিপিন ৰাৱাটে অংশগ্ৰহণ কৰা এই অনুষ্ঠানত দেশৰ সুৰক্ষাৰ বাবে জীৱন ত্যাগ কৰা সাহসী সকলক সন্মান প্ৰদৰ্শন কৰা হ'ব ৷ বেংগালুৰুৰ বায়ু সেনা বাহিনীৰ ষ্টেচনত অনুষ্ঠিত হ'ব এই ভেটেৰানচ দিৱস ৷

উল্লেখ্য যে, 1953চনৰ 14জানুৱাৰীত অৱসৰ লোৱা ভাৰতীয় সেনাৰ প্ৰথম কমাণ্ডাৰ ইন-চীফ-ফিল্ড মাৰ্শ্বেল কে.এম.কেৰিয়াপ্পাক দেশৰ সেৱাৰ ক্ষেত্ৰত নিৰলস ভাৱে কৰি যোৱা ত্যাগৰ বাবে প্ৰদান কৰা হৈছিল এক বিশেষ সন্মান ৷ আনকি এই দিনটোতে অৰ্থাৎ 1973চনৰ 14 জানুৱাৰীত নিজ কৰ্মৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল এই গৰাকী ব্যক্তিয়ে ৷ কেৰিয়াপ্পা(1899-1993)কৰ্ণাটকৰ কোৰগ(কোডাগু)ৰ বাসিন্দা আছিল ৷

অন্য এক খবৰৰ: গুৱাহাটীত নিৰ্বাচনী আয়োগৰ বিষয়াৰ সমীক্ষামূলক বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.