ETV Bharat / bharat

ছাত্ৰৰ দাঁত ভাঙি শিক্ষক আটক

author img

By

Published : Aug 19, 2022, 9:04 PM IST

উদয়পুৰৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত শিক্ষকে কৰা প্ৰহাৰত ভাঙি গ’ল ছাত্ৰৰ আগ দাঁত (Private School Teacher Hits Student) ৷ শিক্ষকে শ্ৰেণী কোঠাত আন এজন ছাত্ৰক সোধা এটা প্ৰশ্নৰ উত্তৰ আগতীয়াকৈ দিয়াৰ বাবেই এইদৰে ছাত্ৰজনক প্ৰহাৰ কৰা বুলি জানিব পৰা গৈছে (Udaipur Private School Teacher news)৷

Udaipur Private School Teacher
Udaipur Private School Teacher

নিউজ ডেস্ক, 19 আগষ্ট: ৰাজস্থানৰ উদয়পুৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ ছাত্ৰক প্ৰহাৰ কৰি আটক হ’ল শিক্ষক (Teacher detained for beating student) ৷ সামান্য কথাতে শিক্ষকে কৰা প্ৰহাৰত ভাঙি গ’ল ছাত্ৰজনৰ আগ দাঁত (Teacher breaks students teeth)৷ জালোৰত শিক্ষকৰ প্ৰহাৰত এজন দলিত সম্প্ৰদায়ৰ ছাত্ৰ গুৰুতৰভাৱে আহত হৈ পাচত মৃত্যু বৰণ কৰাৰ এদিনৰ পাচতেই উদয়পুৰত সংঘটিত হৈছে এই ঘটনা (Jalore Student Death Case) ৷ শিক্ষকে শ্ৰেণী কোঠাত আন এজন ছাত্ৰক সোধা এটা প্ৰশ্নৰ উত্তৰ আগতীয়াকৈ দিয়াৰ বাবেই এইদৰে ছাত্ৰজনক প্ৰহাৰ কৰা বুলি জানিব পৰা গৈছে ৷

আৰক্ষী সূত্ৰই জনোৱা মতে, উদয়পুৰৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত এই ঘটনা সংঘটিত হৈছে ৷ ভুক্তভোগী ছাত্ৰজনে তেওঁক নোসোধা এটা প্ৰশ্নৰ উত্তৰ দিছিল শিক্ষকজনক ৷ তেতিয়া শিক্ষকজনে ছাত্ৰজনৰ মূৰটো টেবুলত খুন্দিয়াই দিয়ে (Teacher slammed student head on table) ৷ ফলত ছাত্ৰজনৰ আগদাত দুটা ভাগি যায় ৷ এই ঘটনাৰ পাচতে ছাত্ৰজনৰ অভিভাৱকে শিক্ষকজনৰ বিৰুদ্ধে এটা গোচৰ দাখিল কৰে থানাত ৷

ছাত্ৰজনৰ দেউতাকে অভিযোগটোত কয় যে, হিন্দী শিক্ষক কমলেশ বৈষ্ণৱে আন এজন ছাত্ৰক এটা প্ৰশ্ন সুধিছিল ৷ তেনে সময়তে, ভুক্তভোগী ছাত্ৰজনে ইয়াৰ উত্তৰ প্ৰদান কৰে ৷ এই কথাত খৰ্গহস্ত হৈ ছাত্ৰজনৰ মূৰটো টেবুলত ঠেকেচি দিয়ে শিক্ষক বৈষ্ণৱে ৷ যাৰ ফলত দুয়োটা আগ দাঁত ভাগি যায় ছাত্ৰজনৰ ৷ ইতিমধ্যে অভিযুক্ত শিক্ষকজনক আটক কৰিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক:তাচ পাতৰ দৰে খহি পৰিল চাৰিমহলীয়া অট্টালিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.