ETV Bharat / bharat

প্ৰসংগ কৃষক বিদ্ৰোহ: দিল্লী আৰক্ষীৰ সাতখনকৈ FIR ৰুজু

author img

By

Published : Jan 27, 2021, 10:59 AM IST

একাংশ প্ৰতিবাদকাৰীয়ে লালকিল্লাৰ ভিতৰত প্ৰৱেশ কৰি কৃষক ইউনিয়নৰ পতাকা উৰুৱাইছিল ৷ সম্প্ৰতি এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰখাৰ লগতে কেইবাজনো কৃষকৰ বিৰুদ্ধে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে ৷ তাৰ সমান্তৰল ভাৱে সমগ্ৰ ঘটনাৰ সৰ্ন্দভত সাত খনকৈ FIR ৰুজু কৰা হৈছে বুলি আৰক্ষীয়ে উল্লেখ কৰিছে ৷

প্ৰসংগ কৃষক বিদ্ৰোহ: দিল্লী আৰক্ষীৰ সাতখনকৈ FIR ৰুজু
প্ৰসংগ কৃষক বিদ্ৰোহ: দিল্লী আৰক্ষীৰ সাতখনকৈ FIR ৰুজু

নিউজ ডেস্ক,27জানুৱাৰী: কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ সংসদত গৃহীত কৰা তিনিখন কৃষি আইনৰ বিৰুদ্ধে বিগত প্ৰায় ডেৰ মাহতকৈ অধিক সময় প্ৰতিবাদ সাব্যস্ত কৰি আহিছে কৃষকসকলে ৷ মঙলবাৰে দেশৰ 72 তম গণৰাজ্য দিৱস কেন্দ্ৰীয় চৰকাৰে দেশৰ ৰাজধানীত উদযাপন কৰাৰ সময়তে কৃষক সকলে ট্ৰেক্টৰ ৰেলীৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷ সেই সময়তে ৰাজধানীৰ ভিতৰত প্ৰতিবাদকাৰী কৃষক সকলক প্ৰৱেশ কৰিব নিদিয়াৰ ফলতে আৰক্ষীৰ সৈতে কৃষক সকলৰ হতাহতি সৃষ্টি হোৱাৰ লগতে পৰিস্থিতিয়ে হিংসাত্মক ৰূপ লয় ৷

আনপিনে একাংশ প্ৰতিবাদকাৰীয়ে লালকিল্লাৰ ভিতৰত প্ৰৱেশ কৰি কৃষক ইউনিয়নৰ পতাকা উৰুৱাইছিল ৷ সম্প্ৰতি এই সমগ্ৰ ঘটনাৰ সৰ্ন্দভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰখাৰ লগতে কিইবাজনো কৃষকৰ বিৰুদ্ধে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে ৷ তাৰ সমান্তৰল ভাবে সমগ্ৰ ঘটনাৰ সৰ্ন্দভত সাত খনকৈ FIR ৰুজু হৈছে বুলি আৰক্ষীয়ে উল্লেখ কৰিছে ৷ তাৰে ভিতৰত দিল্লীৰ পূৱ জিলাত 3খন,3 খন দ্বাৰকা আৰু এখন চাহাদাৰা জিলাত FIR ৰুজো হৈছে আৰু অধিক FIR ৰুজু হোৱাৰ সম্ভাৱনা আছে বুলি আৰক্ষীয়ে সদৰি কৰে ৷

উল্লেখযোগ্য যে,আৰক্ষীৰ বাধা নেওচি বেৰিকেড ভাঙি লালকিল্লাত উপস্থিত হোৱাত আৰক্ষীয়ে লাঠী চালনা কৰাৰ লগতে কন্দুৱা গেছ প্ৰয়োগ কৰে ৷ কৃষক সকলক সেই স্থানৰ পৰা আঁতৰাই পঠিয়াবলৈ আৰক্ষীয়ে চেষ্টা কৰিছিল যদিও দুই পক্ষৰ মাজত সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিছিল ৷ নিয়ন্ত্ৰণৰ বাহিৰত যোৱা পৰিস্থিতিক প্ৰতিহত কৰিবলৈ আৰক্ষীয়ে চেষ্টা কৰিছিল যদিও কৃষক সকলে আৰক্ষীৰ ওপৰত জপিয়াই পৰিছিল ৷ বহু ৰাজহুৱা সম্পত্তি ধ্বংস কৰাৰ লগতে আৰক্ষীলৈ লক্ষ্য কৰি শিলাবৰ্ষণ কৰিছিল প্ৰতিবাদকাৰী কৃষকসকলে ৷ পৰিস্থিতি অতি ভয়ংকৰ হোৱাত অতিৰিক্ত সেনা মোতায়েন কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে চৰকাৰে ৷

উল্লেখ্য যে,এই হিংসাত্মক ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে দেশৰ বহু কৃষক সংগঠনৰ লগতে আন সংগঠন সমূহে ৷ এক বিবৃতিত কৃষাণ মৰ্চাই কয় যে,এই ঘটনাৰ বাবে আমি বৰ লজ্জিত ৷ হিংসাত্মক কাৰ্য আমাৰ কাম্য নহয় ৷ ইয়াৰ লগতে কৃষক সংঘইয়ো হিংসাত্মক ঘটনাৰ বিৰোধিতা কৰি কয় যে,এই ঘটনা অতি নিন্দনীয় আৰু অবাঞ্চিত ৷ সমগ্ৰ ঘটনাৰ ফলত 86 গৰাকী আৰক্ষী গুৰুতৰ ভাৱে আহত হৈ চিকিৎসাধীন হৈ আছে ৷

লগতে পঢ়কঃ গণৰাজ্য দিৱসৰ দিনাই হিংসাত্মক হৈ পৰিল লালকিল্লাৰ চৌহদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.