ETV Bharat / bharat

Raghav Chadha on ED Charge Sheet: ইডিৰ কোনো অভিযোগনামাত ৰাঘৱ চাড্ডাৰ নাম নাই, ভুল বাতৰি প্ৰচাৰৰ অভিযোগ - Delhi liquor case

আম আদমি পাৰ্টীৰ সাংসদ ৰাঘৱ চাড্ডাই দিল্লী সুৰা কেলেংকাৰীত তেওঁৰ নাম অহাৰ বিষয়ত নিজৰ স্থিতি প্ৰকাশ কৰিছে । "দেশৰ বহুতো সংবাদ প্ৰতিষ্ঠানে মঙলবাৰে তেওঁলোকৰ চেনেলত দিল্লী সুৰা কেলেংকাৰীৰ গোচৰত মোৰ নাম প্ৰকাশ হোৱাৰ বিষয়ে বাতৰি চলাই আছে । এইটো একেবাৰে ভুল ।" তেওঁ কয় (Raghav Chadha denies name in ED charge sheet) ।

Raghav Chadha on ED Charge Sheet
Raghav Chadha on ED Charge Sheet
author img

By

Published : May 2, 2023, 7:08 PM IST

নিউজ ডেস্ক, ২ মে' : আম আদমি পাৰ্টীৰ (AAP) ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাড্ডাই মঙলবাৰে ইডিৰ অভিযোগনামাত অভিযুক্ত হিচাপে তেওঁৰ নাম উল্লেখ কৰা কথাটো অস্বীকাৰ কৰিছে (Raghav Chadha denies name in ED charge sheet) । "পুৱাৰে পৰা সংবাদ মাধ্যমবোৰে বাতৰি প্ৰকাশ কৰি আহিছে যে, ইডিয়ে আদালতত দাখিল কৰা অভিযোগনামাত মোৰ নাম অভিযুক্ত হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে । এই বাতৰিটো সম্পূৰ্ণৰূপে মিছা ।" আপৰ যুৱনেতাজনে নিজৰ স্পষ্টীকৰণত কয় (Raghav Chadha on ED Charge Sheet) ।

"ইডিৰ দ্বাৰা চলাই থকা সমগ্ৰ আবকাৰী নীতিৰ গোচৰৰ তদন্তত এতিয়ালৈকে কোনো অভিযোগনামাত মোৰ নাম অভিযুক্ত, সাক্ষী বা আন কোনো প্ৰকাৰে অন্তৰ্ভুক্ত কৰা হোৱা নাই (Delhi liquor case) । সেয়েহে মই সকলো সংবাদ প্ৰতিষ্ঠানক হাতযোৰ কৰি অনুৰোধ জনাইছোঁ যে, পুৱাৰে পৰা মোৰ বিষয়ে চলি থকা বাতৰিটো ভুল (Raghav Chadha name in Delhi liquor case) । সংবাদ প্ৰতিষ্ঠানবোৰে উক্ত প্ৰতিবেদনবোৰ তথ্যগতভাৱে শুদ্ধভাৱে চলাব লাগে । অন্যথা এই সংবাদ প্ৰতিষ্ঠানবোৰৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'বলৈ বাধ্য কৰোৱা হ'ব ।" তেওঁ কয় ।

"বাতৰিটো চলোৱাৰ পূৰ্বে অন্তত মোৰ পৰা জানি লোৱাটো উচিত আছিল । কিন্তু তেনে ধৰণৰ একো নকৰাকৈয়ে একপক্ষীয় বাতৰি চলোৱাটোৱে মোৰ ভাবমূৰ্তি কলুষিত কৰি তুলিছে । ৰাজহুৱা জীৱনত এজন ব্যক্তিয়ে তেওঁৰ প্ৰতিচ্ছবি গঢ়ি তুলিবলৈ যথেষ্ট কঠোৰ পৰিশ্ৰম কৰিবলগা হয় । নিজৰ প্ৰতিচ্ছবিখন সৃষ্টি কৰাটো বহুত কঠিন ।" চাড্ডাই লগতে কয় । চাড্ডাই আৰু কয় যে বিগত এবছৰ ধৰি ১,০০০-তকৈও অধিক বিষয়া আবকাৰী নীতিৰ গোচৰৰ তদন্তত নিয়োজিত হৈ আছে । এই লোকসকলে ৪০০-তকৈও অধিক ঠাইত অভিযান চলাইছে । অৱশ্যে তথাকথিত ১,০০০ কোটি টকাৰ কেলেংকাৰীৰ এটা টকাও উদ্ধাৰ কৰা হোৱা নাই । কাৰণ প্ৰকৃততে কেলেংকাৰীটো সংঘটিত হোৱাই নাই । এইটো কেৱল বিজেপিৰ মনসজা এটা কেলেংকাৰী ।

উল্লেখ্য, বিজেপিয়ে অৰবিন্দ কেজৰিৱাল আৰু তেওঁৰ দলক শাসনৰ পৰা আঁতৰাব বিচাৰে বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী কেজৰিৱালে অভিযোগ কৰিছে । সেইকাৰণে অৰবিন্দ কেজৰিৱালৰ প্ৰতিজন সৈনিকক হাৰাশাস্তি কৰা হৈছে । ইডিয়ে মণীষ ছিছোডিয়াৰ লকাৰ আৰু তেওঁৰ আত্মীয়সকলৰ বেংক একাউণ্টৰ পৰা আদি কৰি সকলো চলাথ কৰিছে । কিন্তু তেওঁলোকে এটা পইচাও বিচাৰি পোৱা নাই ।

অৰবিন্দ কেজৰিৱালেই হৈছে বিজেপিৰ একমাত্ৰ কাল, সেয়েহে বিজেপিৰ একমাত্ৰ লক্ষ্য হৈছে আম আদমি পাৰ্টী আৰু অৰবিন্দ কেজৰিৱালক যিকোনো প্ৰকাৰে আঁতৰ কৰা । ইয়াৰ বাবে ইডি আৰু চিবিআই বিষয়াসকলক পোনপটীয়াকৈ হেঁচা দিয়া হৈছে । কিন্তু আপ হৈছে আন্দোলনৰ পৰা জন্ম গ্ৰহণ কৰা এটা দল, আমি চাৰ্জ শ্বীটৰ দৰে পত্ৰিকাক ভয় নকৰোঁ । এই ব্যাখ্যা ৰাঘৱ চাড্ডাৰ ।

লগতে পঢ়ক :Delhi Liquor Scam : দিল্লী আবকাৰী কেলেংকাৰীৰ পৰিপূৰক অভিযোগনামাত ৰাঘৱ চাড্ডাৰ নাম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.