ETV Bharat / bharat

উত্তৰাখণ্ডত ক্ৰমাৎ হ্ৰাস পাইছে বনজুইৰ প্ৰকোপ

author img

By

Published : Apr 7, 2021, 7:27 PM IST

বৃষ্টিপাতৰ ফলত ক্ৰমাৎ হ্ৰাস পাইছে উত্তৰাখণ্ডৰ বিস্তীৰ্ণ অৰণ্যত বিয়পি পৰা বনজুইৰ প্ৰকোপ । শীঘ্ৰেই বনজুই নিৰ্বাপিত হোৱাৰ আশা প্ৰকাশ কৰিছে বন বিভাগে ।

বৰষুণৰ ফলত উত্তৰাখণ্ডত ক্ৰমাৎ হ্ৰাস পাইছে বনজুইৰ প্ৰকোপ

নেশ্যনেল ডেস্ক, ৭ এপ্ৰিল: বিগত এসপ্তাহে উত্তৰাখণ্ডত বিধ্বংসী ৰূপ ধাৰণ কৰা বনজুই ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰিছে । মঙলবাৰে নিশা আৰু বুধবাৰে পুৱা ৰাজ্যখনৰ কেইবাটাও স্থানত বৃষ্টিপাত হৈছিল । ফলত জুই নুমুওৱাৰ ক্ষেত্ৰত সহায়ক হৈছিল । বনজুই সন্দৰ্ভত ৰাজ্যিক বন বিভাগৰ ন'ডেল বিষয়া মান সিঙে কয় যে, "যোৱা নিশা বৰষুণ হোৱাৰ পিছত বনজুইৰ প্ৰকোপ হ্ৰাস পাইছে আৰু শীঘ্ৰে জুই নিৰ্বাপিত হ'ব ।

খৰাং বতৰ আৰু বনজুয়ে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰাৰ মাজতে বতৰ বিজ্ঞান বিভাগে মঙলবাৰে ঘোষণা কৰিছিল যে, আগন্তুক দুটা দিনত বৰষুণ হোৱাৰ সম্ভাৱনা আছে । ইফালে, বায়ু সেনাৰ এমআই-১৭ হেলিকপ্টাৰেৰে তেহৰি আৰু পাউৰী জিলাৰ বনাঞ্চলত পানী ছটিয়াই জুই নুমুওৱাৰ চেষ্টা অব্যাহত ৰাখিছে । ধোঁৱাই আৱৰি থকা স্বত্বেও প্ৰতিটো উৰণতে হেলিকপ্টাৰেৰে ৪-৫ হাজাৰ লিটাৰ পানী ছটিওৱা হৈছিল ।

বিগত ৩৬ ঘণ্টাত, বনজুইৰ ফলত পাহাৰীয়া ৰাজ্যখনৰ ১০৫ হেক্টৰ বনাঞ্চল ধ্বংস হৈছে আৰু ৭৫টা নতুন স্থানত অগ্নিকাণ্ড সংঘটিত হৈছে । আৰক্ষী সঞ্চালক প্ৰধান অশোক কুমাৰে কয় যে, ৰাজ্যিক আৰক্ষীয়েও পৰিস্থিতি নিয়ন্ত্ৰণত সহায় কৰি আছে ।

বন বিভাগৰ ১২,০০০তকৈও অধিক কৰ্মীয়ে জুই নুমুৱাবলৈ চেষ্টা অব্যাহত ৰাখিছে । ইয়াৰ উপৰিও, স্থানীয় লোকসকলেও সহায় কৰিছে । গ্ৰীষ্মকালত বনজুই সংঘটিত হোৱাতো প্ৰাকৃতিক ঘটনা বুলি তেওঁ মন্তব্য কৰে । অৱশ্যে বহু দিন ধৰি বৰষুণ নোহোৱাৰ ফলতে বনজুই এসপ্তাহ ধৰি জ্বলিয়েই আছে ।

লগতে পঢ়ক:ভাৰত-বাংলাদেশৰ সম্পৰ্ক হ'ব দুয়োখন দেশৰে সহায়ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.